নতুন দিল্লীঃ কংসৰ ভয়ত কৃষ্ণ কানহায়াক জন্মৰ পাছতে নন্দলালে এতিয়া আৰু যমুনাৰ পানী ফালি দৈৱকীৰ ঘৰত লুকুৱাবলৈ যাব নালাগে! হয়, দীপাৱলীৰ দুদিন পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যমুনা নদীৰ ওপৰত কেবলৰদ্বাৰা ওলমাই ৰখা অপূৰ্ব সুন্দৰ দলংখন উদ্বোধন কৰে।

ইয়াৰ লগে লগে এই আত্যাধুনিক অসমমাত্ৰিক দলংখন জনতাৰ বাবে মুকলি কৰি দিয়া হয়। ভাৰতৰ প্ৰথমখন এনে দলং পৰ্যটনৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে। ’ছিগনেচাৰ ব্ৰিজ’ নামেৰে নামাকৰণ কৰা দলংখনৰ সুমাজতে থকা স্তম্ভটো কুটুব মিনাৰতকৈ দুগুণ ওখ আৰু ইয়াৰ ১৫৪ মিটাৰ উচ্চতাত একেলগে ৫০ জন মানুহ উঠি বিহংগম দৃষ্টিত দিল্লী চহৰখন চাব পাৰিব। এই আইনাৰ কোঠাটোলৈ পৰ্যটকক চাৰিখন লিফটেৰে কঢ়িয়াই নিব।

ৰাজধানী চহৰখনৰ উত্তৰ-পূবৰ ৱাজিৰাবাদত অৱস্থিত ৫৭৫ মিটাৰ দীঘল দলংখন আঠ পটিযুক্ত আৰু ঠায়ে ঠায়ে ছেলফি ল’ব পৰা আৰু পক্ষী নিৰীক্ষণ কৰিব পৰা ব্যৱস্থা আছে।  

১৯৯৭ চনত এই ঠাইতে যমুনাৰ ওপৰত থকা এখন ঠেক দলংৰপৰা এখন স্কুল বাছ নদীত পৰি ২২ টি শিশু নিহত হোৱাৰ পাছতে সেই ঠাইত এখন দলং নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছিল। ২০০৮ চনৰপৰা ইয়াৰ এপ্ৰ’চ ৰ’ডৰ কাম আৰম্ভ হয় যদিও মূল দলঙৰ কাম এতিয়াহে আৰম্ভ কৰা হৈছিল।