গুৱাহাটীঃ অৰ্থপেডিকৰ বৰ্হিঃবিভাগ, স্থান জিএমচিএইছ। ভিৰ ঠেলি প্লাষ্টাৰ লগাই থোৱা হাতখন কোনোমতে কাৰো গাত খুন্দা নলগাকৈ বিষক প্ৰত্যাহ্বান জনাই আদবয়সীয়া ৰোগীজন আগবাঢ়িছে। কাষত এজন যুৱক। হয়তো পুত্ৰ। বহুসময় ৰোৱাৰ পিছত ভিতৰৰ পৰা নিজৰ নামটো মতা শুনি চিকিৎসক থকা কোঠাটোলৈ আগুৱাই গ’ল তেওঁ।

চিকিৎসক থকা কোঠাত কেবাখনো টেবুল জোৰা লগাই এখন প্ৰকাণ্ড টেবুল কৰি তোলা হৈছে। সেই প্ৰকাণ্ড টেবুলখনৰ দুয়োকাষে ৬-৭ জন চিকিৎসক। এজন চিকিৎসকৰ ওচৰত তেওঁক চিকিৎসালয়ৰে কৰ্মী এজনে ৰ’বলৈ ক’লে। পাল পৰাত চিকিৎসকজনে তেওঁৰ প্ৰেছক্ৰিপশ্যন, এক্সৰে ৰিপ’ৰ্ট আদি চাই খছ খছকৈ কিবা কিবি লিখিলে।

অলপ পিছত ৰোগীজনলৈ চাই কনিষ্ঠ চিকিৎসকজনে হিন্দীতে প্ৰশ্ন কৰিলে। নামনি অসমৰ কোনো এখন ভিতৰুৱা গাঁৱৰ পৰা অহা আদবয়সীয়া লোকজনে চিকিৎসকজনে হিন্দীতে কি সুধিছে সেয়া বুজিব নোৱাৰি লগত যোৱা যুৱকজনৰ মুখলৈ চালে। চিকিৎসকজনে এইবাৰ যুৱকজনলৈ চাই পুনৰ হিন্দীতে সুধিলে। যুৱকজনে অসমীয়া মিহলি হিন্দীতে কিবা কিবি ক’লে। যুৱকজনৰ কথা শুনি চিকিৎসকজনে বেপেৰোৱা ভংগীমাৰে ৰোগীজনক উদ্দেশ্যি ধমকিৰ সুৰত দুই-এষাৰ কথা ক’লে। একো নুবুজি হতাশ মনেৰে ৰোগীজনে প্ৰেছক্ৰিপশ্যন আৰু বাকী কাগজখিনি লৈ চিকিৎসকৰ কোঠাটোৰ পৰা ওলাই এইবাৰ ক’লৈ যাব দিছে বুলি লগত যোৱা যুৱকজনক সুধিবলৈ ধৰিলে। একোকে নুবুজি যুৱকজনেও অসহায় হৈ ইফালে-সিফালে চাই ৰৈছে।

এয়াই হৈছে জিএমচিএইছৰ প্ৰায়বোৰ বৰ্হিঃবিভাগৰেই চিকিৎসা সেৱাৰ স্বৰূপ। চিকিৎসাৰ ৰেহ-ৰূপ বুজিবলৈ আমি চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হোৱাত লগ পাইছিলো আৰু কেবাগৰাকী ৰোগীক। ৰশ্মিতা শইকীয়া নামৰ এগৰাকী ৰোগীয়ে আমাক জনাইছিল এনেদৰে, 'মই এক জটিল ৰোগত আক্ৰান্ত হৈ বহুদিন ধৰি জি এম চি এইছ লৈ অহা যোৱা কৰি আছোঁঁ। আমি নিম্ন মধ্যবিত্ত, ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত আমি চিকিৎসা গ্ৰহণ কৰিবলৈ অপৰাগ। বহু কেইটা মাহ ধৰি মোৰ ইয়াতে চিকিৎসা চলিল। কিন্তু বিশেষ সুফল পোৱা নাই। চিকিৎসক আৰু নাৰ্চসকলৰ ব্যৱহাৰে মোক অতিস্থ কৰি তুলিছে। বাহিৰলৈ চিকিৎসাৰ বাবে যাবলৈও আমাৰ সামৰ্থ্য নাই। কেৱল মোকেই নহয়  মোৰ দৰে অন্য ৰোগীসকলৰ প্ৰতিও তেওঁলোকৰ একেই দুৰ্ব্যৱহাৰ।"

