প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনে এটাৰ পিছত এটা ধৰ্ষণৰ ঘটনা সংঘটিত হৈ আহিছে সেই সময়তে এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে ধৰ্ষণৰ ঘটনাৰ সন্মুখীন হোৱা বুলি নাটক ৰচনা কৰাত  সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে৷ অভিভাৱকৰ গালি খাব লাগিব বাবেই ধৰ্ষণৰ নাটক ৰচনা কৰে কিশোৰীগৰাকীয়ে৷

কিশোৰীৰৰ অভিযোগৰ ভিত্তিত এগৰাকী মহিলা সহ দুজন লোকক আটকো কৰিলে আৰক্ষীয়ে৷ কিন্তু নাবালিকাৰ কথাত সন্দেহ ওপজাত ঘটনা সন্দৰ্ভত তদন্ত কৰি থকা আৰক্ষীয়ে পুনৰ সোধ-পোছ কৰাত যুৱতীয়ে স্বীকাৰ কৰিলে তেও মিছা নাটক ৰচনা কৰাৰ কথা৷ সচা ঘটনা পোহৰলৈ অহাৰ পিছত আৰক্ষীয়ো হতবাক হয়৷ গুজৰাটৰ আমৰুলি চহৰত সংঘটিত হয় এই ঘটনা৷

জানিব পৰা মতে, কিশোৰীগৰাকীয়ে ঘৰৰ পৰা ওলাই গৈ প্ৰেমিকৰ সৈতে স্কুটিত উঠি ফুৰিবলৈ গৈছিল৷ ফুৰিব গৈ থকাৰ সময়তে প্ৰেমিকৰ সৈতে দুৰ্ঘটনাত পতিত হৈ দেহৰ কেইবাঠাইত আঘাত পায় আৰু ৰক্তক্ষৰণো হয়৷ কিশোৰীগৰাকীয়ে দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ পিছত নিশা প্ৰেমিকৰ ঘৰত কটায়৷ পিছত প্ৰেমিকৰ পিতৃ-মাতৃয়ে ভালকৈ বুজনি দি ঘৰলৈ পঠায় দিয়ে৷

কিন্তু ঘৰলৈ আহি পৰিস্থিতি বিষম দেখি ৰচনা কৰিলে ধৰ্ষণ কৰাৰ নাটক৷ এগৰাকী প্ৰতিবেশীৰ নাম কৈ সেই লোকগৰাকীয়ে ধৰ্ষণ কৰা বুলি কয়৷ উক্ত পৰিয়ালটোৰ সৈতে কিশোৰীৰ পৰিয়ালৰ সম্পৰ্ক ভাল নাছিল৷ প্ৰথমে তাইক অপহৰণ কৰা বুলি কয়৷

তাৰ পিছত ওৰে নিশা ধৰ্ষণ কৰা বুলি কৈ দেহৰ ঘা বোৰে দেখুৱাই৷ লগে লগে মাতৃয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ লগে লগে আৰক্ষীয়ে এগৰাকী মহিলা সহ দুজন লোকক আটক কৰে৷ অৱশেষত আৰক্ষীয়ে কিশোৰীগৰকীৰ কথাত বিসংগতি পোৱাত সোধ-পোছ কৰাত ওৰহিৰ ওৰ ওলায়৷ আটক কৰা লোক কেইজন আৰক্ষীয়ে এৰি দিয়ে৷