বালিপৰাঃ তথ্য আৰু প্ৰযুক্তি বিদ্যাই বিশ্ব খনক এখন গাঁৱলৈ ৰূপান্তৰ কৰিছে৷ এতিয়া গ্লৱেল গাঁৱত পৰিণত হৈছে সমগ্ৰ বিশ্ব৷ তাৰ সুবিধা লাভ কৰিছে আজিৰ ছাত্ৰ-ছাত্ৰীয়ে৷ ইখন দেশৰ ছাত্ৰই সিখন দেশত সহজে যোগ্যতাৰ ভিত্তিত চাকৰি লাভ কৰি আহিছে৷ গুগল, ফেচবুক দৰে জনপ্ৰিয় অনুষ্ঠানত এতিয়া বিশ্বৰ বিভিন্ন দেশৰ যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিছে৷

শেহতীয়াকৈ অসমৰ এগৰাকী যুৱকে গুগলত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ৰাহুল শৰ্মাই লাভ কৰিছে নিযুক্তি। ৰাহুল শৰ্মা এতিয়া বিশ্বৰ অন্যতম চহকী চাৰ্জ ইঞ্জিন গুগল প্ৰতিষ্ঠানত বিষয়া হিচাপে নিযুক্তি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

২২ বছৰীয়া কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিকীৰ ছাত্ৰ ৰাহুল শৰ্মাই কেলিফ'ৰ্নিয়াৰ গুগলৰ কাৰ্যালয়ত গুগল এপছ ডিপ্লমা বিশেষজ্ঞ বিষয়া ৰূপে নিযুক্তি লাভ কৰিছে। এই মাহতে তেওঁ কেলিফ'ৰ্নিয়াত উপস্থিত হৈ চাকৰিত যোগদান কৰিব বুলি জানিবলৈ দিয়ে ৰাহুলে।

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এক নং ৱাৰ্ডৰ ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী টংকেশ্বৰ শৰ্মা আৰু তিলোত্তমা দেৱীৰ পুত্ৰ ৰাহুলে সৰুৰে পৰাই মেধা শক্তিৰ পৰিচয় দি সৰ্বভাৰতীয় পৰ্যায়ৰ জেইই বাচনি পৰীক্ষাত সপ্তমস্থান লাভ কৰিছিল৷

গুৱাহাটিৰ আমিনগাঁৱৰ IITত কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিংত চাৰি বছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰি তৃতীয় বৰ্ষতে শিক্ষা প্ৰতিষ্ঠানত অনুষ্ঠিত গুগলৰ নিযুক্তিৰ সাক্ষাৎকাৰত বাচনি কৰে তেওক৷ ইয়াৰ উপৰিও ৰাহুলে গুগলৰ পৰা দিয়া প্ৰজেক্ট প্ৰস্তুত কৰি মেধাৰ পৰিচয় দি প্ৰতিষ্ঠানটোত নিজৰ স্থান নিশ্চিত কৰে৷

গুগলৰ কৰ্মচাৰী ৰূপে নিযুক্তি লাভ কৰি ধন্য হোৱা বুলি কয় ৰাহুলে। স্মৰ্তব্য যে ছাত্ৰ ৰাহুল শৰ্মাই অহা ৯ মাৰ্চত আমেৰিকা অভিমুখে উৰা মাৰিব। ৰাহুলৰ সফলতাত শোণিতপুৰ জিলাবাসীয়ে আনন্দিত হৈ পৰিছে৷ ৰাহুলৰ এই যাত্ৰা অন্য ছাত্ৰ-ছাত্ৰীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ’ব সেয়া খাতাং৷