নতুন দিল্লীঃ বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ আহিবলগীয়া এখন চৰ্চিত ছবি হৈছে '৮৩'। কবীৰ খানৰ নিৰ্দেশনাত '৮৩' চিনেমাখনত প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেবৰ চৰিত্ৰত অভিনেতা ৰণবীৰ সিঙে মুখ্য ভূমিকা পালন কৰিব।

এই বিষয়ক লৈ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক সাক্ষাৎ কৰে ৰণবীৰ সিঙে৷ লগতে ৰণবীৰে তেণ্ডুলকাৰৰ বিষয়ে কয় যে তেওঁ ক্ৰিকেটৰ ভগৱান। 

উক্ত চিনেমাখনত ১৯৮৩ চনত বিশ্বকাপত ভাৰতে জয়ী হৈ ইতিহাস ৰচাঁৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে। এই ছবিখনত ৰণবীৰৰ সৈতে বহুকেইজন অভিনেতাই বিশেষ ভূমিকা পালন কৰিব। তেওঁলোকৰ ভিতৰত সাকিব ছলীম, হাৰ্দি সন্ধু, পংকজ ত্ৰিপাঠী অন্যতম।

আনহাতে, চিনেমাখন ৰিলায়েঞ্চ এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। লগতে ছবিখন ২০২০ চনৰ ১০ এপ্ৰিলত হিন্দী, তামিল আৰু তেলেগু তিনিটা ভাষাত মুক্তি দিয়া হ'ব বুলি জানিব পৰা গৈছে।