ডিজিটেল ডেস্কঃ পাঞ্জাৱ নেচনেল বেংক কেলেংকাৰীত অভিযুক্ত নীৰৱ মোডীৰ মোমায়েক মেহুল চৌকশীয়ে কৰ্মচাৰীসকলক পত্ৰৰ জৰিয়তে নতুন চাকৰি বিচাৰি লোৱাৰ কথা জনাইছে৷ উদ্যোগপতি তথা গীতাঞ্জলী গ্ৰুপৰ মালিক মেহুল চৌকশীয়ে ব্যক্তিগত উকিল সঞ্জয় অবটৰ দ্বাৰা লিখিত কৰ্মচাৰীসকলৰ নামাংকৃত পত্ৰখন প্ৰচাৰ কৰে৷ 

সেই পত্ৰৰ জৰিয়তে চৌকশীয়ে কৈছে যে, বৰ্তমান সময়ত কৰ্মচাৰীসকলক পাৰিতোষিক দিবৰ বাবে বহুত অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে৷ অনুসন্ধানকাৰী সংস্থাই চৌকশীৰ বেংক একাউণ্টৰ ওপৰত লগোৱা আৰোপৰ পাছতেই কৰ্মচাৰীসকলক দৰমহা দিয়াত সমস্যা আহি পৰিছে বুলি পত্ৰৰ জৰিয়তে জানিবলৈ দিয়ে৷ বৰ্তমান পৰিস্থিতি আঁতৰ হ’লেই কৰ্মচাৰীসকলৰ প্ৰাপ্য ধনসমূহো আদায় দিয়াৰ কথা মেহুল চৌকশীয়ে জনাই৷  

ইয়াৰোপৰি মেহুল চৌকশীয়ে পত্ৰখনৰ জৰিয়তেই অনুসন্ধানকাৰী সংস্থাক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ অনুসন্ধানকাৰী সংস্থাই চৌকশীৰ কোম্পানীৰ ওপৰত মিছায়ে ক্ষোভ আৰু অন্যায়ৰ পৰিৱেশ সৃষ্টি কৰা বুলি পত্ৰখনত উল্লেখ কৰিছে৷ যাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে মেহুলৰ বেপাৰ-বাণিজ্য স্তিমিত হৈ পৰা বুলি জনায়৷ 

অনুসন্ধানকাৰী সংস্থাই নিৰপেক্ষভাৱে বিচাৰ নকৰাৰ অভিযোগ তুলি চৌকশীয়ে পত্ৰৰ জৰিয়তে কয় যে তেওঁ কোনোধৰণৰ ভুল কাম কৰা নাই৷ 'মই যে নিৰ্দোষী এই কথা প্ৰমাণ কৰি দেখুৱাবলৈ মোক এতিয়া অলপ সময়ৰ প্ৰয়োজন৷ মোৰ দৃঢ় বিশ্বাস এদিন মই সকলোৰে আগত সঁচাটোক প্ৰতিপন্ন কৰি দেখুৱামেই৷’ এনেদৰে আত্মবিশ্বাস জাহিৰ কৰে চৌকশীয়ে। উল্লেখ্য যে, ১১,৪০০ কোটি টকাৰ বেংক কেলেংকাৰীত অভিযুক্ত নীৰৱ মোডীৰ সৈতে মেহুল চৌকশী জড়িত থকাৰ কথা পোহৰলৈ আহিছে৷