• মৰিয়নীৰ নিৰ্বাচনী বিষয়াৰ শেষ ভৰষা ভগৱান !!!

মৰিয়নীঃ ৫ ডিচেম্বৰৰ দিনা উজনি অসমৰ ১৪ খন জিলাত খাম-খিয়লীৰ মাজেৰে অনুষ্ঠিত হয় পঞ্চায়ত নিবাচন৷ তাৰে ভিতৰত মৰিয়নী ৫৯ দক্ষিণ কাটনি বাগিছা গাঁও পঞ্চায়তৰ অধীনৰ ৫৮৭নং ভোটগ্ৰহন কেন্দ্ৰত বহুতো ভোটাৰৰ নাম ভোটাৰ তালিকাত নথকাত ৰাইজে ভোটবৰ্জন কৰাৰ ফলত কেন্দ্ৰটোত ভোটগ্ৰহন কৰিব পৰা নগ’ল । আজি তিতাবৰৰ নিৰ্বাচনী বিষয়াই ৰাজনৈতিক দলসমুহক আমন্ত্ৰণ কৰি তিতাবৰৰ নিৰ্বাচনী বিষয়াৰ কাৰ্য্যলয়ত কৰা আলোচনা মৰ্মে উক্ত কেন্দ্ৰতোত অহা ৭ ডিচেম্বৰ ২০১৮  পুনৰ নিৰ্ব্বচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে৷ 

আজি নিবাচনী বিষয়া প্ৰিজাইডিং বিষয়া সকল পুনৰ আহি উপস্থিত হয় সেই একেটা ভোটকেন্দ্ৰত ৷ বিষয়াসকলে সাংবাদিকৰ কেমেৰাৰ সন্মুখত ভগৱানেই ভৰষা বুলি প্ৰকাশ কৰে৷ স্থানীয় ৰাইজে ৭ ডিচেম্বৰৰ দিনা ভোট দান কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷
 
মৰিয়নীৰ পৰা সপোন ৰহমান শইকীয়া