ডিজিটেল ডেস্কঃ নহৰু কি? পাচলি নে মচলা? খাদ্য আৰু যোগান বিভাগৰ কোনো চাকৰিৰ সাক্ষাৎকাৰত যদিহে এই প্ৰশ্ন সোধে তেন্তে কি ক’ব? চিন্তাৰ কোনো কাৰণ নাই৷ চাকৰিৰ সাক্ষাৎকাৰত আপুনি সদ্যহতে এনে প্ৰশ্নৰ সন্মুখীন হোৱাৰ কোনো সম্ভাৱনা নাই৷ কিয়নো নহৰু প্ৰকৃততে কি সেই লৈ চৰকাৰ নিজেই সন্দিহান৷  

কেৱল সন্দিহানেই নহয়, এইক্ষেত্ৰত সৰ্বসাধাৰণকো বিমোৰত পেলাইছে চৰকাৰে৷ নহৰুক লৈ এনেদৰে বিভ্ৰান্তিৰ সৃষ্টি কৰি ন্যায়ালয়ৰ ভৎসৰ্নাৰ সন্মুখীন হৈছে কেন্দ্ৰ চৰকাৰ৷ 

উল্লেখ্য যে কেন্দ্ৰই নহৰুক পাচলি আৰু মচলা দুয়োবিধৰ তালিকাতে অন্তৰ্ভূক্ত কৰি জি এছ টি আৰোপ কৰিছে৷ এই সন্দৰ্ভত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ বিচাৰপতি সংগীতৰাজ লোধা আৰু বিনীত কুমাৰ মাথুৰৰ খণ্ড বিচাৰপীঠে একে বিধ সামগ্ৰীকে বেলেগ বেলেগ তালিকাত ৰাখি কৰ আৰোপ কৰাৰ অধিকাৰ ক’ত পালে বুলি প্ৰশ্ন কৰে৷ 

সৰ্বভাৰতীয় কৃষক সংঘই চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰোধিতা কৰি জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি খণ্ড বিচাৰপীঠখনে কয় যে পাচলিৰ তালিকাত নহৰুৱে জি এছ টিৰ তালিকাৰ বাহিৰত পৰিলেও মচলাৰ তালিকাত ধৰিলে ই জি এছ টিৰ তালিকাভূক্ত হ’ব৷ 

চৰকাৰে মন্দা অবস্থাৰ সময়ত খেতিয়কে যাতে উৎপাদিত সামগ্ৰীত জি এছ টি ভৰিব লগা নহয় সেয়ে নহৰু, পিয়াজ আৰু অন্য মচলা সামগ্ৰীক মন্দা অৱস্থাত বিক্ৰী কৰাৰ সুবিধাৰ বাবে নহৰুক মচলা সামগ্ৰীৰ অন্তৰ্ভূক্ত কৰিছিল যদিও পিছত ইয়াক পাচলিৰ তালিকাত অন্তৰ্ভূক্ত কৰে৷ 

আদালতে চৰকাৰক প্ৰশ্ন কৰে যে চৰকাৰে বিধিগতভাৱে কাম কৰিব বিচাৰে নে যি মন যায় তাকে কৰিব বিচাৰে৷ চৰকাৰে এনে সিদ্ধান্ত লোৱাৰ অধিকাৰ ক’ত পালে বুলিও কঠোৰ সমালোচনা কৰে৷ এতিয়া বিষয়টোক লৈ অতিৰিক্ত মহা অধিবক্তা শ্যামসুন্দৰে চৰকাৰৰ হৈ পৰৱৰ্তী শুনানিত উত্তৰ দিব৷