'মোৰ ভিনদেউ এগৰাকীয়ে চিকিৎসাৰ বাবে চেন্নাইলৈ গৈছিল। ভিনদেউৰ মুখত শুনি আচৰিত হৈছো। সেইবোৰ ঠাইৰ চিকিৎসক-নাৰ্চৰ মাত-কথা শুনিলেই আধা-আধি বেমাৰ ভাল হৈ যায়। আমাৰ ইয়াত কিন্তু ডাক্তৰ-নাৰ্ছ আৰু মেডিকেলৰ বাকী মানুহবোৰৰ কথা শুনি শুনি মোৰ বেমাৰ বেছিহে হৈ গৈছে।’-NNOৰ আগত এইদৰে কয় জিএমচিএইছৰ চিকিৎসক-নাৰ্ছ তথা অন্য কৰ্মচাৰীৰ ব্যৱহাৰত অসন্তুষ্ট হৈ পৰা ৰোগীগৰাকীয়ে।

ছ'চিয়েল মিডিয়াতো ভিন্নজনৰ ক্ষোভ

ছ'চিয়েল মিডিয়াতো ভিন্নজনে ফেচবুকযোগে শ্বেয়াৰ কৰিছে জিএমচিএইছৰ অভিজ্ঞতা। মাধৱ এম দাস নামৰ এজন ব্যক্তিয়ে এটা পোষ্টত কনিষ্ঠ চিকিৎসকৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি লিখিছে, 'GMCH ৰ ইউৰ'লজি বিভাগ। আজিৰ OPDত থকা আটাইকেইজন কনিষ্ঠ চিকিৎসকেই হিন্দীভাষী অথবা অসমীয়া নজনা। না ৰোগীয়ে ভালকৈ চিকিৎসকৰ কথা বুজে না চিকিৎসকে (দুজনমানে অৱশ্যে অসমীয়া ক'বলৈ চেষ্টা কৰিছে)। তাৰ ওপৰত গাঁৱৰ পৰা অহা বুলি জ্ঞান কৰি বেয়া ব্যৱহাৰবোৰটো আছেই। কথাবোৰ স্বাস্থ বিভাগে নজৰ দিয়া দৰকাৰ। চিকিৎসকে যদি সমস্যা কি নুবুজে আৰু ৰোগীয়ে যদি চিকিৎসা কেনেকৈ কৰিব লাগে নুবুজে ৰোগ ক'ত ভাল হব?'

কেৱল মাত্ৰ মাধৱ এম দাসেই নহয়, আন বহু লোকে ফেচবুকত এনেদৰে জিএমচিএইছত সন্মুখীন হোৱা দুৰ্বিসহ অভিজ্ঞতাৰ কথা ফেচবুকত প্ৰকাশ কৰা দেখা গৈছে। পৱিত্ৰ মৰম বৰদলৈ নামৰ এজন ফেচবুক ইউজাৰে লিখিছে,  'তিঁতা কেহাৰ সমাহাৰ গুৱাহাটী মেডিকেল কলেজ হস্পিতাল....মিঠা একো বিচাৰি নাপাব ইয়াতে..দুখন ফাৰ্মাচী আছে ভিতৰত...এখন চেন্ট্ৰেল ফাৰ্মাচী আৰু এখন হ'ল অমৃত ফাৰ্মাচী..তাৰে প্ৰথমখন বিনামুলীয়া..দ্বিতীয়খনত ডিচকাউন্টত পায়...ৰোগী এজনক অপাৰেছন থিয়েটাৰত সোমোৱাৰ আগদিনা এখন মেডিছিনৰ লিষ্ট...আৰু অপাৰেছন কৰি থকা অৱস্থাতে আৰু এখন লিষ্ট...তাত কৰ্মৰত ডাক্তৰ আৰু তেওঁৰ সহযোগিৰ এটা কথাই..তলৰ দুখন ফাৰ্মাচীত খবৰ কৰিব..মানে চেন্ত্ৰেল আৰু অমৃতত..তাত গৈ দুয়োখনতে দীঘলীয়া মানুহৰ শাৰী.আধাঘন্টা অপেক্ষা কৰি মোৰ লিষ্টখন দিয়াত কলে ইয়াত এটাওঁ নাপাব..এতিয়া কথাটো হ'ল মোৰ বেমাৰীজন তেতিয়াওঁ অপাৰেছন কক্ষতে আছে..আৰু মোৰ আধাঘন্টা সময় নষ্ট কৰিলে..যিটো সেইটো সময়ত মুল্যবান.আকৌ অমৃতত খবৰ কৰিলে..7 টা মেডিছিনৰ মাত্ৰ এটাহে উপলব্ধ..আকৌ গলো বাহিৰৰ মেডিছিনৰ দোকানত..তাত অৱশ্যে পালো..কিন্তু এটা বেজি নাপালো..যিটে কতোৱেই নাপায়..কেৱল পানবজাৰ আৰু গণেশগুৰিত পোৱা যায়..মই এতিয়া ৰেগীজনক অপাৰেছনত থৈ গণেশগুৰিয়েই যাম নে পাণবজাৰ।'

