ৰঙিয়াঃ ‘‘পঞ্চায়ত নিৰ্বাচনত অগপ দলৰ প্ৰাৰ্থীসকলে ভাল ফল দেখুৱাব। অগপ যিহেতু আঞ্চলিক দল সেইবাবে অসমৰ জনসাধাৰণে দলটোক আঁদৰি ল’ব। পঞ্চায়ত নিৰ্বাচনৰ পাচতেই সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰি অগপ দলৰ পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব। লোকসভা নিৰ্বাচনত অগপ-বি জে পিৰ মাজত মিত্ৰতা থাকিব নে নাথাকে সেইটো পঞ্চায়ত নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ কৰিব৷’’ আজি সন্ধিয়া টিহুৰ ৰাস মহোৎসৱ উদ্বোধন কৰিবলৈ যোৱাৰ পথত ৰঙিয়াত সাংবাদিকৰ আগত এনে এক গুৰুত্ব পূৰ্ণ মন্তব্য আগবঢ়াই অসমৰ প্ৰাক্তণ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

অানহাতে, অগপৰ দলে নাগৰিকত্ব সংশোধনী ২০১৬ বিধায়কখন বাতিল কৰাৰ কাৰণে বিৰোধীতা কৰাৰ সময়তে সকলো জাতীয় সংগঠনে ইয়াৰ সমানে বিৰোধীতা কৰিছে। এনেদৰে নাগৰিকত্ব সংশোধনী বিধায়ক ২০১৬ৰ সপক্ষে বিজেপি দল থকাৰ বাবে বৰ্তমান সময়ত অসমৰ ৰাইজে ৰাষ্ট্ৰীয় দলৰ প্ৰতি মোহ ভংগ হোৱা পৰিলক্ষিত হৈছে।

অগপৰ লগতে অসমৰ জাতীয় সংগঠনসমুহে নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰিব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত অগপই আপোচ নকৰে বুলি পুনৰবাৰ প্ৰাক্তণ মুখ্যমন্ত্ৰী গৰাকীয়ে অৱগত কৰে। আনহাতে সংবাদ মাধ্যমৰপৰা কৰা এক প্ৰশ্নৰ উত্তৰত মহন্তই কয় যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল সমুহৰ ভূল নীতিৰ বাবে বৰ্তমান সময়ত পুণৰ অসমৰ যুৱক সকল সশস্ত্ৰ সংগ্ৰামৰ ফালে অগ্ৰসৰ হৈছে। 

ইফালে, ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত পূব বড়িগোক জিলা পৰিষদৰ প্ৰাৰ্থী ৰূপালী ভট্ৰ আৰু পধ্যপাণ্ডৰী জিলা পৰিষদৰ প্ৰাৰ্থী দীপেশ দাসক ৰঙিয়া ৰাইজে আঁদৰি লব বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। আজিৰ সংবাদমেলখনত অগপ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ধ্ৰুৱ শৰ্মা, অগপ ৰঙিয়া জিলা অগপ নিৰ্বাচনী সমিতিৰ সভাপতি পৰেশ বৈশ্য, লিলাধৰ শালৈ, অসম যুৱ পৰিষদৰ প্ৰৱাল বুজৰ বৰুৱা, যুৱ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ডেকা, আৰু অগপ ৰঙিয়া জিলাৰ আইন উপদেষ্ঠা ভাস্কৰ বৰুৱা উপস্থিত থাকে৷