newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনাৰ ২৭২ আসনৰ ভিতৰত ২১৮ খন আসনৰ ভোট গণনাৰ খবৰ আহিছে৷ পিটিআয়ে ১১৩ খন আসনত আগবাঢ়ি আছে৷ ইয়াৰ লগে লগে পিএমএল ৪৮ খন আসন, পিপিপি দলে ৩৩ খন আসনত আগবাঢ়ি আছে৷ ক্ৰিকটৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দিয়া পিটিআই দলৰ নেতা ইমৰাণ খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে৷

তাৰ মাজতে, পাকিস্তানত নিৰ্বাচনৰ ভোট গণনাৰ গৰম বতাহ চলি থকাৰ মাজতে ফলাফলক মানি নলও বুলি দাবী কৰিলে পাকিস্তান মুছলিম লীগে৷ নিশা এখন সংবাদ মেল অনুষ্ঠিত কৰি এই দাবী কৰে নৱাজ শ্বৰীফৰ ভাতৃ তথা পাকিস্তান মুছলিম লীগৰ মুৰব্বী শ্বাহবাজ শ্বৰীফে৷ ইপিনে এটা টিভি চেনেল এই ফলাফল অগণতান্ত্ৰিত বুলি দাবী কৰিলে৷ 

বুধবাৰে পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান সন্ধিয়া ৬ বজাত সমাপ্ত হয়। ৬ বজাত ভোটদান সমাপ্ত হোৱাৰ পিছতে প্ৰায় ১ ঘণ্টা পলমকৈ ভোটগণনা আৰম্ভ হয়। আনহাতে পিটিআইৰ আন এজন নেতা গোলাম চাৰৱাৰ, মহম্মদ চাফিক, আমিৰ মোকাম আগবাঢ়ি আছে। পাকিস্তানৰ মিডিয়াৰ খবৰ মতে পিটিআয়ে দেশৰ বিভিন্ন প্ৰান্তত প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ পিছৰে পৰা বৃহৎ সংখ্যাক ভোটত আগবাঢ়িছে পিটিআইৰ প্ৰাৰ্থী।  

বুধবাৰে পুৱাৰে পৰা ভোটাৰে ঘৰৰ পৰা ওলাই আহি ভোট দিবৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হৈছিল পাকিস্তানৰ জনগণ। ভোটদান পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হৈছে আৰু সন্ধিয়া ৬ বজাত ভোটদান সমাপ্ত হয়।