নতুন দিল্লীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ দেশতে বৰ্তমানো অব্যাহত আছে উত্তেজনা। দিল্লীৰ শ্বাহিনবাগ। উচ্চতম ন্যায়ালয়ৰ পৰা মাত্ৰ ১৩-১৪ কিলোমিটাৰ দূৰত্বৰ এই ঠাইখনত বৰ্তমানো আইনখনক লৈ উত্তেজনা শাম কটা নাই। মহিলা, শিশু বৃদ্ধকে আদি কৰি শ্বাহিনবাগৰ সমূহ জনতা ৰাজপথত। তেওঁলোক নিজৰ দাবীত অটল যে এই আইন বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ চলিয়েই থাকিব। শাসকপক্ষয়ো সৰ্বক্ষমতা প্ৰয়োগ কৰি সেই স্থানৰ পৰা তেওঁলোকক বিতাড়িত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ইয়াৰ মাজতে যোৱা ৩০ জানুৱাৰীত শ্বাহিনবাগৰ প্ৰতিবাদকাৰীসকলক হতচকিত কৰি দিল্লী আৰক্ষীৰ চকুৰ সমুখতে গুলীচালনাৰ ঘটনা সংঘটিত কৰে জনৈক গোপাল শৰ্মা নামৰ এজনে৷ দিল্লী আৰক্ষীয়ে গুলীচালনা সংঘটিত কৰাজনক নাবালক বুলি সদৰী কৰি তেওঁৰ বিষয়ে সবিশেষ তথ্য দিয়াৰ পৰা বিৰত থাকে৷ অৱশ্যে কেবাখনো আগশাৰীৰ ৰাষ্ট্ৰীয় কাকতে দিল্লী আৰক্ষীৰ মতৰ বিপৰীতে গুলীচালনা সংঘটিত কৰাজন নাবালক নহয় বুলিও বাতৰি প্ৰকাশ কৰা দেখা গৈছে৷

৩০ জানুৱাৰীৰ উক্ত ঘটনাৰ পিছতে শ্বাহিনবাগত অধিক কটকটীয়া কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা৷ তৎসত্বেও আৰক্ষীৰ কটকটীয়া নিৰাপত্তাবেষ্টনী ভেদ কৰি যোৱা ১ ফেব্ৰুৱাৰীত কপিল গুজ্জৰ নামৰ আন এজন যুৱকে শূন্যলৈ গুলীচালনা কৰে৷ লগে লগে দিল্লী আৰক্ষীয়ে যুৱকজনক কৰায়ত্ত কৰি থানালৈ লৈ যায় আৰু সোধ-পোছ আৰম্ভ কৰে৷

কপিল গুজ্জৰক লৈ ৰাজনীতি

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত থকাৰ সময়তে সংঘটিত হোৱা এই ঘটনাক লৈ গৰম হৈ পৰে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰখনৰ ৰাজনীতি৷ সোধ-পোছৰ অন্তত দিল্লী আৰক্ষীয়ে মঙলবাৰে কপিল গুজ্জৰক আপ দলৰ সদস্য বুলি সদৰী কৰাৰ পিছতে আৰম্ভ হয় আপ আৰু বিজেপিৰ মাজৰ বোকা ছটিওৱা ৰাজনীতি৷ 

২৫ বছৰীয়া কপিলৰ মোবাইল ফোনত পোৱা তথ্যৰ ভিত্তিতে তেওঁক আপৰ সদস্য বুলি চিনাক্ত কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে দিল্লী আৰক্ষীয়ে। আৰক্ষীয়ে এই কথাও জনাই যে কপিলৰ ফোনত আপৰ দলীয় টুপি পৰিধান কৰি আপৰ নেতা সঞ্জয় সিঙৰ সৈতে তোলা আলোকচিত্ৰও আছে। 

দিল্লী আৰক্ষীৰ এই মন্তব্যৰ পিছতে আপৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে বিজেপি৷ উক্ত ফটোখনক আলম হিচাপে লৈ শ্বাহিনবাগৰ প্ৰতিবাদৰ আঁৰত আপ জড়িত থকা বুলিও দাবী কৰা দেখা গৈছে বিজেপিৰ কেবাজনো নেতা-কৰ্মীক৷ 

কি কয় কপিল গুজ্জৰৰ পিতৃয়ে?

