মুম্বাইঃ চাওতে চাওতে ১০০ মিলিয়ন গ্ৰাহকভূক্তি কৰিবলৈ সক্ষম হোৱা ৰিলায়েন্স জিঅ’ই চলিত বৰ্ষৰ শেষৰফালে গ্ৰাহকসকলক দিব পাৰে আন এক চমকপ্ৰদ উপহাৰ।

দেশৰ টেলিকম খণ্ডত অভূতপূৰ্ব প্ৰতিযোগিতাৰ পৰিৱেশ সৃষ্টি কৰি জোৱাৰ অনা মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ই ২০১৭ বৰ্ষৰ শেষৰফালে সম্প্ৰতি চলি থকা ৪জি নেটৱৰ্ক ৫জিলৈ উন্নীত কৰিব পাৰে। দেওবাৰে ইণ্ডিয়া টুডে কনক্লেভত এই কথা সদৰী কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ আম্বানীয়ে।

জিঅ'ক বিশ্বৰ সৰ্বোত্তম টেলিকম সেৱাৰূপে গঢ় দিবলৈ পৰিকল্পনা কৰা আম্বানীয়ে বছৰটোৰ শেষৰফালে ৯৯ শতাংশ জনসংখ্যাক ইয়াৰ জৰিয়তে সামৰি ল’ব বুলি কয়। জিঅ’ই ৯০ হাজাৰ লোকক কৰ্মসংস্থাপনৰ সুযোগ দিছে বুলিও মন্তব্য কৰে আম্বানীয়ে।

ফেচবুক, গুগল আৰু স্কাইপক যিমান সোনকালে আদৰি লৈছে, তাতোকৈও কম সময়ৰ ভিতৰত জিঅ’ক ভাৰতৰ প্ৰায় সকলোৱে আদৰি লৈছে বুলিও মন্তব্য কৰে আম্বানীয়ে।

আগন্তুক দুটা বৰ্ষত ১.৯ মিলিয়ন বিদ্যালয়ক জিঅ' নেটৱৰ্কে সামৰি ল'ব বুলিও আম্বানীয়ে ঘোষণা কৰে। তদুপৰি ভাৰতত প্ৰত্যেক বছৰে ১৫ মিলিয়ন কৰ্মসংস্থাপন সৃষ্টিৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি আম্বানীয়ে কয় যে জিঅ'ই ইতিমধ্যে দেশখনত ৫০ লাখ স্থায়ী নিয়োগ সৃ্ষ্টি কৰিবলৈ সমৰ্থ হৈছে।