ৰঙিয়াঃ মুকলি আকাশৰ তললৈ আহিল ৫ শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰ নেতা৷ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেলত বন্দী হ’ব লগা হোৱা ৫ গৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰ নেতাক অৱশেষত মুকলি কৰি দিবলৈ বাধ্য হয় প্ৰশাসনে৷ যোৱা ৪ জানুৱাৰীত সেনাই বন্ধ কৰি দিয়া ৰঙিয়া চেপ্তিৰ সেনাৰ ৰেডহৰ্ন স্কুল বন্ধ কৰি দিয়াত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

প্ৰায় দুদিন পিছত তথা ১১ জানুৱাৰীত আৰক্ষীয়ে থানালৈ মাতি নি সেনাৰ স্কুল খনৰ ৫ শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেল হাজোতত নিক্ষেপ কৰে৷ তাৰ পিছৰে পৰা শুকুৰবাৰে পুৱাৰে পৰা ৰঙিয়াৰ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

৩১নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কামৰূপ প্ৰশাসনে ৰাইজৰ দাবীত সেওঁমানি অৱশেষত গৰিয়া জনগোষ্ঠীৰ ছাত্ৰ নেতা মতিউৰ ৰহমান, শিক্ষয়ত্ৰী প্ৰমিলা দাস, পম্পি দেৱী, জোৎস্না দেৱী, মনিকংকনা দাস, নমিতা দাসক মুকলি কৰি দিবলৈ বাধ্য হয়৷ শুকুৰবাৰে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে৷ ৫গৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাত ক্ষোভিত লোকে পুৱাই ৰাজ পথলৈ ওলাই আহে৷

পথ অৱৰোধ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে কৰি শীঘ্ৰে ৫গৰাকী শিক্ষয়িত্ৰী আৰু ছাত্ৰ নেতাক মুকলি কৰি দিয়াৰ দাবী জনায়৷ সেনাই ৰেডহৰ্ণ পাব্লিক স্কুল বন্ধ কৰি দিয়াৰ লগতে প্ৰতিবাদ কৰিবলৈ যোৱা ৫গৰাকী শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাত প্ৰতিবাদ সাব্যস্ত কৰে পুৰুষ-মহিলাই৷ ৰঙিয়া ৰেডহৰ্ণ পাব্লিক স্কুলৰ সন্মুখত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ৰঙিয়া মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈ, ৰঙিয়া ৰাজহ চক্ৰ বিষয়া এমলি বৰুৱা, মহকুমা আৰক্ষী বিষয়া প্ৰনৱ কুমাৰ পেগু উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক বুজনি দিবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰীসকলে কামৰূপ জিলাৰ উপাযুক্ত উপস্থিত নোহোৱালৈকে প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ প্ৰদান কৰে৷ পথ অৱৰোধৰ ফলত তীব্ৰ যান-জোঁটৰ সৃষ্টি হয়৷

সেনাৰ ৰেডহৰ্ণ পাব্লিক স্কুল সেনাবাহিনীয়ে বন্ধ কৰি দিয়াত ৪ জানুৱাৰীত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী তথা অভিভাৱকসকলে পুৱাই বিদ্যালয়খনত উপস্থিত হৈ দেৱাল ভঙাৰ চেষ্টা কৰাৰ লগতে গেটৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰে। স্কুল খন বন্ধ কৰি সেনাই বাহৰ পাতি থকাত উত্তেজিত হৈ বিদ্যালয় খনত প্ৰৱেশ কৰি শ্ৰেণী কোঠাৰ ভিতৰৰ পৰা সেনাৰ আচবাব সমুহ দলিয়াই উলিয়াই দিয়ে। তাৰ পিছত সেনাই ৰঙিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।

আৰক্ষীযে গোচৰ নং ৭৫/১৮ ভাৰতীয় দণ্ডবিধি আইনৰ অধিনত ১৪৩/৪৪৮/৪২৭ আৰ/ডব্লিউ শাখা ৩ৰ পি ডি পি পি আইনৰ অধিনত এক গোচৰ ৰুজু কৰি সেনাৰ এজাহাৰৰ ভিত্তিত গৰিয়া জনগোষ্ঠীৰ ছাত্ৰ নেতা মতিউৰ ৰহমান, শিক্ষয়ত্ৰী প্ৰমিলা দাস, পম্পি দেৱী, জোৎস্না দেৱী, মনিকংকনা দাস নমিতা দাসক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷

কিন্তু শুকুৰবাৰে ৰঙিয়া ন্যায়িক আদালতে আটাই কেইজনে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। আটাইকেইজনকে মুকলি কৰি দিয়াৰ  ৰঙিয়াত এক উৎসৱৰ পৰিৱেশৰ সৃষ্টি হয়৷ জেলৰপৰা ওলাই ৰঙিয়া পোৱাৰ পিছতে আটাইকেইজনকে ৰঙিয়াৰ দল-সংগঠনে ফুলাম গামোচাৰে আদৰণি জনায়৷