গুৱাহাটীঃ অসমৰ এটা অন্যতম আঞ্চলিকতাৱাদী ৰাজনৈতিক দল আজি ''অসম সংগ্ৰামী মঞ্চ’’ৰ জু-ৰোড তিনিআলিস্থিত কাৰ্য্যালয়ত প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ পক্ষপাতমূলক আচৰণ সম্পৰ্কে বিভিন্ন দল-সংগঠন আৰু ব্যক্তিৰ সৈতে এটি মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুস্থানত ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু সচেতন নাগৰিকে অংশগ্ৰহন কৰিছিল। উক্ত মত বিনিময় অনুষ্ঠানৰ প্ৰস্তাৱ সমুহ তলত দিয়া হৈছে।

১) প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে "দিল্লী চলৌ" কাৰ্য্যসূচী ৰুপায়ন কৰাৰ সিদ্ধান্ত  গ্ৰহণ  কৰে যাতে লোকসভাৰ শীতকালিন অধিবেশন ত বিধেয়কখন উত্থাপন কৰিব নোৱাৰে ।

২) অসম বিধান সভাৰ বিধায়ক সকলক লগ ধৰি প্ৰস্তাৱিত বিধেয়ক খনৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গ্ৰহণৰ বাবে প্ৰতিজন বিধায়ক, সাংসদক লগ কৰি    দাবী জনাব ।

৩) অসমৰ বিধায়ক সকলক অহা ৯ তাৰিখৰ ভিতৰত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত স্হিতি স্পষ্ট কৰিবলৈ সভাই সময় সীমা বান্ধি দিয়ে ।

৪) এই বিধেয়কখনৰ সন্দৰ্ভত আলোচনা কৰিবৰ বাবে অহা নম্বেম্বৰ মাহৰ দহ তাৰিখে অসমৰ ৰাজনৈতিক অ ৰাজনৈতিক সংগঠন আৰু সমাজ সচেতন ব্যক্তিক সংগঠিত কৰি  এখন দিক নিৰ্ণায়ক সভা গুৱাহাটিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৫) ১৭ নবেম্বৰ তাৰিখে এচাম অসমীয়া বিৰোধী শক্তিয়ে খানাপাৰাত প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সমৰ্থনত অনুষ্ঠিত কৰিব বিচৰা সভাৰ তীব্ৰ বিৰোধীতা কৰি উক্ত দিনাই সেই ঠাইত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উক্ত প্ৰস্তাৱ সমুহ কাৰ্যকৰী কৰিবৰ বাবে আজিৰ সভাই নিম্নউল্লেখিত ব্যক্তিসকলক লৈ এখনি নাগৰিক কমিটি গঠন কৰি দিয়ে । ৰবীন্দ্ৰ কুমাৰ দও,ভাস্কৰ কিৰণ বৰা,দিগন্ত কোৱঁৰ, গুন গগৈ, অজিত কুমাৰ তালুকদাৰ, অমৰজ্যোতি বেজবৰুৱা, মছফিকা বেগম,মাধুৰী বৰা,জিন্তি গগৈ, তিলক মহন, জ্যোতিৰ্ময় ভৰালী,লক্ষণ তেৰং, দীপক দাস,সঞ্জীৱ তালুকদাৰ, আব্দুল ৱাহিদ,অজয় তালুকদাৰ, গৌতম পাঠক, ইউনিচ আলি,শশীন পেগু,অলকজ্যোতি বৰঠাকুৰ ।চৈয়দ মহছিনুৰ ৰহমান, প্ৰাঞ্জল দত্ত ।