নগাঁওঃ সভা-সমিতিয়ে বৰ বৰ কথা কোৱা আঙুৰলতা ডেকাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ বাট-পথৰ কদৰ্যময় অৱস্থাই উন্নয়নৰ প্ৰকৃত স্বৰূপটো ওলাই পৰা বুলি ৰাইজে অভিযোগ উত্থানপ কৰে৷ সভা-সমিতিয়ে নিজ সমষ্টিৰ ৰাস্তা-ঘাটৰ উন্নয়ন কৰাৰ কথা কোৱা বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ একাংশ বাট-পথৰ বিধ্বস্ত ৰূপে ৰাইজে যমৰ-যাতনা ভোগ কৰি আহিছে৷

সমষ্টিটোৰ বিভিন্ন পথৰ লগতে বটদ্ৰৱা থান সংযোগী ভেটিবাৰী-ছালনাবড়ি পথটো গড়কাপ্তানী বিভাগে বছৰ বছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ হৈ পৰে৷ ভেটিবাৰী-ছালনাবড়ি পথটোৰ জৰাজীৰ্ণ অৱস্থাই বটদ্ৰৱা সমষ্টিৰ উন্নয়নৰ স্বৰূপটো জলজল পটপটকৈ উদঙাই দিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ বছৰ বছৰ ধৰি মেৰামতিৰ নামত শিলগুটি এটাও নপৰা গুৰুত্বপূৰ্ণ পথটো অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি নৰক যন্ত্ৰণা ভোগ কৰি আহিবলগীয়া হৈছে৷

জনপ্ৰতিনিধিৰ সুদৃষ্টিৰ পৰা দূৰত থকা পথটোত বৰ্তমান সৰু-বৰ অসংখ্য গাঁতৰ লগতে ঠায়ে ঠায়ে পুখুৰী সদৃশ দ’ দ’ গাঁতৰ সৃষ্টিৰে একেবাৰে যাতায়াতৰ অনুপযোগী হৈ পৰিছে৷ অতি ব্যস্ত পথটোৰে নিতৌ শ-শ লোকে আহ-যাহ কৰে যদিও বিধায়িকাগৰাকীয়ে গুৰুত্ব প্ৰদান নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ সম্প্ৰতি গাড়ী মটৰৰ চলাচলৰ বাবে বিপজ্জনক হৈ পৰা বিধ্বস্ত পথটোত ৰাইজে ঘোৰাৰ গাড়ী চলোৱাৰ ব্যৱস্থা কৰাৰ দাবী জনাই বিধায়িকাগৰাকীক৷

টেম্প’ বা আন বাহন যাতায়াত কৰাত ভীষণ অসুবিধাত পৰাৰ লগতে ককাঁল ভগাৰ উপক্ৰম হয় বুলি ৰাইজে ক্ষোভ উজাৰে৷ গড়কাপ্তানী বিভাগে পথটো মেৰামতিৰ কোনো ব্যৱস্থা আজিকোপতি ব্যৱস্থা গ্ৰহণ নকৰাত ৰহস্যজনকভাবে চকু মুদা কুলিৰ ভাওহে জুৰি আহিছে৷

আনকি পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন পৰিৱৰ্তনকামী চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকালতো পথটোত এটাও শিলগুটি এটা নপৰাত ৰাইজ বিধায়িকাগৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে৷ অনতিপলমে পথটোৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰে৷ যদি বিধায়িকাগৰাকীয়ে পথটো নিৰ্মাণ নকৰে তেন্তে আহ-যাহৰ বাবে ঘোঁৰাগাড়ীৰ ব্যৱস্থা কৰি দিয়াৰ আহ্বান জনাই ৰাইজে৷