দিল্লী আৰক্ষীৰ উক্ত দাবীৰ পিছতে বুধবাৰে এখন সংবাদমেলৰ আয়োজন কৰে কপিলৰ পিতৃয়ে৷ সংবাদমেলত পিতৃ গজে সিঙে দিল্লী আৰক্ষীৰ উক্ত মন্তব্যক সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি দাবী কৰি কয় যে তেওঁলোকৰ পৰিয়ালৰ দূৰ-দূৰণিলৈ আপ দলৰ সৈতে কোনো সম্পৰ্ক নাই৷ 

‘কপিল নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ এজন ভাল অনুৰাগী। এইখন ফটো যোৱা লোকসভা নিৰ্বাচনৰ সময়ৰে। আমাৰ পৰিয়ালৰ আপ দলৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই, তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোতে আমাক তেওঁলোকৰ টুপী পিন্ধাইছিল। সেই সময়তে আমি  ফটো তুলিছিলো।’- গুলী চলোৱা কপিলৰ পিতৃৰ ভাষ্য৷ 

পুত্ৰ কপিলৰ ৰাজনীতিৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰি গজে সিঙে আৰু কয়, 'ৰাজনীতিৰ সৈতে তাৰ কোনো সম্পৰ্ক নাই। কিন্তু শ্বাহিনবাগক লৈ সি ভিতৰি ভিতৰি ক্ষুব্ধ হৈ আছিল। কাৰণ সি কামলৈ যাওতে শ্বাহিনবাগৰ প্ৰতিবাদৰ ফলত ৰাস্তা আৱদ্ধ হৈ থকাত তাৰ সদায়েই চাৰিঘণ্টা পলম হৈছিল।'

প্ৰকৃততে কপিল গুজ্জৰ কাৰ দলৰ?

কপিলৰ পিতৃৰ ভাষ্যৰ পৰা এই কথা স্পষ্ট যে তেওঁ বিজেপি দলৰ প্ৰতি অনুৰক্ত যদিও কোনো দলৰ সদস্য নহয়। যিহেতু দিল্লী বিধানসভা নিৰ্বাচন ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। বিজেপি আৰু আপ  দুয়োটা দলেই তুমুল নিৰ্বাচনী প্ৰচাৰ চলাইছে। আপ দলক কালিমা সানিবৰ বাবেই কপিল গুজ্জৰক এনেদৰে ব্যৱহাৰ কৰা হৈছে বুলি সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত একাংশ লোকে মত পোষণ কৰা দেখা গৈছে।

পিতৃৰ এই ভাষ্য শুনাৰ পিছতে পুনৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱাল। ‘দিল্লীৰ শাসন ব্যৱস্থাৰ  লগতে সমগ্ৰ দেশৰ সুৰক্ষা ব্যৱস্থাক লৈ বিজেপিয়ে লেতেৰা ৰাজনীতি কৰি আহিছে। নিৰ্বাচনৰ দুদিন আগত আমাৰ দলৰ ওপৰত মিছা আৰোপ লগাবৰ বাবেই তেওঁলোকে এই সমগ্ৰ ঘটনাটো পৰিকল্পিত ভাৱে কৰিছে। সত্য লুকাই নাথাকে৷ তেওঁলোকে ঢাকিবলৈ চেষ্টা কৰিলেও সমগ্ৰ ঘটনাৰ সত্যতা ৰাইজৰ দৃষ্টিলৈ আহিছে আৰু আহিবই৷’-কেজৰিৱালৰ ভাষ্য৷

উল্লেখ্য যে আৰম্ভণিৰে পৰা দিল্লী আৰক্ষীৰ দাবীক ভিত্তিহীন বুলি দাবী কৰি আহিছিল কেজৰিৱাল তথা অন্যান্য আপ নেতাসকলে। দিল্লী আৰক্ষীয়ে লাভ কৰা ফটোখনৰ বাবে ভোট গ্ৰহণৰ পূৰ্বে আপ বেকফুটলৈ আহিবলগীয়াত পৰিছিল যদিও কপিলৰ পিতৃৰ মন্তব্যৰ পিছতে পুনৰ বিজেপিক প্ৰতি আক্ৰমণ কৰাৰ সুযোগ লাভ কৰে দলটোৱে।