মৰিয়নীঃ অখিল গগৈক জেলত আৱদ্ধ কৰি ৰাজ্যৰ টোলগেটসমূহ মুকলি কৰি জনতাক মাধমাৰ শোধোৱাৰ অভিসন্ধি ৰচিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে মৰিয়নী সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

শুকুৰবাৰে মৰিয়নীত এখন সংবাদমেলৰ আয়োজন কৰি বিধায়কজনে আৰু কয় যে চৰকাৰে যিমানেই ভয়-ভাবুকি আৰু প্ৰলোভন নিদিয়ক কিয় অসমৰ ৰাইজে কোনো কাৰণতে 'কা’ মানি নলয়। বিধায়কজনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভতো সংবাদমেলত একাধিক মন্তব্য কৰাৰ লগতে বান্দৰ আখ্যাও দিয়ে।

'হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ বাবে যিকোনো কামেই কৰিব পাৰে। মানুহজক এটা সময়ত বহুত ভাল বুলি ভাবিছিলো। কিন্তু তেওঁ যে ক্ষমতাৰ বাবে ইমান তললৈ নামিম ভাবিব পৰা নাছিলো। যেতিয়া আচল চৰিত্ৰৰ উমান পালো তেতিয়াই তেওঁৰ সংগ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰো।’- একালৰ কংগ্ৰেছী সতীৰ্থ তথা বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সন্দৰ্ভত এইদৰে কয় বিধায়ক কুৰ্মীয়ে।

বিধায়ক কুৰ্মীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ৯০ শতাংশ বিধায়ক বাংলাদেশী মূলৰ বুলি কোৱা সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ''কা' আন্দোলনক বিভ্ৰান্ত কৰাৰ বাবেই হিমন্তই আবোল-তাবোল বকিছে। আচলতে হিমন্ত বিশ্ব এটা বান্দৰ হয়। সেয়ে এনেদৰে ওভতগোৰে নাচিছে।’-কুৰ্মীৰ মন্তব্য।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যবাসীক আন্দোলন অব্যাহত ৰাখিবলৈ আহ্বান জনাই বিধায়কগৰাকীয়ে অহা ১৩ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া জৰুৰীকালীন বিধানসভাৰ অধিৱেশন সন্দৰ্ভতো মন্তব্য কৰে। উক্ত অধিৱেশনত অসমৰ ১২৬টা সমষ্টিৰ প্ৰকৃত অসমীয়া প্ৰতিজন বিধায়কক আইনখনৰ বিৰোধিতা কৰাৰ লগতে সকলোৰে ক’লা ৰঙৰ পোচাক পৰিধান কৰিবলৈকো আহ্বান জনায় বিধায়ক কুৰ্মীয়ে।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পূৰ্বে বিধানসভাৰ প্ৰৱেশদ্বাৰত ব্লেডেৰে হাত কাটি তেজ উলিয়াই সেই তেজেৰে বিধেয়কৰ বিৰোধিতাৰে শ্ল’গান লিখি শীতকালীন অধিৱেশনত শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল মৰিয়নীৰ এইজন কংগ্ৰেছী বিধায়কে। পৰৱৰ্তী সময়ত উক্ত ব্যতিক্ৰমী প্ৰতিবাদৰ বাবে বিধানসভাৰ অধ্যক্ষৰ ওচৰত ক্ষমা বিচাৰিবলৈকো বাধ্য হয় বিধায়ক কুৰ্মী।