মুম্বাইঃ বলীউডৰ এগৰাকী আগশাৰীৰ ছবি নিৰ্মাতা,সংগীতজ্ঞৰ নতুন ছবি ৰেংগুনে আগন্তক ২৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব। এই ছবিখনৰ কাহিনী, পৰিচালনা আৰু সংগীত বিশাল ভৰদ্বাজৰ।

প্ৰযোজনা কৰিছে যুটীয়াভাবে ছাজিদ নাদিয়াদৱালা আৰু বিশাল ভৰদ্বাজে। ৰেংগুনৰ পটভূমি দ্বিতীয় মহাযুদ্ধৰ। যুদ্ধৰ এজন সৈনিক আৰু এগৰাকী ব্ৰিটিছ গুপ্তচৰৰ মাজৰ প্ৰেম কাহিনীৰে নিৰ্মাণ হৈছে ৰেংগুনৰ। ক’ব পাৰি যে দ্বিতীয় মহাযুদ্ধৰ আধাৰত ঐতিহাসিক বাদাব্লংকাৰ অনুৰূপ এটি চৰিত্ৰৰে ৰেংগুনৰ নিৰ্মাণ।

শ্বাহিদ কাপুৰ¸ কংগনা ৰানাৱাটৰ লগতে ছবিখনৰ আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ছৈয়ফ আলী খানে। আনহীতে সৈনিক আৰু গুপ্তচৰ গৰাকীৰ ৰূপত দেখা যাব ক্ৰমে শ্বাহিদ আৰু কংগনাক।

ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম ধেমাজিৰ মুৰ্কংচেলেং¸ অৰুণাচলৰ পাচিঘাট¸ জিৰ’ আদিৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ঠাইত কৰা হৈছে। এই ছবিখনৰ প্ৰথম পৰ্যায়ৰ চিত্ৰগ্ৰহণত অধিক জাপানী শিল্পী উপস্থিত থাকে। ৰেংগুন ছবিখনত কেইবাজনো জনপ্ৰিয় জাপানী শিল্পীয়ে অভিনয় কৰিছে বুলি জানিব পৰা গৈছে।