ডিজিটেল ডেস্কঃ অনুমান বহুতেই কৰিছিল৷ এইবাৰ সেই অনুমান সত্য হোৱাৰ পথত৷ বজাৰলৈ অচিৰেই আহিব ₹২০০ৰ নোট৷ ৰিজাৰ্ভ বেংকে ইতিমধ্যে উক্ত প্ৰস্তাৱত সন্মতি জনাইছে বুলি জানিব পৰা গৈছে৷

এখন আগশাৰীৰ ইংৰাজী দৈনিকত প্ৰকাশিত বাতৰি অনুযায়ী, যোৱা মাৰ্চ মাহত ৰিভাৰ্ভ বেংকৰ বৈঠকত এই প্ৰস্তাব সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়৷ বৈঠকৰ অন্তত ₹২০০ নোট বজাৰলৈ মুকলি কৰি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাই ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিত পেটেলসহ ১৪জনীয়া সদস্যৰ কমিটিয়ে৷

সূত্ৰটোৰ মতে, এই সংক্ৰান্তীয় চৰকাৰী নিৰ্দেশ আহি পালেই আৰম্ভ হ’ব নোট ছপা কৰাৰ প্ৰস্তুতি৷ ইয়াৰ মাজতে জুনৰ পৰা ₹২০০ৰ নোট ছপাৰ কাম আৰম্ভ হ’ব বুলিও বাতৰি পোৱা গৈছে৷ ছপা হোৱাৰ পিছতে সেয়া লাহে লাহে বজাৰলৈ মুকলি কৰি দিয়া হ’ব৷ জাল নোট প্ৰতিহত কৰিবলৈ আৰু ক’লা ধন ৰোধ কৰিবলৈকে এই সিদ্ধান্ত লোৱা বুলি ধাৰণা কৰা হৈছে৷

বিগত বৰ্ষত পুৰণি ₹৫০০ আৰু ₹১০০০ৰ নোট বাতিল কৰিছিল চৰকাৰে৷ তাৰ ঠাইত নতুন ₹৫০০ আৰু ₹২০০০ৰ নোটৰ প্ৰচলন আৰম্ভ কৰে ৰিজাৰ্ভ বেংকে৷

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ডিজিটেল পেমেণ্টত জোৰ দিয়া বাবে বজাৰত নতুন নোটৰ প্ৰচলন নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা চলাই আহিছে৷ তাৰ মাজতে কি কাৰণত নতুনকৈ ₹২০০ৰ নোট মুকলি কৰিবলৈ সিদ্ধান্ত লৈছে সেয়া জানিব পৰা হোৱা নাই৷  ₹২০০ৰ নোট মুকলিৰ সিদ্ধান্তলৈ চাই বহুতে  ₹১০০ৰ নোট বাতিল কৰিব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে৷ অৱশ্যে এই আশংকা সন্দৰ্ভত ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা কোনো উত্তৰ পোৱা হোৱা নাই৷