ৰঙিয়াঃ সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে ৰঙিয়াৰ ৰাইজ৷ ইটোৰ-পিছত সিটো দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছে বহু লোকৰ৷ ৰাজ পথত আৰক্ষীয়ে পহৰা নিদিয়াৰ ফলতেই দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷

একাংশ চালকে যান-বাহনৰ নীতি-নিয়ম মানি নচলাৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন হৈছে৷ তাৰ মাজতে মঙলবাৰে ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফ্লাই অ'ভাৰত টেম্পই মহতিয়াই নিয়ে বাইক আৰোহীক।

ফলত গুৰুতৰ ভাৱে আহত হয় টিহুৰ যতীন পাঠক নামৰ যুৱক এজন। গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ভুল দিশেৰে আহি থকা টেম্প এখনে খুন্দা মাৰে যুৱকজনকৰ বাইকত। যুৱকজনক চিকিৎসালযত ভৰ্তি কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা টেম্পখন।

আনহাতে, সোমবাৰে ৰঙিয়াৰ ৰাজপথত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী লোক গুৰুতৰ ভাৱে আহত হয়৷ ৰঙিয়া তিনিআলি দৈনিক বজাৰত তীব্ৰবেগী মাৰুতিয়ে বিদ্যুৎৰ খুঁটাত খুন্দা মাৰে।

ফলত জাকিৰ হুছেইন নামৰ লোক জন গুৰুতৰ ভাৱে আহত হয়। কথমপি ৰক্ষাপৰে কেইবাজনো লোক। আনহাতে, দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা চালকগৰাকীয়ে পলায়ণ কৰে। নিশাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পথ মোকলাই বাহন খন জব্দ কৰি চালকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।