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এটি ভাইৰেল ভিডিঅ'

এনেদৰেই এতিয়া অসমৰ চৰকাৰী চিকিৎসালয়সমূহৰ চিকিৎসক-নাৰ্ছসকলৰ দুৰ্ব্যৱহাৰে দুৰ্বিসহ কৰি তুলিছে লক্ষ লক্ষ ৰোগীৰ জীৱন। স্বয়ং স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো স্বীকাৰ কৰিছে এই কথা। দিনদিয়েক পূৰ্বে এটি ভাণষণত মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু নাৰ্চসকলৰ বেছিসংখ্যকৰে আচাৰ-ব্যৱহাৰ এজন মানৱ সেৱা কৰ্মীৰ যেনে হ'ব লাগে তেনে নহয়। মন্ত্ৰীজনৰ উক্ত ভাষণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে ভিন্নজনে ফেচবুককে আদি কৰি একাধিক প্লেটফৰ্মত নিজৰ এনে অনুভৱৰ কথা ব্যক্ত কৰা দেখা গৈছে।

ভাইৰেল হৈ পৰা ভাষণটোত মন্ত্ৰীগৰাকীয়ে কৈছে, 'আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু নাৰ্চসকলৰ বেছিসংখ্যকৰে আচাৰ-ব্যৱহাৰ এজন মানৱ সেৱা কৰ্মীৰ যেনে হ'ব লাগে তেনে নহয়। মই মহাবিদ্যালয়খনৰ শিশু বিভাগটোৰ নাৰ্চসকলৰ কথোপকথন শুনিছো। কেতিয়াবা বিভিন্ন কাৰণবশত নৱজাতকৰ মৃত্যু হয়। মাক-বাপেকে সন্তানৰ বিষয়ে নাৰ্চসকলক সোধাৰ উত্তৰত কয় অমুক নম্বাৰটো মৰিছে। নৱজাত শিশুসকলক জন্মৰ পাছত চিকিৎসালয়ত দিয়া নম্বাৰটোৰে তেওঁলোকে শিশুটোৰ মৃত্যুৰ খবৰ দিয়ে। এয়া অমানৱিক কথা। নাৰ্চসকলৰ বাবে এটা নম্বৰ হ'লেও মাক-দেউতাকৰ বাবে সেয়া তেওঁলোকৰ এটা সন্তান।’

এনে ধৰণৰ ব্যৱহাৰৰ কাৰণ বুজি পোৱা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আৰু কৈছে, 'তেওঁলোকে কিয় ইয়াক কেৱল বৃত্তি হিচাপে লৈছে? কেৱল বৃত্তি হিচাপে ল’বলৈ বহু চাকৰি আছে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত বা নাৰ্চসকলৰ পাঠ্যক্ৰমত আমি আচাৰ-ব্যৱহাৰৰ কথাটো সন্নিবিষ্ট কৰিব নোৱাৰো। মই বহু চিকিৎসকক লক্ষ্য কৰিছো তেওঁলোকে চৰকাৰী চিকিৎসালয়ত থকা সময়খিনিত ৰোগীক কৰা ব্যৱহাৰ অত্যন্ত বেয়া, আকৌ সেই একেজন চিকিৎসকেই যেতিয়া চৰকাৰী চিকিৎসালয়ৰ দায়িত্ব শেষ কৰি ব্যক্তিগতখণ্ডৰ চিকিৎসালয়লৈ যায় তাত তেওঁ ৰোগীক কৰা ব্যৱহাৰ খুব সৌজন্যমূলক।’

