গুৱাহাটীঃ ১৯৭৮ চনত ‘চলওৱা চাৱন’ নামৰ হিন্দী বোলছবিৰ জৰিয়তে বলিউডৰ জগতত ভৰি থৈ কোটি কোটি দৰ্শকৰ হৃদয় জয় কৰাএকালৰ মোহময়ী অভিনেত্ৰীগৰাকী আৰু নাই৷ সৌন্দৰ্য্য আৰু দুৰন্ত প্ৰতিভাৰ অধিকাৰী অভিনেত্ৰী গৰাকীয়ে ১৯৭৮ চনৰ পৰা অভিনয় আৰম্ভ কৰি কম সময়ৰ ভিতৰতে ভাৰতীয় চিনেমাত কেইবাখনো আগশাৰীৰ বোলছবিত অভিনয় কৰি কেৰিয়াৰ আৰম্ভ কৰিছিল৷

জিতেন্দ্ৰৰ সৈতে হিম্মতৱালাত অভিনেত্ৰীৰূপে অভিনয় কৰি কোটি কোটি দৰ্শকৰ হৃদয় জয় কৰে৷ কম সময়ৰ ভিতৰতে দৰ্শকৰ হৃদয় জয় কৰা অভিনেত্ৰীগৰাকীয়ে ১৯৮৩ চনত মাৱালি, ১৯৮৪ চনত মিষ্টাৰ ইণ্ডিয়া, ১৯৮৭ চনত চান্দনি, জুডাই, নাগিজনাত অভিনয় কৰি দৰ্শকৰ অন্তৰ জয় কৰাৰ লগতে বক্স অফিচত চুপাৰ-ডুপাৰ হিট অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল৷

অনিল কাপুৰৰ সৈতে মিষ্টাৰ ইণ্ডিয়া বোলছবিত হাৱা হাৱাইয়ে, আৰু আই লাভ ইউ শীৰ্ষক গীতত নৃত্য কৰি ব্যাপক চৰ্চালৈ আহিছিল৷ ১৯৮৩ চনত চদমা, ১৯৯১ চনত লমহে আদি ছবিত কৰা অভিনয়ৰে জিলিকি উঠিছিল শ্ৰীদেবী। প্ৰযোজক বনি কাপুৰৰ সৈতে ১৯৯৬ চনত বিবাহ পাশত আৱদ্ধ হৈ দীৰ্ঘ সময় ৰূপালী পৰ্দাত ভূমকি মৰা নাছিল শ্ৰীদেৱীয়ে। তাৰ পিছত ২০১২ চনত পুনৰ অভিনয়ৰ জগতলৈ উভতি আহে৷

সেই বছৰতে তেওঁ বিশেষ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰে৷ দৰ্শকে পুনৰ প্ৰশংসা কৰে শ্ৰীদেৱীৰ অভিনয়ক৷ তাৰ পিছতেই ‘মম’ ছবিত অভিনয় কৰে৷ শ্বাহৰুখ খানৰ সৈতে ‘জিৰ’ ছবিতো বিশেষ চৰিত্ৰত ভুমুকি মাৰে৷ তেওঁ দক্ষিণ ভাৰতৰ বোলছবিৰ লগতে তেলেগু, মালয়ালাম, কানাড়া আদি ভাষাৰ বোলছবিত অভিনয় কৰিছিল৷ তেওঁ ষষ্ঠ ফিল্ম ফেয়াৰ এৱাৰ্ড লাভ কৰিছিল৷

তেঁওৰ অকাল মৃত্যুত গুণগ্ৰাহী শোকত ভাগি পৰে৷ বিশেষকৈ ছচিয়েল মিডিয়াত বহুলোকে শ্ৰীদেৱীক স্মৰণ কৰি শ্ৰদ্ধা যাচে৷ স্মৰ্তব্য যে, হঠাৎ অসুস্থ হৈ মৃত্যুক আকোৱালি লয় অভিনেত্ৰীগৰাকীয়ে৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় ডুবাইত৷ অভিনেতা অনিল কাপুৰৰ খুলশালীৰ বিবাহৰ অনুষ্ঠানত অংশ ল'বলৈ ডুবাইলৈ গৈছিল৷ উক্ত সময়ত কনিষ্ঠ কন্যা আৰু স্বামী বনি কাপুৰ লগত আছিল৷ জ্যেষ্ঠ কন্যা জাহ্নৱী লগত নাছিল৷