rockybul-hussain-fb

গুৱাহাটীঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰূদ্ধে নিজ দলৰে সতীৰ্থ অনিল ৰাজাই গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰকিবুলৰ পৰ্বত সম সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল৷ ইমানে নহয় ৰকিবুলৰ সম্পত্তি ক’ত ক’ত আছে তালিকা সহ ৰাজহুৱা কৰিছিল৷

মন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ জৰিয়তে সম্পত্তিৰ পাহাৰ গঢ়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু গৰিয়া মৰিয়া পৰিষদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰ দিনত ৰকিবুলে বনমন্ত্ৰী হৈ থকাৰ সময়ছোৱাত তেওঁৰ পৃষ্ঠপোষকতাত বিভাগটোত অবাধ দুৰ্নীতি সংঘটিত হৈছিল বুলি কয় সংগঠন দুটাই। বন বিষয়া আফতাবুদ্দিন, মহৎ তালুকদাৰ আদিৰ গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই এই কথা স্পষ্ট কৰে বুলি কয়।

সততে দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰকিবুল হুছেইনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস নাই বুলি অভিযোগ উত্থাপন কৰে সংগঠন দুটাই৷ ৰকিবুলৰ বিৰুদ্ধে তদন্ত কৰিলে আন আন ৰৌ-বৰালিও জালত পৰিব বুলি কয় সংগঠনদুটাই।

মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত চিবিআই তদন্ত ঘোষণা কৰাৰ দাবী জনাই শীঘ্ৰে কংগ্ৰেছৰ নেতাজনক আটক কৰাৰ দাবী উত্থাপন কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু গৰিয়া মৰিয়া পৰিষদে৷