আমগুৰিঃ অসমৰ ভূমিত অব্যাহত আছে নগা-NSCNৰ দাদাগিৰী৷ কেতিয়াবা অস্ত্ৰৰ বলেৰে ভয়-ভাবুকি দি সহজ সৰল অসমীয়াৰ ওপৰত সন্ত্ৰাস চলোৱাৰ লগতে কেতিয়াবা ঘৰ-দোৱাৰ জ্বলাই সীমান্তৰ অসমীয়াক অসমৰ ভূমিৰ পৰা নগাই খেদি পঠোৱাৰ চক্ৰান্ত কৰা দেখা যায়৷ সীমান্তৰ অসমীয়াৰ জীৱন আৰু সম্পত্তিৰ কোনো ধৰণৰ সুৰক্ষা নাই এই কথা নতুনকৈ কোৱাৰ প্ৰোয়োজন নাই৷

কিয়নো নগাই অসমৰ ভূমিত প্ৰৱেশ কৰি যি ইচ্ছা তাকেই কৰিব পাৰে৷ অধিকাৰ সাব্যস্ত কৰিব পাৰে, অস্ত্ৰৰে সন্ত্ৰাস চলাব পাৰে, অসমৰ ভূমি দখল কৰিব পাৰে, অসমীয়াক মাৰ-ধৰ কৰিব পাৰে, ঘৰ জ্বলাই দিব পাৰে, পথ নিৰ্মাণ কৰিব পাৰে, ধনদাবী কৰিব পাৰে৷

নগা আৰু NSCN-এ সকলো কৰিব পাৰে৷ কিন্তু অসমৰ ৰাইজৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দি সংবিধানৰ শপত লোৱা চৰকাৰে অসমীয়াৰ বাবে একো কৰা দেখা নাযায়৷

যাৰ ফলস্বৰূপে নগাই অসমৰ ভূমিত অধিকাৰ সাব্যস্ত কৰিব পাৰে, অস্ত্ৰৰে সন্ত্ৰাস চলাব পাৰে, অসমৰ ভূমি দখল কৰিব পাৰে, অসমীয়াক মাৰ-ধৰ কৰিব পাৰে, ঘৰ জ্বলাই দিব পাৰে, পথ নিৰ্মাণ কৰিব পাৰে, ধনদাবী কৰিব পাৰে৷ প্ৰতি খন ৰাজ্য চৰকাৰৰ দুৰ্বল ভূমিকাৰ বাবে অসমৰ ভূমিত নগালেণ্ড চৰকাৰ তথা NSCN (IM)ৰ দাদাগিৰী অব্যাহত আছে৷

এতিয়া ইচ্ছা গ’লেই অসমৰ ভূমিত পথ নিৰ্মাণ কৰাৰ লগতে বিনা দ্বিধাই NSCNৰ লোক সোমাই সন্ত্ৰাস সৃষ্টি কৰি অনায়াসে উভতি যাব পাৰে৷ কেন্দ্ৰীয় চৰকাৰে NSCN (IM)ৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰাৰ পিছৰে পৰা অসম-নাগালেণ্ড সীমান্তত নগাৰ সন্ত্ৰাস ক্ৰমে বৃদ্ধি পাব ধৰিছে৷ অসমৰ স্বাৰ্থৰ কথা নাভাবি ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰূপায়ণ কৰাৰৰ পিছতে বিষয়টো তথা সীমা সমস্যা স্পৰ্শকাতৰ হৈ পৰিছে৷

নগাৰ আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত বছৰ বছৰ ধৰি ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰাৰ ফলত ভাৰত চৰকাৰে অসমক ক্ষতি কৰি হলেও পূৰণ কৰিব বিছাৰিছে নগাৰ দাবী৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কোনো এখন ৰাজ্যৰ লোকৰ সৈতে আলোচনাত নবহি নিশাৰ ভিতৰতে স্বাক্ষৰ কৰিলে এখন চুক্তি৷ এই চুক্তিয়ে এতিয়া অসমৰ মানুহক শংকিত কৰি তুলিছে৷ যাৰ বাবে যোৱা কেইবাটাওঁ মাহ ধৰি অসমৰ ৰাইজে ৰাজ পথ উত্তাল কৰি ৰাখিছে৷

