ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটদান পৰ্ব৷ যোৱা এপ্ৰিল মাহত ৰাজ্যসভাৰ ৫৯খন আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত ১০ খন ৰাজ্যত শুকুৰবাৰে  ২৬খন আসনৰ বাবেহে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে৷

নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্য কেইখন হৈছে উত্তৰ-প্ৰদেশ, পশ্চিম বংগ, কৰ্ণাটক, ঝাৰখণ্ড, কেৰেলা, চট্টীশগড় আৰু তেলেংগানা৷ ৰাজ্যকেইখনৰ ভিতৰত উত্তৰপ্ৰদেশৰ নিৰ্বাচনে সকলোৰে দৃষ্টিগোচৰ আকৰ্ষণ কৰিছে৷ কিয়নো ৰাজ্যখনত ১০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে৷ ইয়াৰে এখন আসনকলৈ তুমুল প্ৰতিদ্বন্বিতা হোৱাৰ সম্ভাৱনা আছে৷ 

⇒ উত্তৰপ্ৰদেশত ১০ খন আসনৰ বাবে ভোটদান হৈছে৷ ইয়াৰে বিজেপিৰ ৮ গৰাকী প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি অভিহিত কৰা হৈছে৷ আনহাতে সমাজবাদী পাৰ্টিৰ এখন আসনত জয় নিশ্চিত৷ ১০ নম্বৰ আসনৰ বাবে বিজেপি আৰু সমাজবাদী পাৰ্টিৰ সমৰ্থিত দল বহুজন সমাজবাদী পাৰ্টিৰ মাজত তুমুল প্ৰতিদ্বন্বিতা হোৱাৰ প্ৰৱল সম্ভাৱনা আছে৷ 

⇒ ৰাজ্যসভা নিৰ্বাচন আৰম্ভ হোৱাৰ কিছু সময়ৰ পুৰ্বে সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱে নিৰ্বাচনত ভোট নিশ্চিত কৰিবৰ বাবে দলৰ বিধায়কসকলক লৈ ভোজমেলৰ আয়োজন কৰে৷ এই ভোজমেলত অখিলেশৰ খুৰা শিৱপাল সিঙো উপস্থিত থাকে৷ সমাজবাদী পাৰ্টিয়ে ১০ খন আসনৰ ভিতৰত ১ খন আসনত জয় সুনিশ্চিত কৰিছে৷

⇒ উত্তৰ প্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনত বিজেপিয়ে ৮ খন আসনত জয় সুনিশ্চিত কৰিছে৷ যাৰ বাবে বিজেপিৰ পক্ষৰ ভোট অতিৰিক্ত হৈ পৰিছে৷ এই অতিৰিক্ত ভোটকেইটাক লৈ বিজেপিয়ে নিৰ্দলীয় প্ৰাৰ্থী অনিল আগৰৱালাক সমৰ্থন কৰিছে৷ ৰাজ্যসভাত এখন আসনত জয়ী হ’বৰ বাবে গড়ে ৩৭ গৰাকী বিধায়কে ভোটদান কৰা প্ৰয়োজন৷

এই হিচাপত উত্তৰপ্ৰদেশত ৮ খন আসনৰ বাবে বিজেপিক ভোটদান কৰাৰ পাছতো বিজেপিৰ হাতত ৮ গৰাকী বিধায়কৰ ভোট অতিৰিক্ত হিচাপে ৰৈ যাব৷ আনহাতে বহুজন সমাজবাদী পাৰ্টি ১৯, সমাজবাদী পাৰ্টিৰ ১০, কংগ্ৰেছ ৭ আৰু ৰাষ্ট্ৰীয় লোক দলৰ হাতত ১ টা ভোটৰ সৈতে সৰ্বমুঠ ৩৭ টা ভোট আছে৷ 

⇒ বিজেপি সমৰ্থিত প্ৰাৰ্থী অনিল আগৰৱালাৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমাজবাদী পাৰ্টিৰ সমৰ্থিত বহুজন সমাজবাদীৰ প্ৰাৰ্থী আম্বেদকাৰে৷ ৰাজ্যসভা নিৰ্বাচনত উত্তৰপ্ৰদেশৰ ৮ গৰাকী বিধায়কৰ ভিতৰত বিত্তমন্ত্ৰী অৰুণ জেটলিও আছে৷  আনহাতে সমাজবাদী পাৰ্টিৰ পৰা জয়া বচ্চনে প্ৰাৰ্থীত্ব অাগবঢ়াই৷    

