গুৱাহাটীঃ অসমৰ ৰাজধানী দিশপুৰৰ গাতে লাগি থকা জটীয়াৰ ''জটীয়া সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা উদযাপন সমিতি’’ৰ সমুহ সদস্যবৃন্দই কৰ’না মহামাৰীৰ কৱলত দিশহাৰা হোৱা দুখীয়া জনসাধাৰনক সহায়-সহযোগীতা কৰিবলৈ জনোৱা অসম চৰকাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই যোৱা ১২এপ্ৰিল দেওবাৰে জটীয়া অঞ্চলৰ ৭০টাতকৈও অধিক অৰ্থনৈতিকভাৱে পিচপৰা পৰিয়ালক একোটাকৈ খাদ্য-সামগ্ৰীৰ টোপোলা আগবঢ়ায়৷

উল্লেখযোগ্য যে চৰকাৰে বান্ধি দিয়া সামাজিক দুৰত্ব বজাই ৰখাৰ নিয়ম পালন কৰি এই খাদ্য-সামগ্ৰীৰ টোপোলাবোৰ দুৰ্গা পূজা উদযাপন সমিতিৰ সদস্য সকলে একে ঠাইৰ পৰা বিতৰণ নকৰি পৰ্য্যায়ক্ৰমে বিভিন্ন স্থানৰ পৰা অভাৱগ্ৰস্থ সকলক বিতৰন কৰে৷ 

এই মহান কাৰ্য্যত দুৰ্গা পূজা উদযাপন সমিতিক গুৱাহাটীৰ ভেটাপাৰা অঞ্চলৰ ‘আমাৰ প্ৰয়াস’গোষ্ঠীয়ে যথেষ্ঠ সহায় সহযোগীতা আগবঢ়োৱাৰ কাৰনে জটীয়া দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি শ্ৰী অসীম কুমাৰ ভূঞা ডাঙৰীয়াই  ‘আমাৰ প্ৰয়াস’গোষ্ঠীৰ শলাগ লয়৷