গুৱাহাটীঃ চিলাপথাৰ কাণ্ডক লৈ মঙলবাৰে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদেৰ উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য। অসমৰ জাতীয় জীৱনৰ সৈতে আবেগিকভাৱে জড়িত হৈ থকা সংগঠনটোৰ ওপৰত চলা কালিৰ আক্ৰমণৰ বিৰুদ্ধে ছ’ছিয়েল মিডিয়াতো সৰৱ হৈ পৰে প্ৰতিজন অসমীয়া। ঘটনাটোক প্ৰবাসী বহু অসমীয়াসকলেও একমুখে ধিক্কাৰ জনাইছে৷ 

  • ♦ হিমন্ত বিশ্ব শৰ্মাৰ চৰম মিথ্যাচাৰ 
  • ♦ বিজেপিৰে সম্পৰ্ক নাই বুলি কোৱা সুবোধ বিশ্বাসৰ দলৰ শীৰ্ষ নেতৃত্বৰে মিতিৰালি
  • ♦ ৯ জনক কৰায়ত্ত, সুবোধ বিশ্বাসক ৱাণ্টেড পাৰ্ছন ঘোষণা আৰক্ষীৰ
  • ♦ মুখ্য সচিব পিপাৰছেনিয়াক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি একাধিক জাতীয় সংগঠনে কালি সংঘটিত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় প্ৰতিখন চহৰ আৰু প্ৰধান অঞ্চলতে আজি ৰূপায়ণ কৰে একাধিক প্ৰতিবাদী কাৰ্যসূচী। ঠায়ে ঠায়ে সন্ধিয়া জোঁৰ সমদলো উলিয়াই প্ৰতিবাদকাৰীসকলে। 

চৰাইদেউ জিলাৰ সোণাৰিত আছুৱে পালন কৰে ক’লা দিৱস৷ জিলাখনত অজ্ঞাত দুৰ্বৃত্তই বাংলা ভাষী লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰাৰো বাতৰি পোৱা গৈছে। একেদৰে কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়াতো পুৱাৰ ভাগত আছুৰ প্ৰতিবাদকাৰী দলে চহৰখনৰ বাংলাভাষী লোকসকলৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়ে। 

ইফালে আছুকে ধৰি ১৯টা সংগঠনে আজিৰে পৰা আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চিলাপথাৰ বন্ধৰ প্ৰভাৱ আজি চহৰখনত সৰ্বাত্মক হোৱা পৰিলক্ষিত হয়। ঘটনাত জড়িত মুখ্য  অপৰাধীক গ্ৰেপ্তাৰৰ দাবীত এই আহ্বান জনাইছিল সংগঠনকেইটাই৷ বন্ধৰ মাজতে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি অসমীয়া বিৰোধী চক্ৰই কালি সংঘটিত কৰা ঘটনাৰ প্ৰতিবাদ জনায়।

বিয়লিৰ ভাগত গুৱাহাটীৰ উজান বজাৰস্থিত আছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত সংগঠনটোৰ শীৰ্ষ নেতৃত্বই পৰিস্থিতি সন্দৰ্ভত কেবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰে আলোচনাত মিলিত হয়। এই আলোচনা কালতে আছুৰ সভাপতি দীপাংক নাথে চৰকাৰৰ বিদেশী প্ৰীতিৰ বাবেই বহিৰাগতই খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ সুযোগ পালে বুলি মন্তব্য কৰে। মূল অপৰাধীক শাস্তি দিবই লাগিব বুলিও স্পষ্ট দাবী জনায় জাতীয় সংগঠনটোৰ সভাপতিজনে। 