সুদীৰ্ঘ কাল স্বাস্থ্য মন্ত্ৰী হৈ থাকিলেও এনে ব্যৱহাৰৰ কাৰণ নাজানো বুলি কোৱা মন্ত্ৰীগৰাকীয়ে ভাষণটোত অৱশ্যে ইয়াৰ ব্যাখ্যা দিয়াও শুনা গৈছে। 'এনে ব্যৱহাৰৰ কাৰণ মই ব্যক্তিগত ভাৱে ভাবো যে চৰকাৰী চিকিৎসালয়লৈ যিহেতু সাধাৰণতে নিম্ন শ্ৰেণীৰ লোকসকল আহে, প্ৰায়সংখ্যক দিন-হাজিৰা কৰা লোকসকলৰ পত্নীসকলে সন্তান প্ৰসৱৰ বাবে ইয়াত ভৰ্তি হয়, গতিকে আৰ্থিক দুৰ্বলতাৰ বাবে হয়তো নাৰ্ছ-চিকিৎসকসকলে তেওঁলোকক এই দুৰ্ব্যৱহাৰ কৰে। এই একে ঠাইলৈ যদি কোনোবা মন্ত্ৰী-বিষয়া আহে তেন্তে তেওঁলোকে নিশ্চয় এই দুৰ্ব্যৱহাৰ নকৰে। এই শ্ৰেণী বিভেদ আতঁৰাবলৈ চিকিৎসক-নাৰ্চসকলে নিজেই নিজৰ মানসিকতাক উন্নত কৰিব লাগিব। চৰকাৰী স্বাস্থ্য বিভাগৰ দুৰাবস্থাৰ বাবে চৰকাৰক জগৰীয়া কৰা হয় কিন্তু আমি কি কৰিব পাৰোঁ? চিকিৎসা বিভাগৰ কৰ্মীসকলে নিজৰ এইসমূহ কথা ঠিক কৰিব পাৰিলে চৰকাৰ যিয়েই হওঁক চিকিৎসাখণ্ডৰ উন্নতি হ'বই।’- মন্ত্ৰীগৰাকীৰ মন্তব্য।

অসমৰ কেইখনমান  চিকিৎসালয় তথা কিছু চিকিৎসক-নাৰ্ছক বাদ দি সকলোতে একেই পৰিস্থিতি। কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়েই নহয় সমগ্ৰ অসমৰ অন্যান্য চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ গ্ৰাম্য চিকিৎসা সেৱা কেন্দ্ৰৰ ক্ষেত্ৰতো দেখা যায় সেই একেই পৰিৱেশ।

একোজন ৰোগীৰ বাবে দৰব পাতিৰ লগতে মানসিক সন্তুষ্টিও এক গুৰুত্বপূৰ্ণ কথা। ৰোগী একোজনৰ  ক্ষেত্ৰত  চিকিৎসকৰ ভাল ব্যৱহাৰেও ৰোগৰ পৰা ৰোগীজনক কিছুমাত্ৰাত উপশম দিয়ে বুলি এক গৱেষণাৰ অন্তত চিকিৎসকৰ এটা দলে ঘোষণা কৰিছিল। এই কথা ভাৰতবৰ্ষৰ অন্যান্য চিকিৎসালয়সমূহ তথা অসমৰো ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহে অনুসৰণ কৰিছে যদিও অসমৰ চৰকাৰী চিকিৎসালয়সমূহৰ অধিকাংশতে তাৰ লেখমানো প্ৰভাৱ পৰিলক্ষিত নহয়।

কি কয় GMCHৰ অধীক্ষকে ?

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক আৰু নাৰ্ছৰ ব্যৱহাৰ সম্পৰ্কে স্বয়ং স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰাত আমি এই বিষয়ে জানিবলৈ কাষ চাপিছিলো অধীক্ষক ডা° ৰমেন তালুকদাৰৰ। ডা° তালুকদাৰে বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কয়, 'ড° শৰ্মা ছাৰে চিকিৎসক, নাৰ্চসকলৰ ৰোগীসকলৰ প্ৰতি কৰা ব্যৱহাৰ সম্পৰ্কে দিয়া মন্তব্যক আমি সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰো। কিন্ত আমাৰ মাজতো এচাম এনে চিকিৎসক আছে যিসকলৰ ব্যৱহাৰ সম্পৰ্কে ৰোগীয়ে নিজেই প্ৰশংসা কৰে। ড° শৰ্মা ছাৰে এনেকৈ ক'ব লগা হোৱাক লৈ আমি দুঃখিত।’

