অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰূপক শৰ্মাৰ সংবাদ মেল
কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বিৰূদ্ধে আঢৈ বছৰত ১৪ কোটি ৩৯ লাখ টকা দূৰ্নীতি কেলেংকাৰীৰ অভিযোগ
কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক চেৰাবলিয়া আখ্যা সম্পাদক ৰূপক শৰ্মাৰ

বিহালীঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষনত আজি অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক ৰূপক শৰ্মাই এক সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰখনৰ কেবিনেট মন্ত্রী ৰঞ্জিত দত্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে৷ বিহালীৰ গ্ৰীন আচিয়ানাত আয়োজিত সংবাদ মেলত কেবিনেট মন্ত্রী ৰঞ্জিত দত্তই নিৰ্বাচনৰ পবিত্রতা উলংঘন কৰি কংগ্ৰেছ প্ৰাৰ্থীক বিভিন্ন প্ৰলোভনৰ ৰাজনীতি কৰিছে৷ তদুপৰি বিগত আঢ়ৈ বছৰীয়া পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ পৰিবৰ্তনৰ কামকাজৰ ফটাঢোল বজাই,নানা ভয়-ভাবুকিৰে পঞ্চায়তৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ  অভিযোগ উত্থাপন কৰে৷ লগতে এই সংবাদলমেলত কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক তীক্ষ্ণ সমালোচনা কৰি মন্ত্ৰী দত্তৰ দূৰ্নীতিৰ বিৰূদ্ধে সোচ্ছাৰ হৈ পৰে৷ সংবাদ মেলত কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বিৰূদ্ধে উত্থাপন কৰে পৰ্বতসম দূৰ্নীতিৰ তথ্য ৷

শাসনাধিস্থ বিজেপি চৰকাৰ কেবিনেট মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই বিগত আঢ়ৈ বছৰীয়া মন্ত্ৰীত্বৰ কাৰ্যকালত পৰিবৰ্তনৰ নামত সংঘটিত কৰিছে অবাধ দূৰ্নীতি৷ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত দিছপুৰত শূন্যসহনশীল দূৰ্নীতিৰ চৰকাৰ খন গঠন হোৱাৰ ৬ মাহৰ ভিতৰতেই বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই  জলসিঞ্চন বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিয়েই অসমৰ ৰাজনীতিৰ ইতিহাসত কোনো কালে সংঘটিত নোহোৱা নজিৰবিহীন কৰ্মকাণ্ড কৰি চিৰজীৱনলৈ অসমৰ ৰাজনীতি কলংকিত কৰি বিহালীবাসী ৰাইজক কলংকিত কৰিলে ৷ 

বিগত কংগ্ৰেছ দলৰ শাসনৰ সময়ছোৱাত অসমৰ নিবনুৱা সমাজৰ প্ৰতিনিধি একাংশই জলসিঞ্চন বিভাগৰ কাম কাজৰ কিছু ধন মোকলাই দিয়াৰ নামত বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই মন্ত্ৰীত্ব লাভ কৰিয়েই সচিবালয় কক্ষত সচিৱ কুজেন্দ্ৰ দ'লেৰ সহযোগত শতকৰা ৩ শতাংশ কমিচন লৈ দূৰ্নীতি নিবাৰক বিভাগৰ হাতত হাতে-লোটে ধৰা পৰিছিল৷ যাৰ বাবে আজি কূজেন্দ্ৰ দ'লে ৰঙাঘৰত আৰু শূন্যসহনশীল দূৰ্নীতি শ্ল'গান আওৰাই অহা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আশীৰ্বাদত কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত আজিও মুকলি আকাশৰ তলত টিঘিল ঘিলাই তহলিয়াই ফুৰিছে ৷ দৰাচলতে, ৰাজ্যৰ বিপুল সংখ্যক জনসাধাৰণৰ ভোটলৈ ৰাজ্যৰ পৰা দূৰ্নীতি নিশেষ কৰাৰ শ্ল'গান দিয়া শূন্যসহনশীল দূৰ্নীতিৰ চৰকাৰ খনৰ প্ৰকৃত নমুনা ৷ 

