ডিজিটেল ডেস্কঃ বলিউডত যিকোনো ছবি মুক্তি লাভ কৰাৰ আগেয়ে ছবিখনৰ নাচ-গান, ট্ৰেইলাৰ-টিজাৰ ইউটিউব যোগে হৈ পৰে জনপ্ৰিয়। কিন্তু এনে এটা টিজাৰ যে দেশে-বিদেশে ভাইৰেল হৈ পৰিব সেয়া নিজ চকুৰে নাচালে বিশ্বাস কৰাটো টান। ঠিক এনেকুৱাই এটা টিজাৰ হৈছে বলিউড জগতত এসময়ত দপদপাই ফুৰা খলনায়ক হিচাপে খ্যাত সঞ্জয় দত্তৰ জীৱনৰ কাহিনীৰ আধাৰত নিৰ্মিত 'সঞ্জু’ নামৰ ছবিখন। মুক্তি পাব অহা ২৯ জুনত৷ 

ইতিমধ্যে এই ছবিখনৰ ১ মিনিট ১৬ ছেকেণ্ডৰ টিজাৰটোৱে ইউটিউবত তোলপাৰ লগাইছে। এতিয়ালৈ ১ কোটি ৩০ লাখ মানুহে চাইছে সেই টিজাৰটো। ভাৰতত ১ নম্বৰত ট্ৰেণ্ডিং হৈ থকা ভিডিঅ’টো আমেৰিকাত ৩ নম্বৰ ট্ৰেণ্ডিঙত আছে।  

সাৱৰিয়া ছবিৰ জৰিয়তে বলিউডলৈ আহি সম্প্ৰতি চিনেমাপ্ৰেমীৰ হিয়াৰ আমঠু হৈ পৰা জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰক দেখা যাব সঞ্জয় দত্তৰ ৰূপত৷ ৰাজ কুমাৰ হিৰাণীৰ দ্বাৰা পৰিচালিত আৰু বিধু বিনোদ চোপ্ৰাৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ টিজাৰ মঙলবাৰে মুক্তি লাভ কৰে৷ 

ছবিখনৰ নাম সঞ্জু। তেওঁক মৰমত সঞ্জু, সঞ্জু বাবা নামেৰে আত্মীয়-স্বজনে আৰু বন্ধু বৰ্গই মাতিছিল৷ সঞ্জয় দত্তৰ জীৱনক লৈ ৰণবীৰ কাপুৰৰ এই হুবহু অৱতাৰে সকলোকে চমক খুৱাইছে। কিয়নো ৰণবীৰ কাপুৰে অনবদ্য অভিনয়েৰে সাইলাখ সঞ্জয় দত্ত হৈ পৰিছে। ভাৱ-ভংগী, কথা-বতৰা, ৰেহ-ৰূপ একেবাৰে সঞ্জয় দত্ত।  
 
সঞ্জয় দত্তৰ ব্যক্তিগত জীৱনৰ কাহিনীৰ লগতে ২২ বছৰে জেলত কটোৱা মুহুৰ্ততবোৰেৰে এখন উপভোগ্য চিনেমাৰ শাৰীলৈ উঠিব বুলি টিজাৰটোৰ পৰা সহজে অনুমেয়৷ তেওঁৰ জীৱনটো যেন সাপ বগোৱা জখলাডালৰ খেলৰ দৰেহে৷ জখলা ডাল বগালেই যেন সাপে খুটিহে দিব৷ ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ কৰি অহা মুহুৰ্তবোৰক ৰণবীৰে কাপুৰে খুব সুন্দৰভাৱে ছবিখনত অভিনয়েৰে প্ৰকাশ কৰিব বুলি দৰ্শকে আশা কৰিছে৷ 

সঞ্জয়েই জেলৰ পৰা ওলাই অহা সময়ৰ পৰা চিনেমাখনৰ টিজাৰ আৰম্ভ কৰা দেখা গৈছে৷ সঞ্জয় দত্তৰ জীৱনৰ আটাইতকৈ কঠিন মুহুৰ্তৰ সময়ছোৱা বুলিব পাৰি এই সময়টোক৷ সেয়ে এই দৃশ্যই প্ৰাধান্য পাইছে টিজাৰটোত।

জীৱনৰ প্ৰথমখন ছবিৰে সঞ্জয়ে দৰ্শকৰ মাজত জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হোৱা ছবিখনেই হৈছিল "ৰকি"৷ তাৰপিছত ড্ৰাঘছৰ নিচাই তেওঁৰ জীৱনলৈ নমাইছিল বিপৰ্যয়। বিপদ আহিলে চাৰিওফালৰ পৰা আহে৷ ঠিক একে দশা সঞ্জয়ৰ হৈছিল৷ ১৯৯৮ চনত মুম্বাইৰ বোমা বিস্ফোৰণৰ লগত জড়িত থকা বুলি সঞ্জয়ক জেললৈ প্ৰেৰণ কৰা হয়৷ 

ছবিখনত সঞ্জয়ৰ মাকৰ চৰিত্ৰত মনিষা কৈৰালা,লগতে বিভিন্ন চৰিত্ৰত অনুস্কা শর্মা, দিয়া মির্জা, পৰেশ ৰাৱাল, ভিকি কৌশল, কৰিশ্মা তান্নাক দেখা যাব৷ উল্লেখ যে ২০০০ চনত বাস্তৱ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰাপ্ত সঞ্জয়ে এখনৰ পিছত আনখন ছবিৰে দৰ্শকৰ মন জয় কৰিছিল৷