বৰপথাৰঃ দেশ খনক পৰিস্কাৰ কৰি ৰাখিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নানা আঁচনি গ্ৰহণ কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা চলাই আহিছে৷ প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সকলো প্ৰকাৰ লোকৰ লগতে সাংসদ, মন্ত্ৰী, বিধায়ক, আমোলাক স্বচ্ছতা, অনাময় আঁচনিৰ সৈতে জৰিত হ’বলৈ আহ্বান জনাই আহিছে৷ সময় সময়ে সাংসদ, মন্ত্ৰী, বিধায়ক, আমোলাই হাতত ঝাড়ু লৈ ৰাজ পথত ফটো উঠাৰ বাবে পজ দিয়া দেখা যায় যদিও সেয়া ক্ষন্তেকীয়া হৈ ৰয়৷

কিয়নো মন্ত্ৰী, বিধায়ক, আমোলাই ফটো উঠিবৰ বাবে পজ দিয়েই দুনাই পৰিস্কাৰ পৰিচ্ছন্নতাক গুৰুত্ব আৰোপ নকৰে৷ যদিওঁ পৰিষ্কাৰ-পৰিচ্ছন্নতা সু-স্বাস্থ্যৰ মূলমন্ত্র আৰু মানুহক নিৰোগী কৰি ৰাখে৷ পৰিষ্কাৰ পৰিৱেশ সভ্য সমাজৰ বাবে প্ৰয়োজন বাবেই মুকলিত মল মূত্ৰ ত্যাগ নকৰিবৰ বাবে চৰকাৰে অনমায়, স্বচ্ছ ভাৰত অভিযানৰ দৰে আঁচনি ৰূপায়ণ কৰে৷ কিন্তু তেনে আঁচনি সমূহ ৰূপায়ণ কৰাৰ পিছত মন্ত্ৰী, বিধায়ক, আমোলাই আঁচনি সমূহ সফল ভাৱে ৰূপায়ণ হৈছে নে নাই তদাৰক কৰা দেখা নাযায়৷

বিধায়ক তথা মন্ত্ৰী হোৱাৰ পিছত তেওঁলোকৰ গাঁৱৰ দৰিদ্ৰ খাটিখোৱা লোকৰ সৈতে সম্পৰ্ক নোহোৱা হয়৷ সম্পৰ্ক নথকাৰ ফলত সাধাৰণ লোকৰ সমস্যা, আঁচনি ৰূপায়ণ সন্দৰ্ভত অৱগত নহয়৷ সম্প্রতি চাফ-চিকুণতা এখন ৰাজ্য নতুবা এখন দেশৰ সন্মানৰ প্ৰশ্ন হৈ পৰিছে৷ বিশেষকৈ অনাময় বিধি মানি চলিলেহে সুন্দৰ স্বাস্থ্যৰ গৰাকী হ’ব পাৰি বুলি শ্ল’গান দিয়া চৰকাৰৰ বিষয়া-কৰ্মচাৰী, বিধায়কে তদাৰক নকৰাৰ ফলত গোলাঘাট জিলাৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত টেঙানী গাঁও পঞ্চায়তত অনাময় আঁচনিৰ অধিনত শৌচালয় নিৰ্মাণ কৰাৰ নামত ব্যাপত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

পঞ্চায়তটোত দৰিদ্ৰ লোকক জনস্বাস্থ্য কাৰিকৰী বিভাগে শৌচালয় আৱন্টন দিয়াৰ পিছতো শৌচালয় নিৰ্মাণ নকৰাৰ লগতে বহু শৌচালয় মাহৰ পিছত মাহ ধৰি আধৰুৱা হৈ থকাৰ অভিযোগ উত্থাপন হয়৷ টেঙানী গাঁও পঞ্চায়ত ১নং পুৰণা টেঙানী গাঁৱত শৌচালয় নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷

২০১৭ চনৰ আগষ্ট মাহতই নিৰ্মাণৰ কাম আৰম্ভ কৰা শৌচালয় সমূহ আজিলৈ সম্পূৰ্ণ নহ’ল৷ গাঁও খনৰ বহু পৰিয়ালৰ অনাময় আঁচনিৰ শৌচালয় সমূহ সম্পূৰ্ণ হৈ নুঠাত ক্ষোভিত হৈ পৰিছে ৰাইজ৷ চৰকাৰে প্ৰতি ঘৰে ঘৰে শৌচালয় নিৰ্মানৰ কথা কৈ আহিছে যদিও গোলাঘাট জিলাৰ টেঙানী গাঁও পঞ্চায়তৰ বহু লোকৰ শৌচালয় নিৰ্মাণ নকৰা তথা আধৰুৱাকৈ ৰখা কাৰ্যই চিন্তিত কৰিছে সচেতন নাগৰিকক৷