অতিগুৰুত্বপূৰ্ন বিষয় যে, পৰিবৰ্তনকামী চৰকাৰৰ বিহালীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই বিগত আঢ়ৈ বছৰত বিহালী সমষ্টিত  মুঠ ১৪ কোটি ৩৯ লাখ টকাৰ ধন-আঁচনি ৰূপায়নৰ নামত ভয়ংকৰ অনিয়ম-দূৰ্নীতি কেলেংকাৰী সংঘটিত কৰিছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ''আচ্ছে দিনৰ’’ সপোন দেখুওৱাই ‘‘সবকা চাথ সবকা বিকাশ’’ৰ কথা কৈ বিহালীৰ বিধায়ক জনে ব্যক্তিগত জীৱনলৈ কমিচন সংগ্ৰহৰে অজস্ৰ টকা ঘটাৰ বাট মুকলি কৰি আচ্ছে দিন আনি ব্যক্তিগত বিকাশ কৰাৰ বাহিৰে বিহালীবাসীৰ বাবে তিলমানে কাম কৰা পৰিলক্ষিত হোৱা নাই ৷ 

ইয়াৰ বিপৰীতে, বিগত আঢ়ৈ বছৰৰ ভিতৰত বিহালী সমষ্টিত বিকাশৰ নামত দেখা গ'ল মন্ত্ৰী ৰঞ্জিত দত্তৰ  আগফালে-পিচফালে ৰঙা লাইটযুক্ত চিকিউৰিটি,বিলাসী বাহনৰ চাইৰেণৰে অলৈ-তলৈ অহা যোৱা কৰা ব্যৱস্থাহে৷ তাৰবিপৰীতে, বিহালীৰ নিবনুৱা সমস্যা, ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেচাঁপাতৰ বিক্ৰী উচিত মূল্য নিৰ্দ্ধাৰণ সমস্যা ,গৰাখহনীয়া সমস্যা ,অসম-অৰুণাচল আন্তঃৰাজ্যিক সীমা সমস্যা, চাহ শ্ৰমিক আৱাস গৃহ,মজুৰি সমস্যা ,শৈক্ষিক সমস্যা  সমাধানৰ ক্ষেত্ৰত প্ৰকাণ্ড শূন্য ভূমিকা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ ৷ তদুপৰি, বিহালী সমষ্টিৰ সামগ্ৰিকভাৱে উত্তৰণ কৰাৰ বাবে গ্ৰহণ কৰিৱলৈ সাহিত্য, সাংস্কৃতি, আৰ্থ-সামাজিক, বৌদ্ধিক, ক্ৰীড়াকে আদি কৰি সমাজ পৰিবৰ্তনৰ মুল চালিকা শক্তিৰ উত্তৰণৰ ক্ষেত্ৰত আজিকোপতি দেখা নগ'ল তিলমানো সদ্দিচ্ছা ৷ কিন্তু মন্ত্ৰী দত্তই বিহালী সমষ্টি উন্নয়নৰ নামত আৱন্টিত ৰাজহুৱা আঁচনিৰ ধন সমুহ কেনেকৈ শুহি-বাচি খাৱলৈ পাৰি তাৰ চিন্তা-পৰিকল্পনা কৰিৱলৈ গুণ্ডা বাহিনী ,লুন্ঠনকাৰী ব্যৱহাৰ কৰিৱলৈ পাহৰা নাই ৷ 

