photo-source-ndtv

ডিজি​টেল ডেস্কঃ ৰেলৱে প্ৰৱেশ পৰীক্ষাৰ নামভৰ্তিৰ ক্ষেত্ৰত হোৱা বৰ্দ্ধিত মাচুলৰ ওপৰত ৰেল মন্ত্ৰী পীযুষ গোৱেলে কৈছে, ৰেলৱে প্ৰৱেশ পৰীক্ষা বাবে যাতে কেৱল গুৰুত্বপূৰ্ণ তথা কোনো এটা বিষয়ক গভীৰভাৱে লোৱা পৰীক্ষাৰ্থীসকলেহে প-পত্ৰ পূৰণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মাচুলৰ পৰিমাণ বৃদ্ধি কৰা হৈছে৷

তেওঁ লগতে কয়, পূৰ্বে অনুষ্ঠিত ৰেলৱে পৰীক্ষাসমূহৰ আবেদনৰ মাচুল সীমিত হোৱাৰ হেতু আবেদনকাৰীৰ সংখ্যা অত্যধিক হয়৷ কিন্তু অধিকসংখ্যক আবেদনকাৰীয়ে পৰীক্ষা নিদিয়াৰ ফলত চৰকাৰে লোকচানৰ সন্মুখীন হ’ব লগাত পৰে৷ গোৱেলে ইয়াকো জানিবলৈ দিয়ে যে, আবেদনকাৰী প্ৰাৰ্থীসকলে যদি পৰীক্ষাত বহে তেতিয়া সকলো পৰীক্ষাৰ্থীকে বৰ্দ্ধিত ভৰ্তি মাচুল ঘূৰাই দিয়া হ’ব৷

ইয়াৰ উপৰিও পীযুষ গোৱেলে স্বাক্ষৰ দিয়া বিষয়টোৰ ওপৰত স্পষ্ট কৰি কয়, পৰীক্ষাৰ বাবে আবেদনকাৰীসকলে আবেদন পত্ৰত বিভিন্ন ভাষাত চহী কৰে, কিন্তু ইংৰাজী আৰু হিন্দী ভাষাত কৰা স্বাক্ষৰকহে মান্যতা প্ৰদান কৰা হয়৷

গোৱেলে লগতে আবেদনৰ ভৰ্তি মাচুলৰ ওপৰতো কয়, পূৰ্বে অনুষ্ঠিত এনেধৰণৰ পৰীক্ষাসমূহৰ নামভৰ্তিৰ ক্ষেত্ৰত অনুসূচিত জাতি আৰু জনজাতিৰ পৰা কোনো ধৰণৰ মাচুল লোৱা নহৈছিল কিন্তু এইবাৰ এই শ্ৰেণীৰ প্ৰাৰ্থীসকলে ২৫০ টকাকৈ দিয়াৰ পৰিৱৰ্তে অসংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলেও আবেদন পত্ৰৰ সহিতে ৫০০ টকাকৈ মাচুল আদায় দিব লাগিব৷

তেওঁ লগতে কয়, আবেদন কৰা প্ৰাৰ্থীসকলৰ ভিতৰত যিসকলে পৰীক্ষাত বহিব তেওঁলোকৰ ভিতৰত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলক সম্পূৰ্ণ ভৰ্তিমাচুল (২৫০) ঘূৰাই দিয়াৰ লগতে অসংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলক ৫০০ টকা ভৰ্তিমাচুলৰ পৰা ৪০০ টকা পুনৰ ঘূৰাই দিয়া হ’ব৷ ৰেলমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, ৰেল বিভাগৰ পৰীক্ষাসমূহ কম্পিউটাৰ জৰিয়তে হোৱাৰ বিপৰীতে ১৫টাকৈ ভাষাত এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