আনহাতে ১৩ মাৰ্চত জিলা সদৰসমূহত সত্যাগ্ৰহ কাৰ্যসুচী পালন কৰিব বুলি জনাইছে আছুৰ শীৰ্ষ নেতৃত্বই ৷ আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে চিলাপথাৰৰ ঘটনাৰ বাবে প্ৰত্যক্ষভাৱে দায়ী কৰিছে ৰাজ্য চৰকাৰক৷ চৰকাৰৰ সাম্প্ৰদায়িক মনোভাৱৰ বাবেই খিলঞ্জীয়াৰ ওপৰত বহিৰাগতই এনেদৰে প্ৰভূত্ব চলাবলৈ সমৰ্থ হোৱা বুলি মত পোষণ কৰে সম্পাদকগৰাকীয়ে৷ ১৭ মাৰ্চত গুৱাহাটীত বিভিন্ন দল সংগঠন একত্ৰিত হ’ব বুলিও জানিবলৈ দিয়ে আছু নেতাজনে৷  

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰয়োজন সাপেক্ষে হাতত পুনৰ বন্দুক তুলি ল’বলৈ সাজু বুলি মত প্ৰকাশ কৰিছে আলোচনাপন্থী আলফা অনুপ চেতিয়াই৷

উল্লেখ্য যে কেইমাহমান পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত হিন্দু বাংলাদেশীয়ে অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব বুলি বিস্ফোৰক মন্তব্য কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আজি  সেই একেজন মন্ত্ৰীয়ে চৰম মিথ্যাচাৰেৰে সাংবাদিকৰ আগত কয়  যে নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ  নেতা সুবোধ বিশ্বাসৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই৷

প্ৰভাৱশালী মন্ত্ৰীজনে অসম আৰু অসমীয়া বিৰোধী সুবোধ বিশ্বাসৰ বিজেপিৰে কোনো সম্পৰ্ক নাই বুলি কোৱাৰ সময়তে ৰাজ্যবাসীৰ সমুখত স্পষ্ট হৈ পৰে যে দীৰ্ঘদিন ধৰি নেতাজনে গেৰুৱা দলটোৰ সৈতে মিতিৰালি কৰি আহিছে। নিউজ নেক্সট ৱানৰ হাততো আহি পৰিছে নেতাজনৰ বিজেপি আৰু আৰ এছ এছৰ সৈতে থকা সু-সম্পৰ্কৰ একাধিক প্ৰমাণ। কেৱল সিমানেই নহয় বিজেপিৰে কোনো সম্পৰ্ক নাই বুলি কোৱা বিশ্বাসৰ ফেচবুক প্ৰফাইলৰ টাইমলাইন ভৰি আছে শাসনাধিষ্ঠিত দলটোৰ একাধিক নেতাৰ সৈতে একেলগে উঠা ফটোৰে। ইমাৱৰ পিছতো মন্ত্ৰীজনে কেনেকৈ গোকাট মিছা কথা এষাৰ ক'ব পাৰিলে তাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে ঘটনাটোক লৈ ক্ষোভিত হৈ থকা অসমবাসীয়ে।

সমগ্ৰ ৰাজ্যৰ লগতে মঙলবাৰে চিলপথাৰ কাণ্ডক লৈ বিধানসভাও উত্তপ্ত হৈ পৰে। বিৰোধীয়ে জাতীয় সংগঠনৰ কাৰ্যালয়ত বহিৰাগতই কাৰ সাহসত এনেদৰে আক্ৰমণ সংঘটিত কৰিবলৈ সমৰ্থ হ'ল বুলিও প্ৰশ্ন কৰে চৰকাৰক। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলালক ঘটনাৰ উচিত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে যদিও চৰকাৰৰ পদক্ষেপক লৈ এই পৰ্যন্ত আশ্বস্ত হ'ব পৰা নাই ৰাজ্যবাসী। 

ইফালে পুৱাৰ ভাগত ধেমাজি আৰক্ষীয়ে আছুৱে দাখিল কৰা এজাহাৰৰ ভিত্তিত ২১ জন আক্ৰমণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ৯জনক কৰায়ত্ত কৰে। সন্ধিয়াৰ ভাগত কালিৰ ঘটনাটোৰ মূল নায়ক তথা নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ সৰ্বভাৰতীয় সভাপতি ড. সুবোধ বিশ্বাসক 'ৱাণ্টেড পাৰ্ছন' ঘোষণা কৰে অসম আৰক্ষীয়ে।