দলংঘাটঃ দৰং জিলাক ৰাজ্যৰ সংস্কৃতিৰ বৰঘৰ বুলি কলে ভুলকৈ কোৱা ন’হব৷ নানা পৰম্পৰা, কৃষ্টি, সংস্কৃতিৰ যেন বৰ ঘৰ গুৱাহাটী মহানগৰীৰ সমীপৰ জিলা খন৷ জাতি, মাটি আৰু আপোন মানুহৰ বাবে শ্ল’গান দিয়া এখন জিলা৷ অসমীয়া জাতিৰ বিপদৰ সময়ত অসমী আইক ৰক্ষা কৰিবলৈ ওলাই অহা এখন জিলা৷ জাতিৰ সংকট কালত সমগ্ৰ অসমৰ সৈতে থিয় হৈ সংগ্ৰাম কৰি যোৱা জিলা খনৰ বেছি খিনি মানুহেই জাতীয়তাবাদক ভাল পোৱা মানুহ৷ যাৰ বাবে জিলা খনত জাতিয় তথা জনগোষ্ঠীয় সংগঠনৰ ভাল প্ৰভাৱ আছে৷

ঐতিহাসিক পথৰুঘাটৰ ৰণৰ পৰা আৰম্ভ কৰি অসম আন্দোলনলৈকে জিলা খনৰ লোকসকলে যোগদান দিছে৷ তাৰ মাজতে জিলা খনৰ পৰা বহু যুৱক নিষিদ্ধ ঘোষিত আলফাতো যোগাদন কৰিছিল৷ স্বাধীন অসমৰ স্বপ্নক সাৰ্থক কৰিবলৈ হাতত তুলি লৈছিল বন্দুক৷ হাবি জংঘলত দিন অতিবাহিত কৰিছিল৷ লগে লগে বহু যুৱক সেনা-আৰক্ষীৰ গুলীত মৃত্যুবৰণ কৰিব লগা হোৱাৰ লগতে বহু যুৱক  ঘূণীয়া হৈছিল৷

বিদ্ৰোহী সংগঠনটোৰ নেতা-কেডাৰক বিচৰাৰ নামত সহজ-সৰল অসমীয়াক হাৰাশাস্তিও কৰিছিল৷ জিলা খনৰ আবাল-বৃদ্ধ-বনিতা-ডেকাই বন্দুকৰ কুণ্ডাৰ কোব খাই জীৱন ঘূণীয়া কৰাৰো উদাহৰণ আছে৷ জিলা খনৰ কেইবাগৰাকী মাতৃয়ে পুত্ৰ হেৰুৱাই বুকু উদং কৰিছে৷ দৰং জিলাৰ ন-হাউলীৰ শুক্লেশ্বৰ ডেকাৰ দৰে অনেক লোকে এই সংগ্ৰামত মৃত্যুবৰণ কৰিছে৷ তাৰ মাজতে শুকুৰবাৰে পুৱতি নিশা সেনা আৰক্ষীৰ মুৰৰ কামোৰনি হৈ পৰা আলফা স্বাধীনৰ দুধৰ্ষ নেতা ছাৰ্জেন্ট মেজৰ ৰাজেন ডেকাৰ সংঘৰ্ষত মৃত্যু হয়৷ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ খৈৰাবাৰী গাঁৱৰ কুশেশ্বৰ ডেকাৰ বাসগৃহত সেনা আৰক্ষীৰ হাতত নিহত হয় ডেকা৷

পিছত ওদালগুৰিত মৰোণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকে মৃতদেহ চমজি লৈ ঘৰলৈ আনে৷ মঙলদৈ থানাৰ অন্তৰ্গত গৰিয়াপাৰা (চৰনধৰা) গাঁৱলৈ আলফাৰ নেতাগৰাকীৰ মৃতদেহ আনি পোৱাৰ পিছতে জনতাই সমবেত হয় নেতাগৰাকীৰ মৃতদেহ নিজা বাসগৃহলৈ আগবঢ়াই নিয়ে৷ দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত গৰিয়াপাৰা (চৰনধৰা) গাঁৱৰ ৰুদ্ৰ ডেকা আৰু তৰুলতা ডেকাৰ ২য় পুত্ৰ ৰাজেন ডেকাই ২০০০ চনতে আলফাত যোগদান কৰি ভূটানত সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

২০০৩ চনত ভূটানত চলা অপাৰেচন অল ক্লিয়াৰত গ্ৰেপ্তাৰ হৈ কেইবামাহো কাৰাবাস খাটি কাৰাগাৰৰ পৰা মুকলি হৈ পুনৰ আলফাত যোগদান কৰিছিল। এগৰাকী ফুটবলাৰ হিচাপে পৰিচিত ৰাজেনে সংগঠনটোৰ বাবে ধন সংগ্ৰহ কৰিছিল বুলি জানিব পৰা যায়৷ যাৰ পৰিপ্রেক্ষিতত সংগঠনটোৰ নামত দৰং আৰু ওদালগুৰি জিলাৰ বিভিন্ন ব্যক্তিৰ পৰা সংগ্ৰহ কৰিছিল ধন। দৰং আৰু ওদালগুৰি জিলাত সংগঠনটোক শক্তিশালী ৰূপত গঢ় দিয়াত আগভাগ লোৱা নেতাজনে দৰং ওদালগুৰি জিলাৰ পৰা বহু যুৱকক সংগঠনটোলৈ নি প্ৰশিক্ষণৰ বাবেও প্ৰেৰণ কৰি অহিছিল।

ৰাজেন ডেকাই বিভিন্ন সময়ত বহু হত্যা কাণ্ডৰ লগত জড়িত হৈ পৰাৰ লগতে আলফাত যোগদান কৰাৰ আগতে নিজ মাতৃক দাৰে ঘপিয়াই হত্যা কৰি কাৰাবাসো খাটিছিল। কাৰাগাৰৰ পৰা জামিনত মুক্ত হৈয়ে আলফাত যোগদান কৰিছিল ৰাজেন ডেকাই। তেওৰ মৃতদেহ নিজ গৃহৰ চোতালত আহি পোৱাৰ লগে লগে পৰিয়ালৰ সমূহ সদস্যৰ লগতে নিজা গাওঁখন শোকাবহ পৰিস্থিতিৰ সৃস্থি হয়৷ ইয়াৰ পিছতেই স্থানীয় ৰাইজৰ উপস্থিতিত ৰাজহুৱা শ্মশানত আলফা নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰে৷