মুম্বাইঃ পিএমচি আৰু য়েচ বেংক দেউলীয়া হোৱাৰ খবৰে দেশবাসীক উদ্বিগ্ন কৰি ৰখাৰ সময়তে বুধবাৰে ভাৰতীয় ষ্টেট বেংকে গ্ৰাহসকললৈ কঢ়িয়াই আনিছে এক সুখবৰ। এই অনুযায়ী বেংকটোৱে এতিয়াৰে পৰা ছেভিংছ একাউণ্টৰ ক্ষেত্ৰত পূৰ্বে নিৰ্ধাৰণ কৰা বাধ্যতামূলক মিনিমাম বেলেঞ্চ (AMB) প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক প্ৰেছ বিবৃতিযোগে আজি এই কথা সদৰী কৰিছে বেংকটোৱে। 

SBIৰ এই ঘোষণাৰ ফলত সমগ্ৰ দেশতে উপকৃত হ’ব বেংকটোৰ অতি কমেও ৪৪.৫১ কোটি গ্ৰাহক। উল্লেখ্য যে ইয়াৰ পূৰ্বে বেংকটোৱে ছেভিংছ একাউণ্টৰ গ্ৰাহকসকলৰ বাবে মহানগৰ, নগৰ আৰু গ্ৰাম্য অঞ্চলৰ বাবে ক্ৰমে মাহিলি ৩,০০০ টকা, ২০০০ টকা আৰু ১০০০ টকা ন্যুনতম ধন একাউণ্টত জমা ৰখাতো বাধ্যতামূলক কৰিছিল। যিসকল গ্ৰাহকে মিনিমাম বেলেঞ্চ ৰাখিবলৈ সমৰ্থ হোৱা নাছিল সেইসকলৰ পৰা বেংকটোৱে আদায় কৰিছিল কেবাটকাও জৰিমনা।

আনহাতে SBI-এ স্থায়ী আমানত বা ফিক্সড ডিপোজিটৰ সকলো ধৰণৰ ক্ষেত্ৰতেই সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা ১০ ফেব্ৰুৱাৰীতো হ্ৰস্ব আৰু দীৰ্ঘ ম্যাদী ফিক্সড ডিপোজিটৰ সুতৰ হাৰ হ্ৰাস কৰিছিল দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংকটোৱে। 

আজিৰ নতুন সিদ্ধান্ত অনুযায়ী ৭ৰ পৰা ৪৫ দিন পৰ্যন্ত ফিক্সড ডিপোজিটত সুতৰ হাৰ ৪ শতাংশ কৰা হৈছে। ১ৰ পৰা ৫ বছৰ পৰ্যন্ত ফিক্সড ডিপোজিটৰ সুতৰ হাৰ ৬ শতাংশৰ পৰা হ্ৰাস কৰি ৫.৯ লৈ অৱনমিত কৰা হৈছে। আনহাতে ৫ৰ পৰা ১০ বছৰ পৰ্যন্ত ফিক্সড ডিপোজিটৰ ক্ষেত্ৰতো সেয়া ৬ শতাংশৰ পৰা ৫.৯ শতাংশ কৰা হৈছে।