অতিগুৰুত্বপূৰ্ণ বিষয়টো হ'ল,জলসিঞ্চন বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিয়েই  সচিবালয়ত ৩ শতাংশ কমিচন লোৱাৰ অভিযোগত অভিযুক্তহৈ বিভাগটো  হেৰুওৱাৰ পিচত মন্ত্ৰী ৰঞ্জিত দত্তই কমিচনৰ বজাৰ খন সচিবালয়ৰ পৰা আনি বিহালীত পাতনি মেলি ৰমৰমীয়াকৈ চলাছে ৷ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই বিগত ২ বছৰ ৬ মহীয়া মন্ত্ৰীত্বৰ কাৰ্যকালৰ ভিতৰত গৃহ সমষ্টিৰ বিহালী আৰু বাঘমৰা উন্নয়ন খণ্ডৰ  অম্তৰ্গত ১৭ খন গাঁও পঞ্চায়তৰ ১৭০ টা ৱাৰ্ডত ৰূপায়িত জনকল্যানমুলক এমজিএনৰেগা আঁচনিৰ ''ৱেজ''ৰ ১ কোটি ৩০ লাখ টকা মন্ত্ৰী দত্তৰ স্থাৱক বাহিনীক ভেণ্ডৰ সজাই সমুদায় ধন উঠাই গোটে গোটে কোনো কাম নকৰাকৈ লুন্ঠন কৰিছে ৷ ইপিনে,কেবিনেট মন্ত্ৰী দত্ত আৰু ঠিকাদাৰৰ বুজাপৰাত গাংমৌথান গাঁও পঞ্চাযত এলেকাৰ শান্তিপুৰত জলসম্পদ বিভাগৰ শিতানৰ  ৫ কোটি টকা জিঅ' বেগ প্ৰকল্পৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত সংঘটিত হৈছে ব্যাপক অনিয়ম- বিসংগতি ৷ যাৰ বাবে যোৱা বাৰিষা কালৰ সামান্য এজাক বৰষুণৰ পানীত উটি ভাঁহি বৰগাং নদীত পৰিছিল জিঅ' বেগ সমুহ ৷  

তাৰোপৰি, বৰজাৰণি গাওঁ পঞ্চায়ত এলেকাত বৰগাং নদীৰ পাৰত ১ কোটি ৪৩ লাখ টকাৰ গৰাখনীয়া ৰোধ প্ৰকল্প তথা বান্ধ নিৰ্মাণ আৰু  বৰগাং গাওঁ পঞ্চায়ত এলেকাৰ বৰকঠীয়াবাৰীৰ নীলবাৰী গৰাখনীয়া প্ৰকল্পৰ ১ কোটি ২৪ লাখ টকাৰ ঠিকা লাভ কৰিছে মন্ত্ৰী দত্তৰ পত্নীয়ে এম ডি হিচাপে কাৰ্য নিৰ্বাহ কৰি অহা ''নামেৰী'' নামৰ নিৰ্মাণ সংস্থাই ৷ আনহাতে, চেৰেলীয়া গাওঁ পঞ্চায়তৰ  চেৰেলীয়া বঙালী পথাৰত ৩ কোটি ৫০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলসিঞ্চন প্ৰকল্পটোৰ কাম-কাজৰ ক্ষেত্ৰত কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ পৃষ্টপোষকতাত অবাধ দূৰ্নীতি সংঘটিত হৈছে ৷ 

মন্ত্ৰী দত্তই তেওঁৰ একাংশ অনুচৰক ৰাতিটোৰ ভিতৰতে ঠিকাদাৰ বনাই জলসিঞ্চন প্ৰকল্পৰ কাম কৰিৱলৈ ঠিকা প্ৰদান কৰি চৰকাৰী ধন আত্মসাৎ কৰি আহিছে ৷ যাৰ বাবে বিগত বাৰিষা সামান্য এজাক বৰষুণতেই ''দত্ত এণ্ড লুন্ঠন বাহিনীয়ে'' চেৰেলীয়াত জলসিঞ্চন প্ৰকল্প নিৰ্মাণ কৰি থকা অৱস্থাতে এফালৰ পৰা ইখনৰ পিচত সিখন পকী ৱাল খহি পানীত  উটি যোৱা দৃশ্য দেখা গৈছিল ৷ এই ৩ কোটি ৫০ লাখ টকীয়া আঁচনিৰ ধনৰ সিংহভাগ মন্ত্ৰী দত্তই কমিচন লোৱাৰ বাবেই ঠিকাদাৰ বাহিনীয়ে অতি নিম্ন মানদণ্ডৰে কামকাজ সম্পাদন কৰিৱলৈ সাহস কৰিছে ৷ 

