মৰিগাঁওঃ বিশ্ব কপোৱা অসম আন্দোলন কৰা বৃহৎ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আক্ৰমণ কৰি আচবাব ভাঙি পেলোৱাৰ লগতে শ্বহিদ বেদী ভাঙিবলৈ সাহস কৰা সংগঠনৰ নেতৃত্বৰ অসমৰ বায়ু-পানীৰ সৈতে সম্পৰ্ক আছেনে? আছুৰ কাৰ্যালয়ত সোমবাৰে বাঙালী লোকে আক্ৰমণ চলাই শ্বহীদ বেদী লণ্ড-ভণ্ড কৰাৰ লগতে অসমীয়াৰ আৱেগ চেনেহৰ গামোছা ভৰিৰে মোহাৰিয়েই ক্ষান্ত নাথাকি অসম-অসমীয়া বিৰোধী শ্লোগানেৰে উত্তাল কৰি তুলিছিল ধেমাজিৰ চিলাপথাৰ নগৰ৷

হিন্দু বাঙালীক সুৰক্ষা প্ৰদান, ডি ভোটাৰ বাতিলকৰণ, হিন্দু বাঙালীক সংস্থাপন দিয়া আদিৰ দাবীত এখন ৰাজহুৱা সভা সোমবাৰে ধেমাজি চিলাপথাৰত নিখিল ভাৰত বঙালী উদ্ধাস্ত সমন্বয় সমিতিৰ উদ্যোগত অনু্ষ্ঠিত হৈছিল৷ ৰাজহুৱা সভাৰ পিছত কেইবাশ লোকে এক প্ৰতিবাদী সমদল উলিয়ায়৷  সমদলৰ মাজতে সমদলকাৰীয়ে চিলাপথাৰ আছুৰ কাৰ্যালয়ত সংঘটিত কৰে আক্ৰমণ।

প্ৰশ্ন হ'ল চিলাপথাৰ ৰাজহুৱা সভাৰ নেতৃত্ব কোনে লৈছিল? কাৰ নিৰ্দেশত কৰা হৈছিল আক্ৰমণৰ পৰিকল্পনা? অভিযোগ উঠা মতে আৰ এছ এছৰ সৈতে সু-সম্পৰ্ক থকা ড. সুবোধ বিশ্বাসে চিলাপথাৰ ৰাজহুৱা সভাৰ পৰিকল্পনা কৰিছিল ৷ ভাৰতৰ হিন্দু বাঙালীসকলক একত্ৰিত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ অহৰহ কাম কৰি থকা সুবোধ বিশ্বাস কলকাতাৰ স্থায়ী বাসিন্দা যদিও যোৱা কিছু বছৰৰ পৰা মহাৰাষ্ট্ৰৰ নাগপুৰত থাকিবলৈ লৈছিল৷

অসমত হিন্দু বাংলাদেশীক সংস্থাপনৰ বিষয়টো উত্থাপন হোৱাৰ দিন ধৰি নাগপুৰৰ পৰা অসমলৈ সঘন আহ-যাহ আৰম্ভ হৈছিল নেতাজনৰ৷ প্ৰাপ্ত বাতৰি মতে, অসমৰ হিন্দু বাঙালীসকলৰ পৰা হিন্দু বাংলাদেশী সংস্থাপনৰ ক্ষেত্ৰত সমৰ্থন লাভৰ বাবে একত্ৰিত কৰাৰ লক্ষ্যেৰে তথা নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে জনমত গঢ়াৰ উদ্দেশ্যে কাম কৰি আহিছে সুবোধ বিশ্বাসে৷

ইয়াৰ মাজতে সোমবাৰে চিলাপথাৰ আছুুৰ কাৰ্যালয়ত আক্ৰমণ কৰা ঘটনাই বহু চিন্তাৰ উদ্ৰেক ঘটাইছে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধাচৰণ কৰা দল, সংগঠনৰ কাৰ্যালয় তথা নেতা-কৰ্মীক সু-পৰিকল্পিতভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে নেকি বুলিও বহুতৰ মনত প্ৰশ্ন উত্থাপিত হৈছে।

কিয়নো, নিখিল ভাৰত বঙালী উদাস্ত সমন্বয় সমিতিৰ এইগৰাকী ৰাষ্ট্ৰীয় সভাপতিয়ে কেৱল চিলাপথাৰেই নহয়, মৰিগাঁও জিলাৰ বাঙালী সম্প্ৰদায়ৰ লোকসকলকো একত্ৰিত কৰি উত্তেজিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ মৰিগাঁও জিলাৰ বিভিন্ন  বাঙালী সম্প্ৰদায়ৰ অনুষ্ঠান-প্ৰতিষ্ঠান তথা নেতা-কৰ্মীৰে যোগাযোগ অব্যাহত ৰাখি গোপনে চলাই গৈছে প্ৰচাৰ৷ এই অনুযায়ী আৱেগিক ভাষণেৰে অসমৰ বঙালী লোকক একত্ৰিত কৰা নেতাজনে মৰিগাঁও জিলাৰ মায়ঙৰ পূব কুসুমপুৰত ১০ মাৰ্চত আয়োজন কৰিছে বিশাল গণ সমাবেশ৷

পূব কুসুমপুৰ দূৰ্গা মন্দিৰ প্ৰাংগণত আয়োজন কৰা  এই গণ সমাৱেশত প্ৰায় চল্লিশ হাজাৰ বঙালী লোকক একত্ৰিত কৰি শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে৷ মায়ঙৰ সমাবেশত কলকাতা, দিল্লী আৰু নাগপুৰৰ কেইবাগৰাকী বঙালী সম্প্ৰদায়ৰ লোকক আমন্ত্ৰণ জনোৱা হৈছে৷

চিলাপথাৰৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ পৰাৰ লগতে মায়ংবাসীয়েও আজি উপায়ুক্তক এক আবেদন যোগে সুবোধ বিশ্বাসৰ পৃষ্ঠপোষকতাত আয়োজন কৰা গণ সমাবেশ বাতিল কৰিবলৈ অনুৰোধ জনাইছে৷ উল্লেখ্য যে সমাৱেশখনৰ বাবে চিলাপথাৰত বৰ্বৰ কাণ্ড সংঘটিত কৰা সংগঠনটোৱে ৰভা-মঞ্চ সকলো সম্পূৰ্ণ কৰি তোলাৰ লগতে ৰাইজৰ পৰা দান-বৰঙনিও সংগ্ৰহ কৰিছিল৷

ইফালে মায়ঙত অসম আৰু অসমীয়া বিৰোধী সংগঠনটোৱে এনে সভাৰ আয়োজন চলোৱাৰ বিষয়ে জানিব পাৰি গৰজি উঠিছে জিলাখনৰ বিভিন্ন দল-সংগঠন। জিলাখনত কোনো কাৰণতে এনে অসম বিৰোধী সংগঠনৰ সভা অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলি আজি স্পষ্ট কৰি দিয়ে মৰিগাঁও জিলা ছাত্ৰ সন্থা, কলিতা জনগোষ্ঠী সন্মিলন, কলিতা সাহিত্য সভাকে আদি কৰি কেবাটাও সংগঠনৰ নেতৃবৃন্দই।