লণ্ডন/বাংগালুৰুঃ ফেক নিউজৰ জৰিয়তে পোহৰলৈ আহিলেও এয়া আছিল এক অতি সুন্দৰ কাহিনী। এই ধৰণে আৰম্ভ কৰা এটি ক্ৰীড়া বিষয়ক প্ৰৱন্ধৰে বিগত কিছুদিন ধৰি সমগ্ৰ ভাৰতত ছ’চিয়েল মিডিয়াৰ লগতে মেইনষ্ট্ৰীম মিডিয়াৰ জৰিয়তেও ভাইৰেল হৈ পৰা 'ভাৰতৰ উছেইন বল্ট’ শীৰ্ষক বাতৰিৰ প্ৰকৃত সত্য সম্পৰ্কে দাঙি ধৰিছে ইংলেণ্ডৰ আগশাৰীৰ সংবাদ পত্ৰ 'দ্য গাৰ্ডিয়ান’-এ। ২০০ বছৰ অতিক্ৰম কৰা কাকতখনে কেবাগৰাকী এথলীট বিশেষজ্ঞৰ বিশ্লেষণ উল্লেখ কৰি স্পষ্ট কৰি দিছে যে ছ’চিয়েল মিডিয়া আৰু মিডিয়াৰ জৰিয়তে এজনক উছেইন বল্ট আখ্যা দিয়াতো যিমান সহজ, প্ৰকৃতাৰ্থত সেয়া কোনোপধ্যে ইমান সহজ নহয়। 

ভাইৰেল সেই খবৰটো

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত টুইটাৰৰ জৰিয়তে পোহৰলৈ আহিছিল এটি ভিডিঅ’। ভিডিঅ’টো আছিল কৰ্ণাটকৰ পৰম্পৰাগত কাম্বালা ৰেচিঙৰ (ম'হ দৌৰ)। স্থানীয় সংবাদ মাধ্যমৰ পেপাৰ কাটসহ  ভিডিঅ’টো পোষ্ট কৰি এজন টুইটাৰ ইউজাৰে লিখিছিল যে কৰ্ণাটকৰ কাম্বালা ৰেচিঙত শ্ৰীনিবাস গৌড়া নামৰ অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এজন যুৱকে ৯.৫৫ ছেকেণ্ডত ১০০ মিটাৰ অতিক্ৰম কৰি ভংগ কৰিছে বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ স্প্ৰীণ্টাৰ উছেইন বল্টৰ অভিলেখ। 

টুইটাৰৰ উক্ত ভিডিঅ’টোক লৈ দেশৰ সৰ্বাধিক টিআৰপি থকা হিন্দী আৰু ইংৰাজী টিভি চেনেলৰ অধিকাংশই বাতৰি সম্প্ৰচাৰ কৰাত সেয়া নিমিষতে সমগ্ৰ ভাৰতৰ চুকে-কোণে বিয়পি পৰে। টিভি চেনেলসমূহে গৌড়াক বৰ বৰ হৰফেৰে ভাৰতৰ উছেইন বল্ট আখ্যা দিয়াত সকলোৱে সেয়াই সত্য বুলি ধৰি লৈ চৰকাৰক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনাবলৈ আৰম্ভ কৰে। এনেদৰেই টুইটাৰক অতিক্ৰমি ফেচবুক-হোৱাটছএপতো ভাইৰেল হৈ পৰে এই আশাব্যঞ্জক খবৰ।

ভিডিঅ’টোত দেখা গৈছে যে তীব্ৰ গতিৰে দৌৰি থকা এহাল ম’হক এডাল ৰছীৰে ধৰি বোকা-পানীৰ মাজেৰে ঘোঁৰা দৌৰ দিছে এজন যুৱকে। ম’হহালৰ পিছে পিছে দৌৰা এই যুৱকজনেই হৈছে ভাৰতৰ বল্ট আখ্যা পোৱা গৌড়া। ভিডিঅ’টো শ্বেয়াৰ কৰি অধিকাংশ লোকে লিখিছে যে বোকা-পানীৰ মাজেৰেই যেতিয়া ইমান বেগেৰে দৌৰিব পাৰিছে তেন্তে ট্ৰেকত তেওঁ উছেইন বল্টক টিলিকতে আউট কৰি দিয়াতো নিশ্চিত। 

ৰিয়েল বল্টক পিছ পেলাব পাৰিবনে মিডিয়া মেকিং ভাৰতৰ বল্টে?

