• স্বাধীনতাৰ পিচৰ আটাইতকৈ ডাঙৰ হিংসাত্মক ঘটনা- বিচাৰপতি
  • সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান 
  • আন ৫ গৰাকী অভিযুক্তক ১০ বছৰকৈ কাৰাদণ্ডৰ শাস্তি 
  • ১৯৮৪ৰ হত্যাকাণ্ডৰ বলি হোৱা শিখসকলৰ বাবে আনন্দৰ বাতৰি
  • অহা ৩১ ডিচেম্বৰৰ ভিতৰত সজ্জন কুমাৰক আত্মসমৰ্পন কৰিবলৈ ৰায়টোত কোৱা হৈছে

 

নতুন দিল্লীঃ অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে ১৯৮৪ চনৰ শিখ হত্যাকাণ্ডৰ বিচাৰৰ চূড়ান্ত ৰায়দান কৰিলে৷এই গোচৰৰ প্ৰধান অভিযুক্ত কংগ্ৰেছী নেতা সজ্জন কুমাৰক ন্যায়ালয়ে দোষী সাব্যস্ত কৰে আৰু সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ৷ উল্লেখযোগ্য যে ইয়াৰ আগতে নিম্ন আডালতে সজ্জন কুমাৰক নিৰ্দোষী বুলি মুক্ত কৰিছিল৷

উল্লেখযোগ্য যে ১৯৮৪ চনত দুজন শিখ দেহৰক্ষীয়ে তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীক গুলীয়াই হত্যা কৰাৰ লগে লগে দিল্লী আৰু ইয়াৰ ওচৰৰ বিভিন্ন ঠাইত দলবদ্ধভাৱে শিখসকলক আক্ৰমন কৰা হয়৷ এই শিখ হত্যাকাণ্ডত কেইবাহাজাৰো শিখ সম্প্ৰদায়ৰ লোকৰ মৃত্যু হৈছিল৷সেই সময়তে দিল্লী কেন্ট অঞ্চলৰ শিখ প্ৰধান এলেকা ৰাজপুৰত কেইবা সহস্ৰাধিক লোক সমবেত হৈ শিখসকলক দলবদ্ধভাৱে আক্ৰমন কৰিছিল আৰু সেই আক্ৰমনত একেটা পৰিয়ালৰেই তিনি ভাতৃ নৰেন্দ্ৰ পাল সিং,কুলদীপ পাল সিং আৰু ৰাঘবেন্দ্ৰ পাল সিঙৰ লগতে আন এটা পৰিয়ালৰ গুৰপ্ৰীত সিং আৰু গুৰপ্ৰীতৰ পুত্ৰ কেহৰক অতি নিৰ্মমভাৱে হত্যা কৰা হয়৷ 

দিল্লী পুলিছে এই গোচৰতো ১৯৯৪ চনত বন্ধ কৰিছিল৷ কিন্তু নানাৱতী কমিচনৰ প্ৰতিবেদনৰ ভিত্তিত ২০০৫ চনত পুনৰ এই গোচৰতো মুকলি কৰা হয়৷২০১৩ চনত নিম্ন আডালতে প্ৰাক্তন কংগ্ৰেছ বিধায়ক বলবান খোখৰ, অৱসৰ প্ৰাপ্ত নৌ-সেনা বিষয়া কেপ্তেইন ভাগমল,গিৰিধাৰীলাল আৰু আন দুজনক দোষী সাব্যস্ত কৰে৷কিন্তু উপযুক্ত প্ৰমানৰ অভাৱত কংগ্ৰেচ নেতা সজ্জন কুমাৰক নিৰ্দোষী বুলি মুক্তি দিছিল৷কিন্তু হত্যাকাণ্ডৰ বলি হোৱা লোককেইজলৰ পৰিয়ালে পুনৰ দিল্লী উচ্চ ন্যায়ালয়লৈ উচিত বিচাৰৰ বাবে আৱেদন কৰিলে৷এতিয়া জনা গৈছে যে সজ্জন কুমাৰৰ বিৰুদ্ধে থকা কিছুমান অতি ভয়ঙ্কৰ তথ্য নিম্ন আডালতে দৃষ্টিগোচৰ কৰা নাছল৷উল্লেখযোগ্য যে সজ্জন কুমাৰৰ বিৰুদ্ধে ১৯৮৪ চনৰ শিখ হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত বুলি ৫টা গোচৰ আছিল৷