অন্যহাতে, পৰিবৰ্তনকামী চৰকাৰৰ বিয়াগোম মন্ত্ৰী ৰঞ্জিত দত্তই বিহালীত অসম চৰকাৰৰ পথ মেৰামতি শিতানৰ বিগত আঢ়ৈ বছৰত প্ৰায় ৪ কোটিৰো অধিক ধন আঁচনিৰে পুৰণি পকী পথ নিৰ্মাণৰ বাবে ধন আৱন্টন কৰি লুটৰাজ চলাই আহিছে ৷ কেবিনেট মন্ত্ৰী দত্তৰ পত্নীৰ দ্বাৰা পৰিচালিত নামেৰী নামৰ নিৰ্মাণ সংস্থাই এই কোটি কোটি টকাৰ ঠিকা লভা কৰিছে ৷ যাৰ জৰিয়তে মন্ত্ৰী দত্তই ব্যাপক দূৰ্নীতি লুন্ঠন চলাই আহিছে ৷ তদ্ৰুপ; বিধায়ক দত্তৰ হস্ততাঁত ৰেচম বিভাগৰ বটীয়ামাৰী গাওঁ পঞ্চায়ত অন্তৰ্গত এলেকা ৰাংছালীৰ এড়ি পলু ফাৰ্মত এমজিএনৰেগা আঁচনিৰ ২২ লাখ টকা আৱন্টন কৰি ফাৰ্মখনত গছপুলি ৰূপণৰ নামত ভক্ষণ কৰিছে লক্ষাধিক টকা ৷ ফাৰ্মখনত ২২ লাখ টকাৰ বিপৰীতে ২০০ জোপামান গছ ৰোপন কৰি ৰাজহুৱা ধন আত্মসাৎ কৰাত উঠি পৰি লাগিছে ৷ লগতে এই ফাৰ্ম খন থকা আৱাস গৃহ নিৰ্মাণৰ নামত সংঘটিত হৈছে প্ৰায় ৩০ লাখ টকাৰ ব্যাপক দূৰ্নীতি ৷ মন্ত্ৰী ৰঞ্জিত দত্তই তেওঁৰ লালিত পালিত এচামক ঠিকাদাৰ বনাই পুৰণি আৱাস গৃহৰ ভেঁটিটো পুৰণি ইটা আদি ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে আৱাস গৃহ ৷ অতি আচৰিত বিষয়, বিহালীৰ বিধায়ক গৰকীৰ নিজা গাওঁ পঞ্চায়ত বৰগাঙৰ অন্তৰ্গত শুকানসুঁতি প্ৰাথমিক বিদ্যালয়ত বিগত ২০১৬-১৭ চনত এমজিএনৰেগা আঁচনিৰ ১ লাখ টকাৰ বিপৰীতে দত্ত এণ্ড লুন্ঠন বাহিনীটেৱো মাত্ৰ ৩২ জোপা গছ পুলিহে ৰোপন কৰিছে ৷ অৰ্থাৎ মন্ত্ৰী দত্তৰ এলেকাত এমজিএনৰেগা আঁচনিৰ অধীনত ৰূপন কৰা গছপুলি এটাৰ মূল্য এতিয়া ৩ হেজাৰ টকাৰো অধিক হৈ পৰিছে ৷

আনকি বাঘমৰা উন্নয়ণ খণ্ডৰ এলেকাৰ বৰজাৰণিত বাঘমৰা মণ্ডল বিজেপিৰ সভাপতিৰ জড়িয়তে বাঘমৰা এলেকা মন্ত্ৰী দত্তই লুন্ঠণ সাম্ৰাজ্যৰ বজাৰ খন পৰিচালনা কৰি আছে ৷ বিগত সময়ছোৱাত বিহালী সমষ্টিৰ মুঠ ১৭ খন গাওঁ পঞ্চায়তৰ প্ৰতি পঞ্চায়তে চতুৰ্থদশ বিত্তীয় বৰ্ষত ১০ লাখ টকা লাভ কৰিছিল ৷ এই ধন সমুহ পঞ্চায়তে গাওঁ সভাৰ জৰিয়তে প্ৰস্তাৱ গ্ৰহণৰে গাওঁৰ উন্নয়নৰ নামত খৰছ কৰিৱ লাগিছিল ৷ কিন্তু মন্ত্ৰী দত্তই চতুৰ্দশ বিত্তীয় বৰ্ষৰ আঁচনি ধন সমুহ ৰূপায়নৰ নামত ক'ৰবাত বাট,পথ মেৰামতি, কুঁৱা, দমকল বিতৰণৰ নামত সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি ৷ যাৰ বাবে এতিয়া বিহালী সমষ্টিৰ বহু গাওঁ পঞ্চায়তে আৰটিআই(RTI) কৰিলেও তথ্য প্ৰদান নকৰিৱলৈ নানা অজুহাত প্ৰদৰ্শণ কৰা দেখা গৈছে ৷  মন্ত্ৰী ৰঞ্জিত দত্তই বিহালীত ১ কোটি ৭০ লাখ টকাৰ চতুৰ্দশ বিত্তীয় বৰ্ষৰ ধন ৰূপায়নৰ নামত শতকৰা ৩ শতাংশ কৰ্তন নীতি, আৰু ৩ শতাংশ বিজেপি দলৰ দালালৰ বাবে কৰ্তন কৰাৰ নীতিৰে লুন্ঠন ৰাজ চলাই ৰাজহুৱা ধন ভক্ষণ কৰাত লাগিছে ৷বাস্তৱতে,  নিজা পৈত্রিক সম্পতিৰ দৰে ব্যৱহাৰ কৰি ভূলুন্ঠিত কৰি নিজা বৈষয়িক সম্পতিৰ পাহাৰ গঢ়াত লাগিছে ৷

