মুম্বাইঃ অসমত পোন প্ৰথবাৰৰ বাবে মোবাইল সেৱা আৰম্ভ কৰি বিপ্লৱৰ সূচনা কৰা কোম্পেনীটোৱে বন্ধ হ’ব৷ হয়, ৰিলায়েন্স টেলিকমিউনিকেচনে তেওঁলোক দুৰসংযোগ সেৱা বন্ধ কৰিব বুলি জানিব পৰা গৈছে।

অহা ৩০ নৱেম্বৰৰ দিনতো তেওঁলোকৰ কৰ্মচাৰী সকলৰ চাকৰিৰ শেষ দিন বুলি তেওঁলোকে ঘোষণা কৰিছে। ইয়াৰ ফলত কোম্পানীতোৰ প্ৰায় ১২০০ কৰ্মচাৰী ভৱিষ্যত অনিশ্চিত হৈ পৰিছে। ইফালে বহস্পতিবাৰৰ প্ৰায় গোটেই দিনতো নেটৱৰ্কে কাম নকৰাৰ ফলত অসমত ৰিলায়েন্স মোৱাইলৰ গ্ৰাহক সকলৰ মাজত হাহাঁকাৰৰ সৃষ্টি হৈছে।