চাংসাৰিঃ হাজোৰ মনাহকুছিত এক হৃদয় বিদাৰক ঘটনাত মৃত্যুক সাৱটি ল’বলগীয়া হোৱা পাচলি ব্যৱসায় কৰি নিজৰ পৰিয়ালৰ পোহপাল দিয়া হাজোৰ তেতেলীয়াস্থিত সনাতন ডেকাৰ বাসভৱনত আজি সদৌ অসম উন্নয়ন পৰিষদৰ এটা সজাতী দল উপস্থিত হৈ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কষ্টৰে পৰিয়াল পোহপাল দিয়া খিলঞ্জীয়া এগৰাকী ব্যক্তিক এনেদৰে বৰ্বৰভাৱে হত্যা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

সনাতন ডেকাৰ হত্যাত জড়িত ৫ অভিযুক্তৰ মূল অভিযুক্ত ফাইজুল হকৰ উপৰিও আন এজনক আজি হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ তৎপৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি অন্য পলাতক তিনি অপৰাধীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাই সভাপতিগৰাকীয়ে। মানুহৰূপী দানৱৰ হাতৰ পৰা সনাতন সাৰি নগ’ল বুলি মন্তব্য কৰি এনেকৈ আমি আৰু কিমান সনাতনক হেৰুৱাম বুলিও দুখ প্ৰকাশ কৰে সভাপতি উজীৰে।

সনাতন ডেকাৰ মৃত্যুত পৰিয়ালটোলৈ গভীৰ সংকট নামি আহিছে বুলি উল্লেখ কৰি চৰকাৰক সনাতন ডেকাৰ পৰিয়ালৰ এজনক চৰকাৰী চাকৰি আৰু এককালীন সাহাৰ্য্য প্ৰদান কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই সংগঠনটোৱে। আইনী সুৰুঙাৰে যাতে দোষী সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈকো সংগঠনটোৱে দাবী জনায়।

ইয়াৰ লগতে সনাতন ডেকাৰ পৰিয়ালক আইনী প্ৰক্ৰিয়াৰ বাবে সংগঠনটোৱে সকলো প্ৰকাৰৰ সহযোগিতা প্ৰদান কৰিব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে। আজি সনাতন ডেকাৰ ঘৰত উপস্থিত হোৱা সজাতী দলটোত আছিল সংগঠনটোৰ সাংগঠনিক সম্পাদক জয়ন্ত গগৈ, সাংস্কৃতিক সম্পাদক বৈকুন্ঠ প্ৰিন্স পাঠক আৰু কামৰূপ জিলাৰ সভাপতি পাৰ্থপ্ৰতিম বৰদলৈ।