• বটদ্ৰৱাত প্ৰবেশ নিষিদ্ধ কৰিলে আঙুৰলতাৰ

 

নগাঁওঃ  নগাঁও জিলাৰ ৰাইদঙীয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বাতিলৰ দাবীত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনৰ যৌথ সহযোগত  আজি ৰূপায়ন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ।

ৰাইজৰ প্ৰৱল আপত্তি সত্ত্বেও জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপি চৰকাৰে বিধেয়কখন যি কোনো প্ৰকাৰে গৃহীত কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি সংগঠনকেইটাৰ সদস্য সকলে নগাঁও-ধিং-মৈৰাবাৰী সংযোগী গড়কাপ্তানী পথৰ ৰাইদঙীয়াত দিনৰ ১২ বজাত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ কাৰীসকলে সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে স্থানীয় বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাক তীব্ৰ সমালোচনা কৰি কয় যে-নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহীত হ'লে  অসমীয়া কলা-সংস্কৃতিৰ লগতে অসমীয়া ভাষা-সাহিত্য  সকলো নিঃশেষ হৈ যাব বুলি জানি বুজিও এই বিধেয়কখনৰ বিৰুদ্ধে বিধায়িকা গৰাকীয়ে ইয়াৰ বিৰুদ্ধে মাত মতা নাই ।

ক্ষমতাৰ লোভত বিধায়িকা আঙুৰলতাই পাহৰি গৈছে যে বিধায়িকা হোৱাৰ পূৰ্বে তেওঁ এগৰাকী শিল্পী  আছিল । আজি  অসমৰ বহুকেইজন শিল্পীয়ে  এই বিলৰ বিৰোধিতা কৰি  আহিছে যদিও আঙুৰলতা ডেকা কিয় নিমাত বুলি প্ৰশ্ন কৰি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে । তদুপৰি সংগঠন কেইটাই বিধেয়কখন বাতিল নোহোৱা পৰ্যন্ত বিধায়িকাগৰাকীৰ বটদ্ৰৱা সমষ্টিত প্ৰবেশ নিষিদ্ধ ঘোষণা কৰাৰ বিপৰীতে যদিহে বিধায়িকাগৰাকী আহে তেন্তে তেওঁলোকে অৰ্ধ উলংগ হৈ ইয়াৰ প্ৰতিবাদ জনাব বুলি হুংকাৰ দিছে ৷

ইফালে, ঘটনাস্থলীত জাজৰি  আৰক্ষী  উপস্থিত হৈ  অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাস ,নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কনকজিৎ দাস আৰু ৰাইদঙীয়া আঞ্চলিক সমিতিৰ সভাপতি ৰুবেল দাসক আটক কৰে যদি পিছত ব্যক্তিগত জামিনত মুকলি কৰি দিয়ে।