জাতি,মাটি,ভেঁটি ৰক্ষাৰ ফুলজাৰি মাৰি চৰকাৰ গঠন কৰা বিজেপি দল নেতৃত্বাধী চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই পৰিবৰ্তনৰ নামত বিহালীত সদ্য অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বৰগাং জিলা পৰিষদৰ আসনত দুখীয়া দৰিদ্ৰ লোক এগৰাকীৰ বাসগৃহ জ্বলোৱা এজন চূড়ান্ত অপৰাধী ৰঞ্জণ জ্যোতি দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে, তাৰোপৰি, নিজ বিহালী জিলা পৰিষদৰ আসন খন যি গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিছে সেই গৰাকী প্ৰাৰ্থী মনোনয় পত্ৰ প্ৰদান কৰা দিনটোলৈকে  কংগ্ৰেছ দলত আছিল ৷এইয়া হ'ল মন্ত্ৰী দত্তৰ পৰিবৰ্তনৰ নমুনা ৷ 

দৰাচলতে, বিজেপি দলৰ জাতি ধ্বংসী নীতি, মন্ত্ৰী দত্তৰ লুন্ঠনৰাজ, নিবনুৱা সমস্যা সমাধানত ব্যৰ্থ ৰঞ্জিত দত্তৰ দলৰ পৰা টিকট ল'ৱলৈ মানুহ নোলোৱা অৱস্থাত পৰি বিভিন্ন প্ৰলোভন, ভাবুকিৰে বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিৱলগীয়া হৈছে ৷ এক কথাত মন্ত্ৰী ৰঞ্জিত দত্তৰ ভেঁটিত তিতা লাও গজিছে৷ আনহাতে, অলপতে বিহালীৰ বিধায়ক তথা সন্মানীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৰাষ্ট্ৰীয় ৰাজনৈতিক কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাদেৱক সমালোচনা কৰিৱলৈ গৈ ৰিপুন বৰাক ''মানসিক বিকাৰগ্ৰস্ত'' বুলি কৈছে ৷  কাৰণটো হ'ল প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাই মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ উপদেষ্ঠা বাবা ৰামদেৱক বৰলা বুলি মন্তৱ্য ডাঙি ধৰাৰ বাবেই ৰিপুন বৰা মানসিক বিকাৰগ্ৰস্ত বুলি আক্ৰমন কৰা দেখা গৈছে৷  আছলতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা বুলিয়েই নহয় এই বিজেপি দলৰ চৰকাৰে সচাঁ কথা কলেই মানসিকভাৱে অত্যাচাৰ আৰম্ভ কৰে ৷ যিজন নেতা ৰঞ্জিত দত্তই ৰিপুন বৰাক মানসিক বিকাৰগ্ৰস্ত আখ্যা দিছে তেওঁতো এজন চেৰাবলিয়া ব্যক্তি ৷

এইদৰে ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ দূৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰূপক শৰ্মাই অগনন অভিযোগ আনি সংবাদ মেলৰ সামৰণি মাৰে৷