ডিজিটেল ডেস্কঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধি সাজু হৈ উঠিছে দেশৰ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছে৷ নতুন দিল্লীত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৮৪সংখ্যক কংগ্ৰেছ মহাধিৱেশন৷ দিল্লীৰ ইন্দিৰা গান্ধী ইন্দ’ৰ ষ্টেডিয়ামত পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ জৰিয়তে মহাধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়৷ 

কংগ্ৰেছেৰ প্ৰাক্তন সভানেত্ৰী, ইউপুএৰ অধ্যক্ষ তথা যুৱ ৰাজ ৰাহুলৰ মাতৃ ছোনীয়াই দীৰ্ঘ ভাষণ প্ৰদান কৰে৷ ভাষণৰ জৰিয়তে শাসকীয় বিজেপিক তীব্ৰ আক্ৰমণ কৰে৷ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে মন্ত্ৰ মূগ্ধ হৈ শুনে৷ 

ভাষণ সমাপ্ত কৰাৰ পিছতেই বহু কংগ্ৰেছ নেতা-কৰ্মীয়ে থিয় হৈ অভিবাদন জনাই ছোনীয়া গান্ধীক৷ তাৰ মাজতে বহি থকা আসনৰ পৰা উঠি আহি কংগ্ৰেছৰ সভাপতি তথা পুত্ৰ ৰাহুল হান্ধীয়ে ছোনীয়াক সাৱটি ধৰে৷ এই দৃশ্য কেমেৰাত আৱদ্ধ কৰিবলৈ সংবাদ মাধ্যমেও হেতা-ওপৰা লগাই৷  

মহাধিৱেশনৰ প্ৰথম দিনা হাজাৰ হাজাৰ দলীয় কাৰ্যকৰ্তাৰ উৎসাহভৰা উপস্থিতি পৰিলক্ষিত হয়৷ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে অধিৱেশনৰ আদৰণি ভাষণ প্ৰদান কৰে৷ মহাধিৱেশনত ইউপিএৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীয়ে কয়, মই দলৰ নতুন অধ্যক্ষ ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শুভকামনা জনাইছোঁ৷ ৰাহুল গান্ধীয়ে বহুত প্ৰত্যাহ্বান নেওচি নিজৰ দায়িত্ব পালন কৰি আহিছে৷ আমি সকলোৱে মিলিজুলি তেওঁৰ কামত সহায় কৰা উচিত৷ 

তেওঁ লগতে কয়, আমি এতিয়া নিজৰ অভিপ্ৰায় পূৰণত ব্যস্ত থাকিলে নহ’ব৷ দলৰ হৈ কাৰ্যকৰ্তাসকলে কি কি কাম কৰিছে তাৰ প্ৰতিহে চকু দিব লাগে৷ অামি কিদৰে দলক বিজয়ৰ জৰিয়তে উচ্চ শিখৰলৈ লৈ যাব পাৰোঁ তাৰ প্ৰতি সকলোৰে লক্ষ্য হোৱাটো উচিত বুলি মতপোষণ কৰে প্ৰাক্তন অধ্যক্ষাগৰাকীয়ে৷