গুৱাহাটীঃ হিন্দু বাংলাদেশী সংস্থাপন, এন আৰ চি উন্নীতকৰণ, বৃহৎ নদীবান্ধ নিৰ্মাণ সন্দৰ্ভত সুবিধাজনক স্থিতিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বাংলাভাষী লোকে আক্ৰমণ কৰি ছহিদ বেদী ভাঙি পেলেৱাৰ লগতে কাৰ্যালয়ৰ আচবাব, মটৰচাইকেল ভাঙি চুৰমাৰ কৰে।

সোমবাৰে ধেমাজি জিলাৰ চিলাপথাৰত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমিতিয়ে এথন জনসভাৰ আয়োজন কৰিছিল। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান, হিন্দু বাংলাদেশীক ক্ষমতা প্ৰদান, ডি ভোটাৰ বাতিলকৰণ, বিদেশীৰ নামত হিন্দু বাঙালীৰ ওপৰত অত্যাচাৰ বন্ধ কৰা, ডিটেনশ্যন কেম্পত আৱদ্ধ হিন্দু বাঙালীক বিনাচৰ্তে মুক্তি দিয়াকে আদি কৰি একাধিক দাবীৰ সমৰ্থনত অনুষ্ঠিত বিশাল জনসভাৰ অন্তত সংগঠনটোৱে এটি সমদল উলিয়ায়। সমদল কৰি গৈ থাকোতে চিলাপথাৰ চ'ক বজাৰত থকা চিলাপথাৰ আছুৰ কাৰ্যালয় পাৰ হৈ কাষতে একাংশ সমদলকাৰীয়ে আছুৰ কাৰ্যালয়টোলৈ শিলগুটি নিক্ষেপ কৰে।

সমদলকাৰীয়ে অসমীয়া বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইমানতে ক্ষান্ত নাথাকি সমদলকাৰীয়ে আছুৰ কাৰ্যালয়ত প্ৰৱেশ কৰি আচবাব লণ্ড-ভণ্ড কৰাই নহয় মটৰচাইকেলো ভাঙি পেলায়। আন একাংশ সমদলকাৰীয়ে আছুৰ কাৰ্যালয়ৰ ওচৰতে থকা ছহিদ বেদীতো ভাঙি পেলায়।

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি কন্দুৱা গেছ ব্যৱহাৰ কৰে। সমদলকাৰী দলটো ইমানেই উগ্ৰ হৈ পৰিছিল যে আছুৰ নেতা কৰ্মী তথা চ'ক বজাৰৰ অন্যান্য লোকে দূৰত অৱস্থান গ্ৰহণ কৰি সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰে। স্থানীয় জনসাধাৰণে সমদৰকাৰীক বাধা প্ৰদান কৰিবলৈ সাহস গোটাব নোৱাৰিলে।

এনে এক অনাকাংক্ষিত ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে।

পলাশ চাংমাই, সাধাৰণ সম্পাদক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদঃ এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছো।পূৰ্বতকৈও দুষ্ট চক্ৰ অধিক সক্ৰিয় হৈ পৰিছে। এনে দুষ্ট চক্ৰই ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে গা কৰি উঠিছে। বাঙালী সম্প্ৰদায়ৰ কিছু প্ৰতিনিধিয়ে এমাহমান পূৰ্বে দিল্লীত হিন্দু বাংলাদেশী সংস্থাপনৰ দাবীত ধৰ্ণাত বহিছিল। তাত আমি দেখিছিলো ধৰ্ণাৰ পৃষ্ঠপোষক বিজেপি দলৰ বিধায়ক। ইয়াৰ পৰা প্ৰমাণ হয় যে এই শক্তিৰ পৃষ্ঠপোষক শাসানাধিষ্ঠিত বিজেপি দল। বিজেপিয়ে অসম বিৰোধী দল সংগঠনক পৃষ্ঠপোষকতা কৰিছে। যাৰ ফলত তেওলোকে এইবোৰ কৰিবলৈ সাহস পাইছে। আজি পৃথিৱী কপোৱা আন্দোলন কৰা আছুৰ কাৰ্যালয় আক্ৰমণ কৰিবলৈ তেওলোকে সাহস কত পালে? মন্ত্ৰী,বিধায়ক আৰক্ষী সকলোৰে বাঙালী প্ৰীতি আছে বাবেই এই আচৰণ দেখুৱাইছে। ঘটনাৰ লগত জড়িতক গেপ্তাৰ কৰি শাস্তি বিহিব লাগে আৰু বঙালী সংগঠনটোৱে অসমৰ ৰাইজক ক্ষমা বিচাৰি লাগে।

