ডিজিটেল ডেস্কঃ ৰোনাল্ড, ৰিভাল্ডোৰ দৰে তাৰকাই বিশ্ব ফুটবলত দপদপাই থকাৰ সময়তে ফুটবল জগতত প্ৰৱেশ কৰিছিল এগৰাকী নতুন তাৰকাই৷ সদায় হাহিমুখে ফুটবলৰ পথাৰত দুৰ্দান্ত কিক, তীব্ৰ গতিৰ দৌৰে সকলোকে মোহিত কৰিছিল তাৰকাগৰাকীয়ে৷

ভৰিৰ যাদুৰে খলকনি লগাইছিল বিশ্বত৷ তেওৰ নাম আছিল ৰোনাল্ডিনহো৷ প্ৰায় দেৰ দশকৰ ভৰিৰ যাদু দেখুৱাৰ অন্তত ৰোনাল্ডিনহোৱে অৱসৰ লোৱাৰ কথা ঘোষণা কৰে৷ ফুটবলৰ জগতত ৰাজ কৰা খেলুৱৈইগৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে৷ বহু লিগৰ চেম্পয়িন, বহু গলৰ গৰাকী ৰোনাল্ডিনহোৱে ব্ৰাজিলৰ আগশাৰীৰ দল ফ্লুমিনঞ্চ এফচিৰ পৰা ২০১৫ চনত অৱসৰ গ্ৰহণ কৰে৷

বিগত বছৰৰ জুলাই মাহত ৰোনাল্ডিনহোৱে তেওঁৰ বয়স হোৱা বুলি কৈ আৰু খেলাতো সম্ভৱ নহয় বুলি কৈছিল৷ ৩৭ বছৰ বয়সৰ ৰোনাল্ডিনহোৰ অৱসৰৰ খবৰ নিশ্চিত কৰে ভাতৃ ৰোৱাৰ্তাই৷ ২০১৮ চনৰ বিশ্বকাপত ৰোনাল্ডিনহোক বিশেষশ সন্মান দি বিদাই দিব বুলিও জানিব পৰা গৈছে৷  স্কুলত পঢ়ি থকাৰ কালৰে পৰা ফুটবলৰ বলিয়া আছিল ৰোনাল্ডিনহো৷

২০০১ চনত ইউৰোপত জিলিকি উঠিছিল ৰোনাল্ডিনহো৷ তাৰ পিছৰে পৰা পিছলৈ ঘুৰি চাব লগা হোৱা নাছিল ফুটবলৰ যাদুকৰে৷ ২০০২ চনত বিশ্বকাপৰ অন্তত ইউৰোপৰ আগশাৰীৰ ক্লাৱৰ চকুত পৰে ৰোনাল্ডিনহোক৷ ২০০৩ চনত বাৰ্চিলোনাত যোদ দিয়ে৷ সেই সময়ত দুখন লিগ জয়ী হয় বাৰ্চিলোনাই৷ সাধাৰণতে ব্ৰাজিলৰ কথা মনলৈ আহিলেই ফুটবলৰ কথাই স্থান লাভ কৰে। ফুটবলৰ কাণ্ডাৰি পেলে, ৰোনাল্ডো, ৰোনাল্ডিনহো, নেইমাৰ হতক জানিলে তেওলোকৰ কথা শুনিলে ব্ৰাজিলক ফুটবলাৰৰ দেশ বুলি কব পাৰি৷