দিল্লীঃ ৰাষ্ট্ৰীয় সংগীতত অসম নতুবা উত্তৰ পূৰ্বাঞ্চলৰ কথা উল্লেখ নথকাত সময়ে সময়ে বিতৰ্ক হৈ আহিছে৷ তাৰ মাজতে কংগ্ৰেছৰ সাংসদ ৰিপুণ বৰাই ৰাজ্য সভাত ৰাষ্ট্ৰীয় সংগীতত ‘সিন্ধু’ শব্দৰ পৰিৱৰ্তে ‘উত্তৰ পূৰ্বাঞ্চল’ শব্দ অন্তৰ্ভুক্ত কৰাৰ ৰাজ্য সভাত আৱেদন পত্ৰ দাখিল কৰে৷ 

ৰিপুণ বৰাই কয় ‘‘উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অন্যতম অংগ৷ কিন্তু ৰাষ্ট্ৰীয় সংগীতত উত্তৰ পূৰ্বাঞ্চলৰ কথা উল্লেখ নাই কিন্তু সিন্ধুৰ কথা উল্লেখ আছে৷ বৰ্তমান ভাৰতৰ নহয় পাকিস্তানৰ হে অংগ সিন্ধু৷’’

সদনত এই বিষয়ৰ আইনক সংশোধন কৰি উত্তৰ পূৰ্বাঞ্চল শব্দ অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই বৰাই৷ ব্যক্তিগত ভাৱে এই আৱেদন জনাই পত্ৰ দাখিল কৰে ৰাজ্য সভাত৷ শুকুৰবাৰে এই আৱেদন দাখিল কৰা বিষয়টোৱে ব্যাপক চৰ্চালৈ আহে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি সম্প্ৰচাৰ কৰা দেখা যায়৷