ইম্ফলঃ মণিপুৰৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে থিয় দিয়া মণিপুৰৰ লৌহমানৱী ইৰম চানু শৰ্মিলাই মাত্ৰ ৯০ টা ভোটতে ৰৈ যাব লগা হ’ল। সমগ্ৰ বিশ্বতে জনাজাত লৌহমানৱীগৰাকীৰ ১৬ বছৰীয়া মানৱাধিকাৰ আন্দোলনৰ পিছত ৰাজনীতিৰ যোগেদি সমাজ সংস্কাৰ কৰিব বিচৰা নেত্ৰীগৰাকীৰ সক্ষমতাত কাৰোৱে সন্দেহ নাছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বাদেই, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো শৰ্মিলাৰ কথা কোনোৱেই ঋণাত্মকভাৱে উত্থাপন কৰা নাছিল। তেনেস্থলত নিৰ্বাচনী ইতিহাসত নজীৰ থাকি যোৱাকৈ কম ভোটেৰে হৰাৰ কোনো প্ৰশ্নয়ে নাছিল শৰ্মিলাৰ। পিছে ক’ৰবাত যেন কেনা লাগি আছিল। ক’ৰবাত ভূল হৈ গৈছিল শৰ্মিলাৰ। সেই ভূলেই আছিল বোধকৰো শৰ্মিলাৰ বিয়াৰ সিদ্ধান্ত।

ৰাজ্যখনত সশস্ত্ৰ সেনাবাহিনীৰ বিশেষ ক্ষমতা আইনখন বাতিল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই শৰ্মিলাই ১৬ বছৰে কৰা অনশন ভঙাৰ সিদ্ধান্তক সকলোৱে মানৱতাৰ খাতিৰতে আদৰি লৈছিল। কিন্তু আদৰি ল’ব পৰা নাছিল হয়তো শৰ্মিলাৰ বিয়াৰ সিদ্ধান্ত। 

বিশেষকৈ মণিপুৰৰ ৰক্ষণশীল সমাজখনে মানি ল’ব পৰা নাছিল বিদেশী এজনৰ সৈতে বিয়াৰ সিদ্ধান্ত। মণিপুৰৰ সাধাৰণ ৰাইজে হয়তো ভাবি ল’লে যে বিয়া হ’বৰ বাবেই অনশন ভংগ কৰিলে শৰ্মিলাই। সম্প্ৰতি চচিয়েল মিডিয়াত এইকথাই চৰ্চালৈ আহিছে। অৱশ্যে মানৱাধিকাৰত হকে যুঁজ দিয়াৰ ইছ্যুটোতকৈ হয়তো পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ দুৰ্নীতিক উৎখাত কৰাটো বেছি প্ৰয়োজন বুলি অনুভৱ কৰিলে মণিপুৰবাসীয়ে।

এতিয়া মণিপুৰ গেৰুৱা ৰঙে ৰঙীন। আজি মণিপুৰৰ ৬০ জনীয়া বিধানসভাৰ ৩২ জনৰ সমৰ্থনসম্বলিত পত্ৰ ৰাজ্যপাল নাজমা হেপতুল্লাৰ দপ্তৰত দাখিল কৰে। ২১ খন আসন লাভ কৰা বিজেপি দলটোক সমৰ্থন দিছে নেশ্যনেল পিপলচ পাৰ্টিৰ ৪ জন, নাগা পিপলচ ফ্ৰণ্টৰ ৪ জনে আৰু এলজেপিৰ এজন আৰু দুজন অইন প্ৰাৰ্থীয়ে। উল্লেখ্য যে এই শেষৰ দুজনৰ এজনে আকৌ তৃণমূল কংগ্ৰেছৰপৰা টিকট পাইছিল।