ভিডিঅ’টো প্ৰত্যক্ষ কৰি অধিকাংশ ভাৰতীয়ই দাবী কৰিছে যে কৰ্ণাটকৰ ২৮ বছৰীয়া গৌড়াই উছেইন বল্টক অনায়াসে পিছ পেলাব পাৰিব। গৌড়াক লৈ অধিক আত্মবিশ্বাসী হৈ পৰাসকলৰ মতে বোকা-পানীৰ মাজেৰেই যিজনে ইমান বেগেৰে দৌৰিব পাৰে সেইজনে ট্ৰেকত আৰু বেগেৰে দৌৰিব নোৱৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। পিছে ভাৰতীয়সকলৰ এনে দাবীক হাস্যকৰ আখ্যা দিছে বিশ্বৰ আগশাৰীৰ এথলীট বিশেষজ্ঞসকলে।

এথলীট বিশেষজ্ঞসকলৰ বক্তব্যৰ ভিত্তিত 'How can you outrun Usain Bolt? Get yourself some buffalos' শীৰ্ষক 'দ্য গাৰ্ডিয়ান’ৰ লেখাটোত কোৱা হৈছে যে বহুতে ভবাৰ দৰে গৌড়াই বল্টৰ অভিলেখ ভংগ কৰাতো মুঠেই সত্য নহয়।

'তেওঁ ১০০ মিটাৰৰ দৌৰ ১১ ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হ’ব পাৰে। ল’ৰাজন বেগী, শৰীৰ আটিল। কিন্তু মূল কথাটো হৈছে ম’হে স্বাভাৱিকতেই মানুহতকৈ তীব্ৰবেগে দৌৰিব পাৰে। সেয়ে এই খেলখনত ভাগলোৱাজনৰ কাম হৈছে ম’হহালক পোনাই দৌৰিবলৈ বাধ্য কৰাই নিজকে নপৰাকৈ ৰাখি সমানে দৌৰ দিয়াতো। মোৰ বাবে এয়া ভাৰতীয় সংস্কৃতিৰ এক ভাললগা খবৰহে, এথলেটিকছৰ নহয়।’-দ্য গাৰ্ডিয়ানৰ আগত এইদৰে কয় ১০০ মিটাৰ ইভেণ্টত স্পেইনৰ শ্ৰেষ্ঠ এথলীট ডেভিদ ৰড্ৰিগেজে।

৯.৮৫ ছেকেণ্ডত ১০০ মিটাৰ অতিক্ৰম কৰা আলছুজি ফাছুবাৰ প্ৰশিক্ষক, ফ্ৰান্সৰ স্প্ৰীণ্টাৰ স্পেচিয়েলিষ্ট পিয়েৰ-জিন বাজেলেও দ্য গাৰ্ডিয়ানৰ সৈতে হোৱা কথোপকথনত গৌড়াক লৈ ভাৰতীয় মিডিয়াই কৰা দাবীক স্পষ্টকৈ নস্যাৎ কৰিছে। 'প্ৰতিটো মাহতে এনেধৰণৰ একো একোটা কাম নাইকিয়া কাহিনী আমি পায়েই থাকো।’-বাজেলৰ মন্তব্য।

তেওঁ আৰু কয় যে যিদৰে গৌড়াই তীব্ৰ বেগত দৌৰিছে সেইধৰণৰে ইয়াৰ পূৰ্বেও কেবাগৰাকী স্প্ৰীণ্টাৰে দৌৰ সম্পন্ন কৰিছে। '২০০৮ অলিম্পিকৰ পূৰ্বে প্ৰশিক্ষণৰ সময়ত ৰবৰৰে তৈয়াৰ কৰা ৰছীযুক্ত ৰানিং ডিভাইছ ব্যৱহাৰ কৰি ১০০ মিটাৰ দূৰত্ব মাত্ৰ ৯.১ ছেকেণ্ডত সম্পূৰ্ণ কৰিছিল পৰ্তুগালৰ স্প্ৰীণ্টাৰ ফ্ৰান্সিছ অবিকেলুৱে। বল্টৰ সৰ্বাধিক বেগ হৈছে ঘণ্টাত ৪৪ কিলোমিটাৰ। কিন্তু ফ্ৰান্সৰ স্প্ৰীণ্টাৰ জিমি বিকেটে এক প্ৰশিক্ষণকালত প্ৰতিঘণ্টাত ৪৭ কিলোমিটাৰ বেগেৰে দৌৰিছিল। সেই সময়ত তেওঁ এক বিশেষ ইলেকট্ৰনিক ৰানিং ডিভাইছত ধৰি দৌৰিছিল।’-বোকা-পানী হোৱা বাবে ম’হহালৰ পিছে পিছে পৰি নোযোৱাকৈ দৌৰাত সহায় হয় বুলি উল্লেখ কৰি এইদৰে কয় ফৰাচী দৌৰবিদ বিশেষজ্ঞগৰাকীয়ে।   