⇒ পশ্চিমবংগত ৰাজ্যসভা নিৰ্বাচনৰ ৫ খন আসনৰ বাবে ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ ৪ গৰাকীয়ে প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ লগতে কংগ্ৰেছৰ অভিষেশ মনু সিংহীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে৷

ৰাজ্যখনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ জয় নিশ্চিত যদিও বাওঁমৰ্চাই নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷ এই নিৰ্বাচনত ৫০ টা বোটৰ প্ৰয়োজন আৰাু সৰহসংখ্যক ভোটেই তৃণমূল কংগ্ৰেছক পক্ষত আছে৷

⇒ ঝাৰখণ্ডত ২খন আসনৰ বাবে ৩গৰাকী প্ৰাৰ্থীৰ মাজত ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হৈছে৷ ইয়াৰে বিজেপিৰ ২ গৰাকী আৰু কংগ্ৰেছৰ ১ গৰাকী প্ৰাৰ্থীকলৈ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া চলি আছে৷ ঝাৰখণ্ড মুক্তি মৰ্চাই কংগ্ৰেছক সমৰ্থন কৰাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে জয় লাভ কৰাৰ আশা প্ৰকাশ কৰিছে৷ আনহাতে বিজেপিও জয় লাভ কৰাৰ বাবে তুমুল প্ৰতিদ্বন্দ্বিতাত নামিছে৷  
 
⇒ উত্তৰপ্ৰদেশৰ দৰে কৰ্ণাটকৰ ৰাজ্যসবাৰ নিৰ্বাচনো আকৰ্ষণীয় হৈ পৰিছে৷ কিয়নো ৰাজ্যখনত ৪খন আসনৰ বাবে ৫গৰাকী প্ৰাৰ্থীৰ মাজত নিৰ্বাচন অনুষ্ঠিত হৈছে৷ নিৰ্বাচনত কংগ্ৰেছৰ ৩ গৰাকী, বিজেপি আৰু জনতা দল ইউনাইটেডৰ ১ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে৷  

⇒ ৰাজ্যসভা নিৰ্বাচনত চট্টীশগড় বিজেপিয়ে কংগ্ৰেছ দলক পৰাজিত কৰিবলৈ গৰিষ্ঠসংখ্যক ভোট নিজৰ হাতত ৰাখিছে৷ কিয়নো কংগ্ৰেছক জয়ী হোৱাৰ ক্ষেত্ৰত৭ টা ভোটৰ দৰকাৰ হ’ব৷ ৰাজ্যসভা নিৰ্বাচনত জয়লাভৰ বাবে ৪৬টা ভোটৰ প্ৰয়োজন৷ ইয়াৰে ৪৬টা ভোট বিজেপিৰ পক্ষত থকাৰ লগতে ৩৯টা ভোট কংগ্ৰেছৰ ওচৰত আছে৷   

⇒ তেলেংগানাত ৩খন আসনৰ বাবে ভোটদান কাৰ্যসূচী চলি আছে৷ ইয়াৰে টিআৰএছ দলে ২খন আসনত জয়ী হ’ব পৰাকৈ পৰ্যাপ্ত ভোট হাতত আছে৷ আনহাতে আছাদুদ্দিন অৱেছী দলে তৃতীয়খন আসনত জয় লাভ কৰাৰ সম্ভাৱনা প্ৰৱল৷ কংগ্ৰেছে ৰাজ্যসভা নিৰ্বাচনত এজন প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতাত নমাইছে৷    
 
⇒ কেৰেলাত এখন আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে৷ এই আসনত এলডিএফ দলে জয়লাভ কৰাৰ সম্ভাৱনা আছে৷ কেৰেলাৰ উপ-নিৰ্বাচনত কংগ্ৰেছেও প্ৰাৰ্থীত্ব আগবঢ়াইছে৷ 

(source-ndtv)