ডিজিটেল ডেস্কঃ এইবাৰ অস্কাৰ বুটলাৰ দিশে অগ্ৰসৰ হৈছে ৰাজকুমাৰ। বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ভাৰতৰ পৰা মনোনীত হৈছে ৰাজকুমাৰৰ সদ্যমুক্তি প্ৰাপ্ত বোলছবিখন৷ চি. বি ৰেড্ডিৰ অধ্যক্ষতাত ফ্লিম ফেডাৰেশ্যন অৱ ইণ্ডিয়াই ২৬ ভাৰতীয় ভাষাৰ ভিতৰত ৰাজকুমাৰৰ বোলছবিখন বাছনি কৰে৷

অস্কাৰলৈ মনোনীত হোৱাৰ পিছতে ৰাজকুমাৰে সুখ ব্যক্ত কৰি ছ'চিয়েল মিডিয়াত এই খবৰ ৰাজহুৱা কৰে৷ এই বছৰটোক নিজৰ বাবে এক সাফল্যমণ্ডিত বছৰ হিচাপে পৰিগণিত হৈছে বুলিও মন্তব্য কৰে অভিনেতাগৰাকী৷

মূখ্যতঃ নক্সাল অধ্যুষিত এলেকাত বহু বছৰৰ মূৰত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন৷ ৰাজকুমাৰৰ লগতে বোলছবিখনত অভিনয় কৰিছে অভিনেত্ৰী অঞ্জলি পাটিলে আৰু সহ অভিনেতা হিচাপে আছে পংকজ ত্ৰিপাঠী অৰু ৰঘুবীৰ যাদৱ৷

সংগীত পৰিচালনা কৰিছে নৰেন চন্দাবাৰকাৰ আৰু বেণ্ডিক টেইলৰে৷ ছবিখনৰ পৰিচালক হৈছে অমিত ভি মাছুৰকাৰ আৰু প্ৰযোজক মনিশ মুণ্দ্ৰা৷ ছত্তিচগড়ত চিত্ৰগ্ৰহণ হোৱা ছবিখন হৈছে ‘নিউটন’৷ ৩৩ বৰ্ষীয় বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাওৰ এই ছবিখনক লৈ এতিয়া আশাবাদী হৈ পৰিছে চিনেমাপ্ৰেমীসকল।