আৰু এজন ভাৰতীয় বল্টৰ ব্যৰ্থতাৰ কাহিনী

ভাৰতৰ বল্ট আখ্যা পোৱা গৌড়াই প্ৰথম নহয়। গৌড়াৰ পূৰ্বে ভাৰতৰ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত বল্ট আখ্যা লাভ কৰিছিল মধ্যপ্ৰদেশৰ ৰামেশ্বৰ গুৰ্জৰ নামৰ এজন ১৯ বৰ্ষীয় যুৱকে। খালী ভৰিৰে ৰাস্তাত খোজ কাঢ়ি দৌৰা ৰামেশ্বৰৰ ভিডিঅ’ কেনেবাকৈ ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত। খবৰ গৈ মধ্যপ্ৰদেশ আৰু কেন্দ্ৰ চৰকাৰৰ কাণত পৰাত অলিম্পিকৰ বাবে সাজু কৰি তুলিবলৈ বুলি তেওঁক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হয়। 

কিন্তু অনেক চৰ্চা আৰু মিডিয়াৰ হৈ-চৈৰ পিছত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ(SAI)ৰ ভূপালস্থিত কেন্দ্ৰত ট্ৰায়েলৰ সময়ত সম্পূৰ্ণৰূপে ব্যৰ্থ হয় দুদিন আগলৈকে ভাৰতবাসীৰ বাবে বল্ট হৈ পৰা ৰামেশ্বৰ। এই ব্যৰ্থতাৰ পিছত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰামেশ্বৰক আৰু প্ৰশিক্ষণৰ প্ৰয়োজন হ’ব বুলি কয় যদিও বৰ্তমান তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰি কিমানদূৰ আগবাঢ়িবলৈ সমৰ্থ হৈছে সেয়া জানিব পৰা হোৱা নাই।

শ্ৰীনিবাস গৌড়াৰ অভিলেখ ভংগ নিশান্ত ছেট্টীৰ

শ্ৰীনিবাস গৌড়াই বহুতে দাবী কৰাৰ দৰেকৈ বল্টৰ ৰেকৰ্ড ভংগ কৰিবলৈ সমৰ্থ হওক বা নহওক, ইতিমধ্যে ভংগ হৈছে গৌড়াৰ ৰেকৰ্ড। ১৮ ফেব্ৰুৱাৰীত পোহৰলৈ অহা খবৰ অনুযায়ী কৰ্ণাটকৰ বজাগলি জগিবেট্টুৰ কাম্বলা ৰানাৰ নিশান্ত ছেট্টীয়ে মাত্ৰ ৯.৫১ ছেকেণ্ডতে অতিক্ৰম কৰে ১০০ মিটাৰ দূৰত্ব। গৌড়াৰ ভিডিঅ’টোত ১৪২ মিটাৰৰ দৌৰ সম্পন্ন হৈছিল ১৩.৪২ ছেকেণ্ডত। তাৰ পৰা ১০০ মিটাৰৰ হিচাপ কৰি উলিয়াই গৌড়াই সেয়া বল্টতকৈও কম সময় অৰ্থাৎ মাত্ৰ ৯.৫৫ ছেকেণ্ডত সম্পূৰ্ণ কৰা বুলি দাবী কৰা হৈছে। একেদৰে নিশান্তে ১৪৩ মিটাৰ দূৰত্ব অতিক্ৰম কৰোতে সময় লৈছে ১৩.৬৮ ছেকেণ্ড। ১০০ মিটাৰৰ হিচাপ কৰোতে সেয়া হৈছেগৈ মাত্ৰ ৯.৫১ ছেকেণ্ড।