এই চুক্তিয়ে অসমত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰিব পৰাৰ আশংকা কৰা হয়৷ সকলোকে অন্ধকাৰত ৰাখি কেন্দ্ৰীয় চৰকাৰে সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্য চৰ্চিত হৈ অহাৰ সময়তে অসমৰ ভূমিত নগাই দাদাগিৰী অব্যাহত ৰাখিছে৷

ইয়াৰ মাজতে অসমৰ মাটিত নগাই সাজিছে এটি প্ৰকাণ্ড পথ৷ অসম চৰকাৰ প্ৰশাসনৰ হাতত পথ নিৰ্মাণৰ কোনো খবৰ নাছিল যদিওঁ স্থানীয় ৰাইজৰ পৰাহে অৱগত হয় অসমৰ প্ৰশাসনে৷ অসমৰ চাহ বাগিচাত চোৰাংকৈ পথ নিৰ্মাণ কৰিছে নগাই৷ পুনৰ অস্থিৰ পৰিৱেশৰ দিশে আমগুৰিৰ অসম-নাগালেণ্ড সীমান্ত।

শেহতীয়াকৈ পোহৰলৈ আহিছে অসম-নগালেণ্ড সীমান্তৰ হালোৱাটিং নগাগেটৰ সমীপত ৬১নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমান্তৰালভাৱে এটি পথ নিৰ্মাণ কৰি থকাৰ কথা৷ নগাই চোৰাঙকৈ পথ নিৰ্মাণ কৰি থকাৰ খবৰে তীব্ৰ চাঞ্চল্যৰো সৃষ্টি কৰিছে।

আমগুৰি চাহ বাগিচাৰ মাজেৰে নিৰ্মিাণ কৰি থকা পথটো সন্দৰ্ভত তথ্য লাভ কৰিয়েই স্থানীয় হালোৱাটিং আৰক্ষী, শিৱসাগৰ জিলা প্ৰশাসনে নিৰ্মাণকাৰ্য বন্ধ কৰি দিছে যদিও জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ আশংকত দিন পাৰ কৰিছে সীমান্তৰ ৰাইজে৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় সংগঠনেও৷ প্ৰশাসনে পথৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিছে যদিও গভীৰ শংকাত দিন পাৰ কৰিছে সীমান্তৰ ৰাইজে৷ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন বিবদমান অসম-নগালেণ্ডৰ ভূমিকেন্দ্ৰিক টনা-আঁজোৰাৰ মাজতে কেন্দ্ৰীয় চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠনৰ মাজত সম্পাদিত নাগা ফ্ৰেমৱৰ্ক চুক্তিৰ কথা পুনৰ ব্যাপকভাৱে চৰ্চিত হৈছে।

নগালেণ্ড প্ৰশাসনৰ অধীনৰ নগাগেটৰ সমীপতে অসমভূমিৰ এখন চাহ বাগিচাৰ মাজেৰে এক্সকেভেটৰৰে সহায়ত অত্যন্ত ব্যয়বহুলভাৱে নিৰ্মাণ কৰা এই পথছোৱা কি উদ্দেশ্যত, কোনে নিৰ্মাণ কৰিছিল, সেয়া এই পৰ্যন্ত স্পষ্ট নহয় যদিওঁ নগালেণ্ড চৰকাৰে পথ নিৰ্মাণ কৰাটোৱে খাতাং। সীমান্তত নগাই পূৰ্বেও এনে বৃহৎ চোৰাং পথৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল৷ সীমান্তত নগাই পুনৰ এই পথ নিৰ্মাণ কৰাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়৷