নতুন দিল্লীঃ ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰৰ বিবাদ নতুন নহয়। আগতেও কেন্দ্ৰ লগত বিবাদৰ হৈছিল ৰিজাৰ্ভ বেংকৰ তদানীন্তন গভৰ্নৰ ৰঘুৰাম ৰাজনৰ। ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰৰ এই বাঢ়ি অহা বিবাদৰ কাৰনেই ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্নৰ উৰ্জিৎ পেটেলে পদত্যাগ কৰিব বুলি বাতৰি ওলাইছে৷

নিৰ্ভৰযোগ্য সূত্ৰ মতে জানিব পৰা মতে, চৰকাৰৰ লগত হোৱা সংঘাতৰ ফলস্বৰূপে উৰ্জিৎ পেটেলে পদত্যাগৰ প্ৰস্তুতি চলাইছে বুলি গম পোৱা গৈছে৷

চৰকাৰে ৰিজাৰ্ভ বেংকৰ ওপৰত ছেকচন ৭-কে ধাৰা বলবৎ কৰাৰ সম্ভাৱনা আছে৷ এই ধাৰাৰ অধীনত চৰকাৰে ৰিজাৰ্ভ বেংকৰ কাম-কাজত হস্থক্ষেপ কৰিব পাৰে আৰু বেংকটোৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰ বি আইৰ গৱৰ্নৰকো নিৰ্দেশ দিব পাৰে৷ আটাইতকৈ উল্লেখনীয় কথাটো হৈছে যে ভাৰত স্বাধীন হোৱাৰেপৰা আজিলৈকে কেতিয়াও কোনো চৰকাৰে এই ধাৰা ব্যৱহাৰ কৰা নাই৷

কেন্দ্ৰৰ মোডী চৰকাৰে যদি এই ৭-কে ধাৰাটো ৰিজাৰ্ভ বেংকৰ ওপৰত বলবৎ কৰে তেতিয়া বেংকটোৰ বৰ্তমানৰ গৱৰ্নৰ উৰ্জিৎ পেটেলে পদত্যাগ কৰিব বুলি বাতৰি আহিছে৷এই ক্ষেত্ৰত আৰ বি আই আৰু বিত্ত মন্ত্ৰানালয়ৰ ফালৰপৰা একো মন্তৱ্য অহা নাই।

ৰিজাৰ্ভ বেংকৰ লগত যে কেন্দ্ৰীয় চৰকাৰৰ বিবাদ শীৰ্ষত উঠিছে সেয়া যোৱা মঙলবাৰেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ এক মন্তৱ্যত স্পষ্ট হৈ উঠিছিল৷ সেই মন্তব্যত অৰুণ জেটলীয়ে দেশৰ বেংকসমুহে ১০০৮ চনৰপৰা ২০১৪ চনলৈ যি অনিয়ন্ত্ৰিতভাৱে ঋণ প্ৰদান কৰিছিল সেই ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে কিয়.নিয়ন্ত্ৰন কৰা নাছিল বুলি প্ৰশ্ন কৰিছিল।