ৰিপুণ বৰা, সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিঃ  প্ৰথমে এই ঘটনাক তীব্ৰ গৰিহণা দিছো। এই ঘটনাৰ বাবে আৰক্ষী প্ৰশাসনেই জগৰীয়া। এনে পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি আৰক্ষীৰ হাতত আগতীয়া খবৰ থাকিব লাগিছিল। প্ৰশাসনে আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিব লাগিছিল। এইখন চৰকাৰৰ প্ৰশাসনৰ ওপৰত গাইড নাই। প্ৰশাসনক লৈ চৰকাৰৰ কোনো নীতি নাই, স্পষ্ট নিৰ্দেশনা নাই। যাৰ ফলত এনে ঘটনা ঘটিবলৈ পালে। ইয়াৰ বাবে গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়েই দায়ী।

জিণ্টী গগৈ, ৰাজ্যিক সমন্বয়ক, আম আদমী পাৰ্টিঃ যুগ যুগ ধৰি অসমত বসবাস কৰা বঙালীসকলে নিজকে অসমীয়া বুলি ভাবেনে সেয়া স্পষ্ট কৰাটো বিছাৰো। বিদেশীৰ কোনো জাতি-ধৰ্ম নাই। পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে নিজে বঙালী হৈও বিজেপিয়ে হিন্দু বাংলাদেশীক আদৰিব লোৱা কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰিছে। গতিকে অসমত যুগ যুগ ধৰি বসবাস কৰা বঙালীভাষী সকলে নিজৰ স্থিতি স্পষ্ট কৰাৰ সময় এয়া। আছুৱে ৰহস্যজনক স্থিতি লৈছে নাগৰিকত্ব সংশোধনী বিধায়ক সন্দৰ্ভত। আমি জানো সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জল ভট্টাচাৰ্য্যৰ সম্পৰ্ক ভাল। তেওলোকৰ ব্যক্তিগত মধুৰ সম্পৰ্কই ৰাজ্যখনৰ বাবে নেতিবাচক ক্ৰিয়া কৰিলে সময়ে এজনেকো ক্ষমা নকৰিব। দুয়োজনে শীঘ্ৰে স্থিতি স্পষ্ট কৰা ভাল।

ৰঞ্জন চুতীয়া, সাধৰণ সম্পাদক, ধেমাজি জিলা ছাত্ৰ সন্থাঃ ছহিদৰ স্মৃতিত নিৰ্মিত ছহিদ বেদী ভাঙি ৮৫৫ গৰাকী ছহিদক অপমান কৰিছে। এইটো অসমীয়া জাতিৰ বাবে অপমান। ইয়াৰ উচিত তদন্ত হ'ব লাগিব। ঘটনাৰ লগত জড়িত সমলক অতি শীঘ্ৰে আটক কৰিব লাগিব। এই ঘটনা অন্য ঠাইলৈ বিয়পি যোৱাৰ আশংকা আছে। প্ৰশাসনক সকীয়াই দিছো যাতে আমাক শান্তি ভংগ কৰিবলৈ বাধ্য নকৰে।

আজিজুল ৰহমান, সাধৰণ সম্পাদক, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদঃ ঘটনাক আমি গৰিহণা দিছো। জাতীয় সংগঠন এটাৰ কাৰ্যালয়ত আক্ৰমণ কৰাটো আৰু জাতীয় ছহিদৰ স্মৃতি বিজড়িত ছহিদ বেদী ভঙাটো কেতিয়াও সহ্য নকৰো। অসমীয়া এক হৈ অসম বিৰোধীৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবৰ হ'ল। ঘটনাৰ লগত জড়িতক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান নকৰিলে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ বহি নাথাকে।

ৰুদ্ৰ ভূঞা, সাধৰণ সম্পাদক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ধেমাজিঃ হিন্দু বাংলাদেশীক সংস্থাপন দি অসমত থলুৱা জাতি জনগোষ্ঠীৰ অস্তিত্ব নোহোৱা কৰিবলৈ যোৱা আৰু অপ্ৰয়োজনীয় ভাষাক বাধ্যতামূলক কৰি অসমীয়া ভাষাক বিলুপ্ত কৰিব খোজাৰ ফলস্বৰূপে আজি চিলাপথাৰ কাণ্ড সংঘটিত হয়। এনে ঘটনাক আমি গৰিহণা দিছো। দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ ব্যৱস্থা কৰিব লাগে।

লোহিত গগৈ, সভাপতি, টাই আহোম যুৱ পৰিষদঃ  ধেমাজি জিলাৰ চিলাপথাৰত বাংলাভাষী সংগঠনে আছুৰ কাৰ্যালয় আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছো। বাঙালী সংগঠনটোক অসমৰ মাটিত ভৱিষ্যতে এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ আমি সকীয়াই দিছো। 

জ্যোতিপ্ৰসাদ চুতীয়া, সভাপতি, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাঃ আজি ধেমাজিত আছু কৰ্মীৰ ওপৰত এচাম বাংলাভাষী লোকে চলোৱা আক্ৰমণক আমি কঠোৰ ভাষাৰে গৰিহণা দিছো। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই এনে ঘটনা কোনো কাৰণতে সহ্য নকৰে৷ অসমত অসমীয়াৰ অস্তিত্ব নাইকিয়া কৰিব খোজা অশুভ শক্তিক বিনাশ কৰিবই লাগিব।