প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ গৌড়াৰ

মিডিয়াৰ বাঃ বাঃ লাভ কৰি মধ্যপ্ৰদেশৰ ৰামেশ্বৰে ছাইৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি ব্যৰ্থতাৰ সন্মুখীন হোৱাৰ সময়তে এনেধৰণৰ কোনো প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ছ’চিয়েল মিডিয়া আৰু মিডিয়াই ভাৰতৰ বল্ট আখ্যা দিয়া কৰ্ণাটকৰ কাম্বালা ৰানাৰ শ্ৰীনিবাস গৌড়াই। একাংশ লোকে গৌড়াৰ ভিডিঅ’টো শ্বেয়াৰ কৰি এনে এথলীটসকলে উপযুক্ত প্ৰশিক্ষণ পালে ভাৰতে অলিম্পিকত কেবাটাও স্বৰ্ণ লাভ কৰিব বুলি দাবী কৰি থকাৰ সময়তে বিনম্ৰতাৰে স্বীকাৰ কৰিছে যে তেওঁ কোনো কাৰণতে বল্টৰ সমকক্ষ নহয়।

'মই নাভাবো যে মই বল্টৰ দৰেকৈ ইমান বেগেৰে দৌৰিব পাৰিম। কাম্বালা ৰেচিঙত আচল কামটো কৰে ম’হকেইটাই আৰু মহ’কেইটাৰ গৰাকীয়ে। গৰাকীয়ে ম’হকেইটাৰ ভালকৈ যতন লয় আৰু স্বাস্থ্যৱান কৰি ৰাখে যাতে সিঁহতে বেগাই দৌৰিব পাৰে। মই কেৱল ৰছীডালত ধৰি সিহঁতক পোনে পোনে যাবলৈ বাধ্য কৰো আৰু নিজে পৰি নোযোৱাকৈ পিছে পিছে দৌৰো।’-ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰাৰ পিছত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিৰুপ্পাই জনোৱা আমন্ত্ৰণ ৰক্ষা কৰি স্থানীয় সংবাদ মাধ্যমৰ আগত এইদৰে কয় গৌড়াই।  

কিয় ঢৌটোকে ৰৌ কৰে মানুহে?

‘দ্য গাৰ্ডিয়ান’ত বাতৰিটো প্ৰকাশ পোৱাৰ পিছতে প্ৰশ্ন উত্থাপিত হৈছে যে কিয় ভাৰতত ক্ৰীড়াক লৈ এনেধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হৈ আহিছে? ক্ৰীড়াৰ সৈতে জড়িত কেবাগৰাকী বিশেষজ্ঞই এই প্ৰশ্নৰ উত্তৰত কৈছে যে খেলা-ধূলাক লৈ অধিকাংশ ভাৰতীয়ৰে জ্ঞান প্ৰায় শূন্য। তেওঁলোকৰ মতে টিভিৰ পৰ্দাত ক্ৰিকেট উপভোগ কৰি চকু আতৰোৱাৰ পিছতে দিকভ্ৰান্ত হৈ পৰে ভাৰতীয়সকল।

সমাজ বিজ্ঞানীসকলৰ মতে দিকভ্ৰান্ত হৈ পৰিলেই মানুহে কোনো অলৌকিক কাণ্ড-কাৰখানা বা চমৎকাৰৰ প্ৰতি সহজেই আকৃষ্ট হৈ পৰে। ফলত কোনো ঠাইত কোনো এজনে প্ৰথম দৃষ্টিত অসম্ভৱ যেন লগা কিবা এটা কৰিলেই সেইজনকে মানুহে উছেইন বল্ট, মাইকেল ফেল্পছ আখ্যা দি সন্তুষ্টি লাভ কৰিবলৈ লয়।

এনে পৰিপ্ৰেক্ষিতত কেৱল ছ’চিয়েল মিডিয়াত কিবা এটা ভাইৰেল হৈ পৰিলেই তাৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি অহাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে সচেতন লোকসকলে৷ তেওঁলোকৰ মতে হঠাৎ আৱিৰ্ভাব হোৱা বাবাজীসকল যিদৰে সমাজৰ বাবে বিপদজনক ঠিক একেদৰে ছ’চিয়েল মিডিয়া ছেনছেশ্যনৰ জৰিয়তেও ভাৰতে অলিম্পিকত পদক লাভ কৰাতো কোনোপধ্যে সম্ভৱ নহয়৷

অলিম্পিকত পদক লাভ কৰিবলৈ হ’লে চমৎকাৰিতাৰ পৰিৱৰ্তে প্ৰাথমিক স্তৰৰ পৰাই ক্ৰীড়াৰ ক্ষেত্ৰখনত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে যে আন কোনো উপায় নাই সেয়া চৰকাৰ তথা ক্ৰীড়া মন্ত্ৰীয়ে যিমান সোনকালে উপলব্ধি কৰে দেশৰ বাবে সিমানেই মংগল৷ ইয়াৰ অন্যথাই ঢৌটোকে ৰৌ জ্ঞান কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই অধিক!