ওদালগুৰিঃ অসম ৰাজ্যিক নগৰীয়া জীৱিকা মিচন সংস্থাৰ উদ্যোগত অনুষ্ঠিত এখন সভাত শনিবাৰে ওদালগুৰিৰ বিভিন্ন অঞ্চলৰ আত্মসহায়ক গোটসমূহৰ মাজত ঘূৰ্ণীয়মান সাহাৰ্য্য, দক্ষতা বিকাশৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। ৱাৰ্ড সদস্য যতীন ৰাজবংশীয়ে আত ধৰা সভাত ওদালগুৰি অঞ্চলৰ ৫০টা আত্ম সহায়ক গোট আৰু তিনিটাকৈ ফেডাৰেচনক ১০ হাজাৰ আৰু ৫০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে।

সভাত মন্ত্ৰীগৰাকীয়ে কয় যে, এই আত্মসহায়ক গোটসমূহৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত মহিলাসকল স্বাৱলম্বী হৈ আহিছে। আত্মসহায়ক গোটসমূহে বেংকৰ পৰা লাভ কৰা বিভিন্ন ঋণৰ জৰিয়তে স্বাৱলম্বী হোৱাও দেখা গৈছে। কিন্তু ইয়াৰ মাজতে একাংশ গোটে তেওঁলোকৰ ঋণসমূহ ওভতাই নিদিয়াৰ ফলত বেংকসমূহে পুনৰ ঋণ দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। লগতে চৰকাৰখনে আগন্তুক দিনত এই আত্মসহায়ক গোটসমূহৰ বাবে আৰু অধিক কাম কৰি যাব বুলি উল্লেখ কৰে।

সভাত উপস্থিত থাকি ওদালগুৰি নগৰ সমিতিৰ অধ্যক্ষ ৰিপেন দৈমাৰীয়ে কয় যে, নগৰ সমিতিখনে পূৰ্বেও আত্মসহায়ক গোটসমূহৰ উৎসাহ বৃদ্ধি কৰাৰ স্বাৰ্থত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। সভাত ওদালগুৰিৰ বিভিন্ন অঞ্চলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত তিনিমহীয়া প্ৰশিক্ষণ লাভ কৰা ৩২ জন শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। সভাত বিটিচি পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, ওদালগুৰি নগৰ সমিতিৰ নগৰ প্ৰকল্প বিষয়া মনদীপ দৈমাৰী, নয়নজ্যোতি শৰ্মাৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।