ডিজিটেল ডেস্কঃ অৰ্ধবসনা আইটেম গাৰ্ল হিচাপে দৰ্শকৰ মাজত পৰিচিত ৰাখী ছাৱন্ত। ভিন্ন সময়ত অনাহুত বাদানুবাদৰ সূচনা কৰা বেপৰোৱা অভিনেত্ৰীগৰাকী কিন্তু এতিয়া সলনি হৈছে।

নিজৰ ইচ্ছা নাথাকিলেও পৰিস্থিতিৰ পাকচক্ৰত পৰি সলনি হবলৈ বাধ্য হৈছে ৰাখী। সচৰাচৰ স্বল্প বসনৰে ৰিল আৰু ৰিয়েল লাইফতো দেখা দিয়া ৰাখীয়ে শিকিছে সংস্কাৰ।

ৰাখীৰ সংস্কাৰী ৰূপ এইবাৰ দেখা গ'ল লুধিয়ানাৰ ন্যায়ালয়ত। এক গোচৰৰ বাবে আদালতৰ ৰোষত পৰা মডেলগৰাকী বোৰ্খা পিন্ধি হাজিৰ হল ন্যায়ালয়ত।

কলা বস্ত্ৰৰে সৰ্বশৰীৰ আবৃত কৰিহে কথা ক'লে লাজুকীলতা ৰাখীয়ে। অৱশ্যে ৰাখীৰ বোৰ্খাৰ সংস্কৰণৰ আঁৰতো আছে ৰহস্য। দৰাচলতে কিছুদিন পূৰ্বে বাল্মীকি ঋষিৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছিল ৰাখীয়ে। যাৰ বাবে আদালতৰ দ্বাৰস্থ হয় পঞ্জাবৰ বাল্মীকি সম্প্ৰদায়।

এই সন্দৰ্ভত ৰাখীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে। কিন্তু তেওঁ আত্মগোপন কৰে। পৰৱৰ্তী পৰ্যায়ত আদালতে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।

বাধ্যত পৰি ৰাখী আজি হাজিৰ হয় আদালতত। সকলোৰে পৰা নিজক আঁতৰাই ৰাখিবলৈ সচৰাচৰ অৰ্ধবসনা ৰাখীয়ে পিন্ধিব লগা হ'ল বোৰ্খা।