ডিজিটেল ডেস্কঃ

> বৃহস্পতিবাৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন।
> দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাষ্ট্ৰপতিজন। 
> প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব ৰাষ্ট্ৰপতিগৰাকী।
> ভাৰত আৰু ৰাছিয়াৰ মাজত আন কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা দুয়োখন দেশৰ মাজত।
> এছ-৪০০ বায়ু ৰক্ষা প্ৰণালীৰ সৰবৰাহৰ বাবে এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিব দুয়োখন দেশে৷
> আনহাতে চুক্তি খনৰ বাবে কমেও পাঁচ আৰৱ ডলাৰ ধনৰাশিতকৈ অধিক হ’ব বুলি জানিব পৰা গৈছে৷ 
> লগতে ভাৰত-ৰুছ দ্বিপক্ষীয় শিখৰ বাৰ্তাৰ বাবে ৪-৫ অক্টোবৰত দিল্লীত উপস্থিত থাকিব ৰাষ্ট্ৰপতিগৰাকী৷
> এই ভ্ৰমণসূচীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৈতেও মিলিত হ’ব পুটিন৷ 
> উল্লেখযোগ্য যে ব্যৱসায়, নিৱেশ, সম্পৰ্ক, উৎস, স্থান তথা পৰ্যটনসহ বিভিন্ন ক্ষেত্ৰত সহযোগীতাৰ লগতে অধিক শক্তিশালী কৰাৰ বিষয়ক লৈ দুয়োখন দেশৰ মাজত আলোচনা হ’ব বুলি আশা কৰা হৈছে৷