নতুন দিল্লীঃ এদিন দুদিনকৈ প্ৰায় এমাহ পাৰ হ’ব হ’ল৷ লোকসভা নিৰ্বাচনত লজ্জাজনক ফলাফলৰ দায়িত্ব ১০০ শতাংশই মূৰ পাতি লৈ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে কংগ্ৰেছ ৱৰ্কিঙ কমিটীৰ সভাত কৰা পদত্যাগ তেওঁ কোনো কাৰণতেই উঠাই ল’বলৈ এই পৰ্যন্ত সন্মত হোৱা নাই৷

ৰাহুল গান্ধীয়ে যোৱা ২৩ মে’ত ফলাফল ঘোষণাৰ কেইদিনমান পাছতেই সভাপতিত্ব কৰা পদত্যাগ কৰিছিল যদিও চিডব্লিউচিয়ে এই পদত্যাগ-পত্ৰ প্ৰত্যাখান কৰে৷ তদুপৰি দলৰ বিভিন্ন পৰ্যায়ৰপৰা ৰাহুলকে দলটোৰ নেতৃত্বত থাকিবলৈ আহ্বান জনোৱা হয়৷ কিন্তু নিজৰ সিদ্ধান্তত অটল হৈ আছে কংগ্ৰেছৰ সভাপতিজন৷

ইয়াৰ মাজতে তেওঁ কাৰ্যকৰী সভাপতি নিৰ্বাচনৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু এই বাছনিত তেওঁ কোনোধৰণৰ হস্তক্ষেপ নকৰে বুলি ঘোষণা কৰে৷

ৰাহুলৰ কঠোৰ সিদ্ধান্তই দলটোৰ নেতৃত্বক স্থবিৰ কৰা ৰখাৰ সময়তে কংগ্ৰেছৰ সাংসদসকলে তেওঁৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰি পুনৰ দলৰ নেতৃত্ব ল’বলৈ আহ্বান জনায়৷

ইয়াৰ প্ৰত্যুত্তৰ ৰাহুলে কয় যে এই বিষয়টো আলোচনাৰ মঞ্চত সিদ্ধান্ত ল’ব পৰা বিষয় নহয়৷ ইতিমধ্যে মই মোৰ সিদ্ধান্তৰ কথা চিডব্লিউচিক জনাইছোঁ৷ সকলোতে দায়বদ্ধতা থকা উচিত৷

উল্লেখ্য যে, কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক নেতৃত্বৰ বাবে বিগত প্ৰতিটো নিৰ্বাচনতে বিজেপিয়ে দলটোক সমালোচনাৰে থকা-সৰকা কৰিবলৈ সুবিধা পাই আহিছে৷ নিৰ্বাচনৰ ফলাফলৰ পাছতেই ৰাহুল গান্ধী তথা ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে ইংগিত দিছিল যে দলটোৰ ভালৰ বাবে তেওঁলোক কঠোৰৰপৰা কঠোৰত সিদ্ধান্ত ল’বলৈ সাজু আছে৷