ডিজিটেল ডেস্কঃ আপুনি বাৰু সঘনাই কম্পিউটাৰ ৰিফ্ৰেছ কৰে নেকি? দহজনৰ ভিতৰত নজন উইণ্ডোছ অপাৰেটিং চিষ্টেম ব্যৱহাৰকাৰীয়ে ৰিফ্ৰেছ কৰে কম্পিউটাৰ৷ 

আনকি বহু চফটৱেৰ অভিযন্তাও F5 চুইছ প্ৰেছ কৰাটো এক অভ্যাসলৈ পৰিণত হৈ যায়৷ যদিহে আপোনাৰ সঘনাই উইণ্ডো ৰিফ্ৰেছ কৰাটো অভ্যাস তেন্তে অনতি পলমে বাদ দিয়ক সেই অভ্যাস৷ 

কিয়নো সঘনাই উইণ্ডো ৰিফ্ৰেছ কৰাটো এক প্ৰকাৰৰ মানসিক বিসংগতিৰ লক্ষণ৷ উইণ্ডো ক্লাৱৰ গৱেষণাত প্ৰকাশ হৈছে এই তথ্য৷ বহুতে ভবাৰ দৰে ৰিফ্ৰেছ কৰিলে নাবাঢ়ে কম্পিউটাৰৰ গতি৷ 

আনহাতে বহুলোকে ভাবে যে বেছি সময় F5 ডবালে বেছি মসৃন গতিত চলে কম্পিউটাৰ৷ এই ধাৰণাতে বহু ইউজাৰ্চে ৩০০ চেকেণ্ড পৰ্যন্ত উক্ত চুইছটো হেঁচি ধৰি ৰাখে৷ 

ৰিফ্ৰেচ কৰাৰ ফলত কেৱল ডেস্কটপত থকা নতুন আইকন সন্নিবিষ্ট কৰিলে ক্ৰম অনুসাৰে স্ক্ৰীণত দেখা দিয়ে৷ এইটোৱে একমাত্ৰ ৰিফ্ৰেছ কৰাৰ উপকাৰিতা৷ তদুপৰি এই কাৰ্যৰ ফলত ইউজাৰ্চৰ সময় নষ্ট হয় বুলি প্ৰকাশ কৰিছে উইণ্ডো ক্লাবে৷