ডিজিটেল ডেস্কঃ হোৱাটচআপত কেতিয়াবা ভূলতে কাৰোবাক পঠিয়াব লগা মেচেজ আন কাৰোবাক পঠিয়াই দাত-মুখ কামুৰিব লগা অভিজ্ঞতা নিশ্চয় হৈছে।

বিশেষকৈ ফেমিলি হোৱাটচআপ গ্ৰুপত ভূলতে নন-ভেজ জ’কচ পঠিয়াই নাক-কাণ কটাবলগীয়া হোৱা নাইতো।

যদি হৈছে, তেন্তে ৰিলাক্স ফিল কৰক। কিয়নো আপোনাৰ এনে লজ্জাজনক অভিজ্ঞতাৰ প্ৰতি সহৃদয় হোৱাটচআপে প্ৰেৰিত মেচেজ ডিলিট কৰিব পৰা ফিচ্চাৰ অতি সোনকালে হোৱাটচআপত সংযোগ কৰিব।

হোৱাটচ আপৰ টুইটাৰ হেণ্ডেলত এই কথা ইংগিত দিয়া হৈছে। হোৱাটচআপৰ ২.১৭.৩০ সংস্কৰণতেই হয়তো এই সুবিধা উপলব্ধ হ’ব পাৰে বুলি জানিব পৰা গৈছে।