তেওঁ আৰু কয়, 'যিসকল চিকিৎসকে এতিয়াও তেনে প্ৰবৃত্তিতেই অটল তেওঁলোকে নিজকে সলনি কৰক। মই অধীক্ষক হিচাপে অন্যান্য বহু দায়িত্বত থাকো। ব্যক্তিগতভাৱে এজন এজনকৈ চিকিৎসকক মাতি আনি তেনে শিক্ষা দিবলৈ মই অপৰাগ। তেওঁলোকে নিজেই এই সন্দৰ্ভত জ্ঞাত। নিজেই ইয়াক ঠিক কৰি তেওঁলোকে মানৱ সেৱাৰ এই যাত্ৰাক ভালধৰণে আগুৱাই নিয়াত আমাক সহযোগ কৰক। ৰোগীসকলকো মই ব্যক্তিগত ভাৱে কওঁ যে তেওঁলোকক জিএমচিএইছৰ ভিতৰত কোনো চিকিৎসক বা নাৰ্ছে যদি বেয়া ব্যৱহাৰ কৰে তেন্তে আমাক এই সন্দৰ্ভত জনাওক আমি ইয়াৰ বিৰুদ্ধে নিশ্চয় উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিম। লগতে অন্যান্য চিকিৎসালয়ৰ চিকিৎসকসকলেও নিজৰ ভুলসমূহ শুধৰাই লোৱাৰ চেষ্টা কৰক।’

চিকিৎসক-নাৰ্ছৰ ভাষ্য কি?

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ মুঠেই সন্তুষ্ট নহয় জিএমচিএইছৰ চিকিৎসক আৰু নাৰ্ছসকল। নাম প্ৰকাশত অনিচ্ছুক কেবাগৰাকী চিকিৎসকে NNOক জনায় যে দুই-এজন নাৰ্ছ বা চিকিৎসকৰ আচৰণ বা ব্যৱহাৰ বেয়া হ’ব পাৰে বুলিয়েই সকলোকে সামৰি লোৱাতো মুঠেই শুদ্ধ কথা নহয়। 'আমি যিমান পাৰো ৰোগীসকলক ভালকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰো। কিন্তু আমাৰ ওপৰত কামৰ ইমান প্ৰেছাৰ থাকে যে কোনো সময়ত এনজাইটিৰ বাবে আমি ৰোগীক সোধা প্ৰশ্নবোৰ ৰোগীৰ দৃষ্টিত বেয়া হ’বলৈ ধৰে। উন্নত দেশৰ চিকিৎসালয়সমূহত চিকিৎসকসকলৰ যাতে এনজাইটি আহিব নোৱাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে। আমাৰ ইয়াত তেনে কথা ভাবিবই নোৱাৰি। চিকিৎসক হ’লেও আমি মানুহ। মানুহৰ দুখ দেখিলে আমিও ব্যথিও হও। কিন্তু ৰোগী আৰু চিকিৎসক-নাৰ্ছৰ অনুপাত যেতিয়ালৈকে পৰ্যাপ্ত নহ’ব তেতিয়ালৈকে এনে সমস্যা চলিবই।’-এইদৰে কয় চিকিৎসালয়খনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে।

আনহাতে গুৱাহাটীৰ বাহিৰত প্ৰাথমিক চিকিৎসা কেন্দ্ৰত কৰ্মৰত কেবাজনো চিকিৎসকেও একেই মন্তব্য কৰে। স্বাস্থ্য বিভাগৰ ৰোষত পৰাৰ শংকাত নাম প্ৰকাশৰ চৰ্ত সাপেক্ষে তেওঁলোকে জনায় যে পুৱা ৯ বজাৰ পৰা ২ বজালৈ এজন চিকিৎসকে অতি কমেও ৫০-৬০ জন ৰোগী চাবলগীয়া হয়। ফলত তেওঁলোকে ৰোগীক ভালকৈ চিকিৎসা সেৱা প্ৰদান কৰাতো কঠিন হৈ পৰে আৰু কোনো কোনো মুহূৰ্তত অত্যাধিক মানসিক চাপৰ বাবে ব্যৱহাৰ ৰুক্ষ হৈ পৰে।

'চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। গোটেই ছিষ্টেমটো ভাল কৰক। ৰোগী অনুপাতে চিকিৎসক-নাৰ্ছৰ নিযুক্তিৰ ব্যৱস্থা কৰক। তেতিয়া স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই এনেদৰে আৰু আক্ষেপ কৰিবলগীয়া নহ’ব। আমিও ৰাইজক ভালদৰে সেৱা আগবঢ়াবলৈ সমৰ্থ হ’ম।’- গুৱাহাটীৰ নাতি দূৰৈৰ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত এজন চিকিৎসকৰ ভাষ্য।